Logo
image

১.৫ কোটি টকা পাৰিশ্ৰমিক লৈয়ো সাধাৰণ জীৱন-যাপন

দেশৰ শীৰ্ষস্থানত থকা গায়কজন কোন জানেনে? যাৰ লাইফষ্টাইল শুনিলে আপুনি চমকি যাব! তেৱেই হ’ল দেশৰ শীৰ্ষ স্থানত থকা নেপথ্য গায়ক অৰিজিৎ সিং৷ যি এঘণ্টাৰ কনচাৰ্টৰ কাৰণে পাৰিশ্ৰমিক লয় ডেৰ কোটি টকা৷ যাৰ গানে প্ৰতি দিব লাগে দহ লাখ টকা পাৰিশ্ৰমিক৷ তেওঁ মুঠ সম্পত্তিৰ প্ৰৰিমান ৫৫ কোটি টকা৷ বাৰ্ষিক আয় ৬ কোটি টকা৷

দেশৰ আটাইতকৈ ধনী গায়ক অৰিজিৎ সিঙৰ ব্যক্তিগত জীৱনটো বহু উত্থান-পতনেৰে ভৰা৷ তেওঁ সাফল্য লাভ কৰিছে বহু পলমকৈ৷ তেওঁৰ গান বলীউডত চুপাৰহিট হ’লেও সফলতা লাভ কৰা নাছিল৷ ৬৫৫টা গীত গায় অৰিজিৎ হৈ পৰিছে বলীউডৰ শ্ৰেষ্ঠ গায়ক৷ অৰিজিতৰ প্ৰথমে বিবাহ বেছিদিন নিটিকিল৷ প্ৰথমা পত্নীৰ সৈতে বিবাহ বিচ্ছেদৰ পাছত শৈশৱৰ বান্ধবীকে জীৱন সংগী কৰি লয় পাঞ্জাৱী গায়কজনে৷ দেখা যায় পেশাগত জীৱনৰ লগতে ব্যক্তিগত জীৱনতো প্ৰায়ে লাইম-লাইটত থাকে অৰিজিৎ৷

দেশৰ অতি জনপ্ৰিয় তথা ধনাঢ্য গায়ক হ’লেও তেওঁ সৰল জীৱন-যাপন কৰি ভাল পায়৷ যাৰ বাবে সপোনপুৰীৰ বিলাসী ঘৰ এৰি সঘনে ঢাপলি মেলে মুৰ্চিদাবাদৰ আপোন ঘৰখনলৈ৷ বিলাসী গাড়ী এৰি স্কুটী চলাই অঞ্চলটোৰ ঘূৰি ফুৰে৷ আনকি স্কুললৈ সন্তানকো নিজে নিয়ে৷ মাৰ্ডাৰ ছবিৰ ‘ফিৰ মহব্বত’ শীৰ্ষক গীতটো গায় নিশাটোৰ ভিতৰতে বিখ্যাত হৈ পৰিছিল অৰিজিৎ৷ ‘আশিকী-২’ ছবিত ‘তুম হি হ্যে’ গানৰ দ্বাৰা তেওঁ দৰ্শক শ্ৰোতাৰ যথেষ্ট মৰম বুতলিবলৈ সক্ষম হয়৷ 

তথ্য অনুসৰি ২০২০ চনত তেওঁৰ সম্পত্তিৰ পৰিমাণ আছিল ৫২ কোটি টকা৷ ইণ্ডিয়ান আইডলৰ যোগেদি কোটি কোটি শ্ৰোতা-দৰ্শকৰ নায়কৰ মনি হৈ পৰিছিল অৰিজিৎ ৯টা ভাষাত ৬৫৫টা গীত গায় তেওঁ দেশৰ জনপ্ৰিয় গায়কৰ মুকুট পিন্ধিবলৈ সক্ষম হয়৷ মুৰ্ছিদাবাদত গায়কজনৰ নিজা ঘৰ-বাৰী আছে৷ এটা সৰু ঘৰ৷ ঘৰৰ চৌহদত এটা সৰু গেৰেজ আৰু এখন গাড়ী পাৰ্ক কৰা থাকে৷ দূৰ দূৰণিৰ পৰা উক্ত অনুৰাগী আহি তেওঁৰ লাইফষ্টাইল দেখি হতভম্ব হৈ পৰে৷ মুৰ্ছিদাবাদৰ জিয়াগপুৰৰ সন্তান তেওঁ৷ তেওঁ পিতৃ-মাতৃৰ লগতে থাকে৷ মুম্বাইতো তেওঁৰ চাৰিটা ফ্লেট আছে৷ যাৰ মূল্য ৯ কোটি টকা৷ জিয়াগঞ্জত উন্নত চিকিৎসালয় এখন গঢ়াৰ সপোন আছে অৰিজিতৰ৷ অতিমাৰীৰ সময়ত তেওঁ বহুতকে সহায়ৰ হাত আগবঢ়াইছিল৷ গায়কজনে তেওঁৰ উপাৰ্জনৰ সিংহভাগ হাস্পতাল, দুঃস্থ শিশুৰ হাৰ্টৰ চিকিৎসালয়, সংগীতৰ স্কুল নিৰ্মাণত খৰছ কৰি আহিছে৷ 

সহজ-সৰল অৰিজিৎ সিং এক আবেগৰ নাম৷ তেওঁৰ মধুভৰা কণ্ঠৰ মায়াত অছন্ন সমগ্ৰ দেশ৷ তেওঁৰ সুৰৰ যাদুত সকলো মতলীয়া৷ চিনেমাৰ পৰ্দাতে হওক বা মঞ্চতে হওক তেওঁ গান গালে মচগুল হৈ পৰে অনুৰাগী৷ মাত্ৰ খানেই বা গায়ক হিচাপেই নহয়, অৰিজিৎ সিঙৰ ব্যক্তিত্বই সকলোকে আপ্লুত কৰে৷ ল’ৰাৰ পৰা বুঢ়ালৈকে, কিশোৰীৰ পৰা বৃদ্ধালৈকে বিভিন্ন প্ৰজন্মক সুৰৰ মায়াৰে আছন্ন কৰি ৰাখিছে অৰিজিতে৷ প্ৰচাৰৰ ধামখুমীয়া বা গ্লেমাৰ জগতৰ চাকচিক্যৰ পৰা শত যোজন দূৰৈত থকা অৰিজিতৰ গান বুলিলেই আজি দেশজুৰি উছাহৰ ধল বয়৷