Logo
image

ম’বাইলৰ মহিমা

নিৰ্বাচন সমাগত৷ আজিৰ সময়ত সামাজিক মাধ্যমে ৰাজনৈতিক ক্ষেত্ৰখনত গুৰুত্বপূৰ্ণ ভূমিকা লয়৷ কেৱল নিৰ্বাচনেই নহয়, সমাজখনক এতিয়া সামাজিক মাধ্যমেহে প্ৰতিফলিত কৰে বুলি ক’লেও ভুল কোৱা নহ’ব৷ সমাজৰ বহুসংখ্যক ব্যক্তিয়েই হাতত থকা ম’বাইলটোৰ সহায়ত জ্ঞাতে-অজ্ঞাতে দিনটোৰ বহু সময় সামাজিক মাধ্যমক দিয়ে৷ কেৱল সামাজিক মাধ্যমটো ব্যৱহাৰৰ বাবেই নহয়, হাতত থকা ম’বাইলটো দিনটোৰ বিভিন্ন কামত বাৰে প্ৰতি ব্যৱহাৰ হয়৷ কিছুদিনৰ আগলৈকে ম’বাইলটো কথা পতাৰ বাদেও যে বেলেগ কামত ব্যৱহাৰ কৰিব পাৰি মানুহে হয়টো ভাবিবই পৰা নাছিল! মানুহে হয়টো ভাবিবই পৰা নাছিল যে হাতত এক টকাও নথকাকৈ কেৱল ম’বাইলটোৰ সহায়ত মোনা ভৰাই বজাৰ কৰি আহিব পাৰিব, পেট ভৰাই হোটেল-ৰেস্তোঁৰাত খাব পাৰিব, গাড়ীত তেল ভৰাব পাৰিব; ঘৰতে থাকি কেৱল ম’বাইল টিপিয়েই ইলেক্ট্ৰিচিটি, ফোন, জীৱন বীমা, চিনেমাৰ টিকত, আৰ ডি, এফ ডি কে আদি কৰি সকলো বেংক লেনদেন কৰিব পাৰিব, ম’বাইলটোৰ সহায়তে পাচলিৰ পৰা আৰম্ভ কৰি সকলো প্ৰয়োজনীয় বস্তু কিনিব পাৰিব; ম’বাইলটোৰ সহায়তে ছ’চিয়েল মিডিয়াৰ এখন বিশাল সাম্ৰাজ্যত প্ৰৱেশ কৰি বিশ্বৰ চুকে কোণে থকা লোকৰ লগত সম্পৰ্ক স্থাপন কৰিব পাৰিব ! মুঠতে সমগ্ৰ বিশ্ব যে এতিয়া হাতৰ মুঠিত আৰু প্ৰতিটো কামেই যে কেৱল আঙুলিৰ নিৰ্দেশত কৰিব পৰা যাব কিছুদিনৰ আগলৈকে হয়টো কোনেও ভাবিবই পৰা নাছিল৷ মাত্ৰ কেইবছৰমানৰ ভিতৰতে ডিজিটেল ইণ্ডিয়াই ম’বাইলটোৰ ধাৰণাই সলনি কৰি দিলে৷ ম’বাইলটোক কথা পতাতকৈ ডাটাৰ ক্ষেত্ৰত যে বেছি ব্যৱহাৰ কৰিব পাৰি সেই কথাৰ লগত আমি প্ৰত্যেকজন ব্যক্তিয়েই অভ্যস্ত হৈ পৰিলোঁ৷ বিশেষকৈ অৰ্থনীতিৰ ক্ষেত্ৰত ইয়াৰ ব্যৱহাৰ ব্যাপক৷ বছৰ বছৰ ধৰি ভাৰতীয় অৰ্থনীতিত নগদ ধনে বিশেষ স্থান অধিকাৰ কৰি আহিছিল৷ সমীক্ষা অনুসৰি দুইবছৰমান আগলৈকে দেশৰ প্ৰায় ৭৫ শতাংশ লেনদেন নগদ ব্যৱস্থাৰে হৈছিল৷ এই বৃহৎ শতাংশ নগদ লেনদেনৰ সুবিধা লৈয়েই দেশত এক সমান্তৰাল অৰ্থনীতিয়ে গা কৰি উঠিছিল৷ সন্দেহ কৰা অনুসৰি ভাৰতৰ সমান্তৰাল অৰ্থনীতিত অৰিহণা যোগোৱা ধনসমূহৰ গৰিষ্ঠ সংখ্যকেই নগদ লেনদেনৰ যোগেদি হয় ৷ কৰ ফাঁকি বা অনান্য অসৎ উপায়েৰে সংগ্ৰহ কৰা ধনসমূহ বেংক একাউণ্টৰ মাধ্যমেৰে লেনদেন নহ’লে আয়কৰ বিভাগৰ চকুত পৰাৰো উপায় নাই৷ তদুপৰি দেশজুৰি বিয়পি থকা কলাধনৰ বৃহৎ চক্ৰটো উৎখাত কৰিবলৈ দেশৰ নগদ ধন নিৰ্ভৰশীল অৰ্থনীতিক নগদবিহীন অৰ্থনীতি বা ডিজিটেল অৰ্থনীতিলৈ ৰূপান্তৰ কৰাতো অতিকৈ জৰুৰী হৈ পৰিছিল৷ সেয়েহে বিমুদ্ৰাকৰণৰ পাছত নগদবিহীন লেনদেন বা ডিজিটেল লেনদেনৰ বাবে চৰকাৰে সৰ্বতোপ্ৰকাৰে চেষ্টা চলাবলৈ আৰম্ভ কৰিছিল৷ দেশত ডিজিটেল লেনদেনক আদৰি লোৱাৰ পূৰ্বে সকলোৱে ইয়াৰ লগত জড়িত আশংকা আৰু উপযোগিতাক নানাভাৱে সমালোচনা কৰিছিল৷ যিখন দেশত ৬৬ শতাংশ লোক গাঁৱত বাস কৰে, যিসকলৰ অধিকাংশই খেতি-বাতি, দিন হাজিৰা বা সৰু-সুৰা ব্যৱসায়ৰ লগত জড়িত সেইসকল লোক ডিজিটেল অৰ্থনীতিৰ বাবে কিমান প্ৰস্তুত ? তদুপৰি ছাইবাৰ নিৰাপত্তাৰ ক্ষেত্ৰটো দেশবাসী সমূলি নিৰাপদ নহয়৷ কিন্তু দেশৰ মানব সম্পদ উন্নয়ন মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কেডেটসকলৰ জড়িয়তে বিত্তীয় সাক্ষৰতা অভিযানৰ যি পাতনি মেলিলে সিয়ে দেশখনক নগদবিহীন অৰ্থনীতিৰ দিশে ভবাতকৈ বহু সোনকালে আগুৱাই লৈ গ’ল৷ ছাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰত ভাৰত অতি শক্তিশালী হৈ পৰিল৷ গাঁৱে-ভূঞে, চহৰে-নগৰে সকলোতে সহজলভ্য আৰু বিনামূলীয়া ইণ্টাৰনেট সেৱাৰ প্ৰৱৰ্তনে বিষয়টো আৰু সহজ কৰি পেলালে৷ সাধাৰণ চহা কৃষক এজনেও বা গাঁৱৰ সৰু ঘুমটি খনেও ডিজিটেল মাধ্যমৰ যোগেদি টকাৰ লেনদেন কৰিব পৰা হ’ল৷ ইউ পি আইৰ ব্যৱহাৰ অতি সুৰক্ষিত আৰু সুনিশ্চিত হৈ পৰিল৷ কম দিনৰ ভিতৰতে ডিজিটেল ইণ্ডিয়াই ভাৰতক সমৃদ্ধিৰ দিশত খৰটকীয়াকৈ আগবঢ়াই লৈ গ’ল ৷ মুঠতে ডিজিটেল অৰ্থনীতিয়েই হওক বা সামাজিক মাধ্যমেই হওক, হাতত থকা ম’বাইলটোৰ মহিমাই সকলো সম্ভৱ কৰি তুলিলে ৷