Logo
image

বিশ্ব বেংকৰ প্ৰতিবেদনত অসমৰ কৃষিৰ ছবি

অসম কৃষি, বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্প বা চমুকৈ ‘এপাৰ্ট’ৰ অধীনত হোৱা কামৰ অগ্ৰগতিৰ আধাৰত বিশ্ব বেংকে অতি চমু এখন প্ৰতিবেদন প্ৰকাশ কৰিছে৷ কেইজনমান উদ্যমী মহিলাৰ সফলতাৰ কথাৰে প্ৰকাশিত এই প্ৰতিবেদনখনে মনলৈ এনে এক সদৰ্থক বাৰ্তা কঢ়িয়াই আনে, যিটোৰ সত্যতা এক পলকৰ বাবে হ’লেও অবিশ্বাস্য যেন লাগে৷ তেনে এক সফলতাৰ তথ্যানুসৰি মহিলাৰ দ্বাৰা গঠিত এটা ‘ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পেনী লিমিটেড’ৰ সদস্যৰ আয়ৰ পৰিমাণ দুই-তিনিগুণপৰ্যন্ত বৃদ্ধি পাইছে৷ বজাৰৰ চাহিদা অনুসৰি আলু উৎপাদন কৰি বহুজাতিক নিগমৰ হাতত বিক্ৰী কৰি সদস্যসকলে প্ৰায় ২০ লাখ টকা লাভ অৰ্জন কৰিবলৈ সক্ষম হয়৷ এসময়ত ক্ষুদ্ৰ কৃষক হিচাপে কাম কৰি থকা এওঁলোকে এতিয়া নতুন ব্যৱস্থাপনাৰ অধীনত নিজকে কৃষি উদ্যোক্তা বুলি অনুভৱ কৰে৷ অসমত মহিলা উদ্যোক্তাৰ সংখ্যা এতিয়াও আঙুলিৰ মূৰত গণিব পৰা অৱস্থাতেই আছে৷ আকৌ, পৰম্পৰাগতভাৱে গ্ৰামাঞ্চলৰ একাংশ মহিলা কৃষিকৰ্মৰ লগত জড়িত হৈ আছে যদিও তেওঁলোকৰ কাম-কাজক লৈ ক’তো বিশেষ চৰ্চা-আলোচনা হোৱা দেখা নাযায়৷ বিশ্ব বেংকৰ প্ৰতিবেদনখনত ট্ৰেক্টৰ চলোৱা মহিলাৰ কথা উল্লেখ কৰা হৈছে৷ এইটো নিঃসন্দেহে এক তাৎপৰ্যপূৰ্ণ কথা৷ হয়তো প্ৰায় দুটা দশক ধৰি বিশ্ব বেংকে অৰ্থসাহায্যৰে ৰূপায়ণ কৰি থকা কৃষিখণ্ডৰ আঁচনিয়ে এইধৰণৰ অপৰম্পৰাগত কামলৈ অগ্ৰসৰ হোৱাত অসমৰ মহিলাসকলকো অনুপ্ৰাণিত কৰিছে৷ ১৯৯৫ চনৰ অসম গ্ৰাম্য আন্তঃগাঁথনি আৰু কৃষি সেৱা প্ৰকল্প, ২০০৫ চনৰ অসম কৃষি প্ৰতিযোগিতামূলক প্ৰকল্প আৰু শেহতীয়া ২০১৭ চনৰ ‘এপাৰ্ট’ৰ জৰিয়তে কেইবা নিযুত ডলাৰ ব্যয়সাপেক্ষ কৰ্মআঁচনিৰ দ্বাৰা অসমৰ কৃষি আৰু আনুষংগিক খণ্ডত লাখ লাখ ক্ষুদ্ৰ আৰু মজলীয়া কৃষকক আয়-উপাৰ্জন বৃদ্ধিৰ সুযোগ দিয়া হয় বুলি প্ৰতিবেদনখনত উনুকিওৱা হৈছে৷ কোৱা হৈছে যে এই প্ৰকল্পসমূহৰ সৈতে জড়িত হৈ অসমৰ এই ক্ষুদ্ৰ তথা মজলীয়া কৃষকসকলে নিজৰ লগতে পৰিয়াললৈও আৰ্থিক ৰূপান্তৰ আনিবলৈ সক্ষম হৈছে৷ শেহতীয়া প্ৰকল্পটোৱে প্ৰায় ১২৫টা গোটক সামৰি লৈছে, য’ত বৃহৎসংখ্যক মহিলাও অন্তৰ্ভুক্ত হৈছে৷ কৃষিকৰ্মৰ উপৰি উদ্যান শস্য, মৎস্য পালন, পাট-মুগা হস্ততাঁত শিল্পত জড়িত ইচ্ছুকসকলে গাইপতি এহাজাৰ টকা আদায় দি এই গোটৰ সদস্য হৈ বিশ্ব বেংকৰ অধীনত কাৰিকৰী তথা বিত্তীয় সাহায্য পাবলৈ সক্ষম হৈছে৷ এইখনেই যদি অসমৰ গ্ৰামীণ যুৱক-যুৱতীৰ সামগ্ৰিক ছবি হ’লহেঁতেন, তেন্তে অতি উত্তম কথা হ’লহেঁতেন৷ কিন্তু, বাস্তৱত অনেক নিৰাশাজনক ছবিহে দেখিবলৈ পোৱা যায়৷ তাৰে এখন ছবি হৈছে বন্ধন বেংককে আদি কৰি বিভিন্ন চৰকাৰী আঁচনিৰ অধীনত ধন ধাৰলৈ লৈ নানা অনুৎপাদনশীল কামত তেনে ধন ব্যয় কৰা আৰু উপায়হীন হৈ শেষত দুৰ্ভোগ ভোগ কৰা৷ অসমৰ গাঁৱলৈ কেৱল বিশ্ব বেংকৰ সাহায্যৰ হাতেই অহা নাই, আহিছে অনেক প্ৰলোভন৷ ম’বাইল ফোনৰ কৃপাত অনলাইন বজাৰৰ বেহুত সোমাই পৰিছে গ্ৰামীণ মহিলাসকল, যিয়েই চৰকাৰী কৃপাত পোৱা সাহায্যৰ ধনৰ শৰাধ কৰিছে৷ অজ্ঞ তা আৰু সজাগতাৰ অভাৱেই বৃহৎসংখ্যক যুৱতী-মহিলাক সঠিক পথত খোজ দিয়াত বাধা জন্মাইছে৷ এওঁলোকে চৰকাৰে দিয়া সা-সুবিধা গ্ৰহণ কৰিয়েই সন্তুষ্ট হৈছে৷ চৰকাৰী সাহায্য বন্ধ হৈ গ’লে ভৱিষ্যতে কিদৰে চলিব, সেইবোৰ কথা ভাবি মূৰ গৰম কৰা নাই৷ আজি বিশ্ব বেংকৰ প্ৰতিবেদনত যিসকল অসমীয়া মহিলাৰ সফলতাৰ কথা সন্নিবিষ্ট হৈছে, সেইবোৰ কথা অসমৰ আন গাঁৱৰ যুৱতী-মহিলাৰ কাণত পৰা নাই৷ পঞ্চাছ বছৰীয়া জনৈক মহিলাই যিয়ে নিজৰ সৰু পুখুৰীটোত মাছৰ পোনা পুহি সময়ত মাছ বিক্ৰী কৰি পৰিয়ালৰ উপাৰ্জন বঢ়াইছিল, এতিয়াৰ ‘এপাৰ্ট’ৰ অধীনস্থ গোটৰ সদস্য হৈ উপযুক্ত প্ৰশিক্ষণ লৈ এতিয়া নিজেই মাছৰ পোনা উৎপাদন কৰি পূৰ্বতকৈ অধিক ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছে৷ কোনোৱেবা পিঠা-লাড়ু-চিৰা-মুড়িৰ পেকেট বনাই ছুপাৰ মাৰ্কেটলৈ পঠিয়াই উপাৰ্জন বঢ়াইছে৷ গাঁৱতেই সম্পদ আছে, উৎপাদন কৌশলো তেওঁলোকে পৰম্পৰাগতভাৱেই জানেই৷ মাথোন উপযুক্ত কাৰিকৰীজ্ঞান, বিত্তীয় পৰামৰ্শ-সাহায্যৰ অলপ স্পৰ্শ পালেই এওঁলোক উজলি উঠিব পাৰে৷ বিশ্ব বেংকৰ প্ৰকল্পই সকলোকে সামৰিব পৰা নাই৷ এইক্ষেত্ৰত স্থানীয় বিধায়ক, সংশ্লিষ্ট চৰকাৰী বিষয়া (ক্ষেত্ৰভিত্তিক), আৰু বেচৰকাৰী অনুষ্ঠানসমূহে উপযুক্ত ভূমিকা ল’ব লাগে আৰু ২০২৪ বৰ্ষৰ আন্তৰ্জাতিক নাৰী বৰ্ষৰ যি মূল বিষয়, ‘অন্তৰ্ভুক্তিকৰণক অনুপ্ৰাণিত কৰোঁ আহক’, সেই লক্ষ্যৰে অসমৰ যুৱতী-মহিলাক সঠিক পথৰ সন্ধান দিয়া উচিত৷