Logo
image

গণতন্ত্ৰত ধনৰ পয়োভৰ

নিৰ্বাচন আয়োগে দেশৰ সাধাৰণ নিৰ্বাচনৰ বাবে ভোট গ্ৰহণৰ দিন ঘোষণাৰ উপৰি অধিসূচনা জাৰি কৰাৰ লগে লগে সমগ্ৰ দেশজুৰি আনুষ্ঠানিকভাৱে নিৰ্বাচনৰ সময়ত বিভিন্ন দল-সংগঠন, বিষয়া-কৰ্মচাৰীয়ে মানি চলিব লগা নীতি-নিৰ্দেশনাসমূহ মানি চলাটো বাধ্যতামূলক হৈ পৰিল৷ বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰখনত ৯০ কোটিৰো অধিক লোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি দেশ তথা দেশৰ মানুহৰ হকে কাম কৰা ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলক নিৰ্বাচিত কৰাৰ সুযোগ লাভ কৰিব৷ উল্লেখ্য ভোটাৰসকলে লোকসভা, বিধানসভা নিৰ্বাচনৰ পৰা পঞ্চায়ত, নিকায়সমূহৰ নিৰ্বাচনলৈকে বিভিন্ন ভাৱধাৰাৰ দ্বাৰা অনুপ্ৰাণিত হৈ ভোট দান কৰে৷ দলৰ ৰাজনৈতিক আদৰ্শ, দলে নিৰ্বাচন কৰা প্ৰাৰ্থীৰ যোগ্যতা, ধৰ্মীয় মেৰুকৰণ, জাত-পাত-সম্প্ৰদায় আদি বিভিন্ন বিষয়ৰ ওপৰত ভিত্তি কৰি বৰ্তমান সময়ত প্ৰাৰ্থীক টিকট দিয়াটো নিৰূপণ কৰা হয়৷ যদিওবা ৰাজনৈতিক দলসমূহে নিজৰ দলৰ পৰা যোগ্য ব্যক্তিজনকে প্ৰাৰ্থিত্ব দিয়া হৈছে বুলি সদম্ভে ঘোষণা কৰে কিন্তু এইক্ষেত্ৰত দলৰহে বা দলীয় নেতৃত্বৰহে সম্পূৰ্ণ কতৃৰ্ত্ব থাকে, ইয়াত ভোটদান কৰি জয়যুক্ত কৰা ভোটাৰসকলৰ কোনো ভূমিকা নাথাকে৷ ফলত দলে ভাল পোৱা অৰ্থাৎ দলে টিকট দিয়া ব্যক্তিসকলকহে ভোটাৰসকলে ভোট দি গণতন্ত্ৰ ৰক্ষাৰ দায়িত্বটো পালন কৰিবলৈ বাধ্য কৰায়৷ এই নিয়ম যুগ যুগ ধৰি চলি আহিছে আৰু দলে একেৰাহে প্ৰাৰ্থিত্ব দিয়া ব্যক্তিয়ে বাৰম্বাৰ শোচনীয় প্ৰদৰ্শন কৰাৰ পিছতো পৰৱৰ্তী নিৰ্বাচনৰ টিকট পাবলৈ সক্ষম হৈ আহিছে৷ ইফালে দুৰ্নীতি, অনিয়ম, কেলেংকাৰি আদিৰ বিৰুদ্ধে শাসকীয় দলৰ পৰা বিৰোধী দল, শাসকীয় দলৰ সহযোগী দল সকলোৱে সৰৱ হয় যদিও এয়া নিয়ন্ত্ৰণ হোৱাটো বাদেই; বৰঞ্চ নতুন নতুন ৰূপেৰে, নতুন পদ্ধতিৰে দুৰ্নীতি-অনিয়মৰ প্ৰকোপ বহু বৃদ্ধিহে পাইছে৷ শেহতীয়াকৈ দেশৰ সৰ্বোচ্ছ ন্যায়ালয়ে দিয়া কঠোৰ নিৰ্দেশৰ পাছত ভাৰতীয় ষ্টেট বেংকে প্ৰদান কৰা তথ্যৰ আধাৰত নিৰ্বাচনী বণ্ডৰ নামত চলি থকা দুৰ্নীতি-অনিয়মৰ প্ৰকৃত প্ৰতিচ্ছবিখন উন্মোচিত হৈছে৷ নিৰ্বাচনী বণ্ডৰ যোগেদি দেশৰ ৰাজনৈতিক দলসমূহে বিভিন্ন উদ্যোগ, প্ৰতিষ্ঠানৰ পৰা হাজাৰ হাজাৰ কোটি টকা লাভ কৰি দলৰ ৰাজকোষ টনকিয়াল কৰাটো কিমান নীতিসংগত সেই প্ৰশ্ন ভোটাৰ ৰাইজৰ মাজত উত্থাপিত হোৱাটো স্বাভাৱিক৷ এছবিআইৰ তথ্যই প্ৰমাণ কৰিলে যে বিজেপি দলে বিগত পাঁচ বছৰত ৬০৬০ কোটি টকা লাভ কৰিছে৷ নিৰ্বাচনী বণ্ডৰ যোগেদি বিজেপিয়ে মুঠ ৫০ শতাংশ লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ দলে লাভ কৰিছে ১১ শতাংশ৷ দেশৰ প্ৰায়বোৰ ৰাজনৈতিক দলে কম-বেছি পৰিমাণে বণ্ডৰ যোগেদি ধন লাভ কৰিছে৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ৰাজনৈতিক দলসমূহে দেশৰ উদ্যোগ-প্ৰতিষ্ঠান, পুঁজিপতি, উদ্যোগপতি আদিৰ পৰা ধন লাভ কৰাৰ ব্যৱস্থাটো দেশত নিৰ্বাচনী পৰম্পৰা আৰম্ভ হোৱাৰে পৰা চলি আহিছে৷ বিভিন্ন উদ্যোগপতি, পুঁজিপতি, ধনবান লোকে নিজৰ ব্যৱসায়িক কাম-কাজ সুচাৰুৰূপে চলাৰ বাবে ইচ্ছাকৃতভাৱেই দল, ৰাজনৈতিক ব্যক্তিক অনুদান দিয়ে৷ বহুতে নিজৰ কু-কাৰ্য ঢকাৰ লগতে নীতিবৰ্হিভূতভাৱে ব্যৱসায়ৰ সাম্ৰাজ্যখন প্ৰসাৰিত কৰাৰ স্বাৰ্থতো শাসকীয় দল, বিৰোধী দলক ধন, উপঢৌকনৰ যোগেদি সন্তুষ্ট কৰি ৰাখিবলৈ চেষ্টা কৰে৷ দেশক অধিকাংশ সময় শাসন কৰা কংগ্ৰেছৰ আমোলতো এনে ধৰণৰ কাম-কাজক লৈ বহুবাৰ বিতৰ্কৰ সূচনা হৈছিল৷ কিন্তু এইবাৰ এক নতুন ৰূপত নিৰ্বাচনী বণ্ডৰ যোগেদি সংঘটিত হোৱা কিছুমান উদ্যোগ-প্ৰতিষ্ঠানৰ নেপথ্যৰ কাহিনীবোৰ পোহৰলৈ আহিছে যি বিজেপিয়ে কোৱা ‘না খাওংগা, না খানে দুংগা’ অৰ্থাৎ নিজেও নাখাও আৰু আনকো খাবলৈ নিদিও উক্তিৰ বিপৰীত প্ৰতিচ্ছবিখনহে প্ৰতিফলিত কৰিছে৷ বণ্ডৰ ক্ৰয় কৰা ১৪টা উদ্যোগ, সংস্থাৰ বিৰুদ্ধে ইডি, চিবিআই, আয়কৰ বিভাগৰ অভিযান চলাৰ পাছত সেই প্ৰতিষ্ঠানবোৰ ধোৱা তুলসীৰ পাত হৈ পৰিল৷ সৰ্বাধিক পৰিমাণৰ বণ্ড ক্ৰয় কৰি ধন দিয়া ফিউচাৰ গেনিং এণ্ড হোটেল ছাৰ্ভিচেছ নামৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে ২০১৯১ এপ্ৰিলৰ পৰা ২০২৪ চনৰ জানুৱাৰী মাহলৈকে ইডিৰ অভিযান চলিছিল৷ দেশৰ গৃহ মন্ত্ৰালয়ে মাৰ্টিনৰ মালিকীস্বত্বত থকা প্ৰতিষ্ঠানটোৱে আঠটা লটাৰীত প্ৰৱঞ্চনা, অনিয়ম চলাই আহিছে বুলি সকীয়াই দিয়াৰ পাছতো প্ৰতিষ্ঠানটোৱে মুঠ ১৩৬৮ কোটি টকাৰ বণ্ড ক্ৰয় কৰাটোৱে কি সূচালে, তাক ব্যাখ্যাৰ প্ৰয়োজন নাই৷ মেঘা ইঞ্জিনিয়াৰিং, হালদিয়া এনাৰ্জী, ডি এল এফ, জিণ্ডাল ষ্টীল, ৰেড্ডি লেবৰেটৰী আদি বহু প্ৰতিষ্ঠানৰ বিৰুদ্ধে ইডি, চিবিআইৰ অভিযান নিৰন্তৰ চলি থকাৰ পাছত নিৰ্বাচনী বণ্ড ক্ৰয় কৰি প্ৰতিষ্ঠানসমূহ দোষমুক্ত হ’ব পাৰেনে? প্ৰণিধানযোগ্য এনে বহু প্ৰতিষ্ঠানে বিজেপি শাসিত ৰাজ্যৰ লগতে চিকিম, তামিলনাডু, কেৰালা, তেলেংগানা আদিতো বিভিন্ন পদ্ধতিৰে নিজৰ ব্যৱসায়িক সাম্ৰাজ্য প্ৰসাৰিত কৰিছিল৷ দেশৰ সৰ্বোচ্ছ ন্যায়ালয়ৰ সৱল ভূমিকাৰ বাবে এতিয়া নেপথ্যৰ বহু কথাই পোহৰলৈ আহিছে৷ এই তথ্যসমূহে প্ৰমাণ কৰিছে গণতন্ত্ৰক ধনতন্ত্ৰলৈ কিদৰে পৰ্যবসিত কৰাৰ কৌশল ৰচা হৈছে৷ ভোটাৰ হৈ পৰিছে কেৱল নীৰৱ দৰ্শক৷