Logo
image

আম্বানিৰ চিৰিয়াখানালৈ অবৈধভাৱে হাতী প্ৰেৰণ, সহযোগ স্বয়ং অসমৰ বন বিষয়াৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৩ মাৰ্চ: গুজৰাটৰ জামনগৰত বিশ্বৰ অন্যতম ধনকুবেৰ মুকেশ আম্বানিৰ পুত্ৰ অনন্ত আম্বানিয়ে স্থাপন কৰা গ্ৰীন্‌ছ জুল’জিকেল ৰেছকিঅ’ এণ্ড দ্যা ৰিহিবিলিটেশ্বন কিংডম চিৰিয়াখানালৈ অসমৰ পৰা এবছৰতে কিদৰে বিশ্ব প্ৰসিদ্ধ গঁড়কে ধৰি ৬৬টা বন্য জীৱ-জন্তু সৰবৰাহ কৰা হ’ল, সেই সন্দৰ্ভত ইতিমধ্যে ‘আমাক অসম’ত সবিস্তাৰে প্ৰকাশ পাইছে৷ আনকি আম্বানিৰ চিৰিয়াখানাত অসম চৰকাৰৰ পশু চিকিৎসকে দিন-ৰাতি একাকাৰ কৰি সেৱা আগবঢ়োৱাৰ লগতে অসমৰ শীৰ্ষ বন বিষয়াই জামনগৰ ভ্ৰমণ কৰি  উত্তৰ পূৰ্বৰ পৰা বন্য জন্তু সৰবৰাহৰ দিহা পৰামৰ্শ দিয়াৰো অভিযোগ উঠিছে৷ অৱশ্যে এইবাৰ আম্বানিৰ চিৰিয়াখানাৰ স্বাৰ্থত আম্বানিৰ চিৰিয়াখানালৈ অসম চৰকাৰৰ বন বিষয়াই  বন্যপ্ৰাণী সুৰক্ষা আইন উলংঘন কৰি হাতী সৰবৰাহৰ অনুমতি দিয়াৰ আন এক বিস্ফোৰক তথ্য পোহৰলৈ আহিছে৷ অনন্ত আম্বানিয়ে গ্ৰীন্‌ছ চিৰিয়াখানাৰ সমান্তৰালভাৱে ৰাধা কৃষ্ণ মন্দিৰ হাতী কল্যাণ ন্যাস গঠন কৰিছে৷ এই ন্যাসৰ অধীনত জামনগৰত দেশৰ ভিন্ন প্ৰান্তৰৰ পৰা প্ৰায় ২০০ টা হাতী সৰবৰাহ কৰিছে৷ চুবুৰীয়া অৰুণাচলৰ ১০৯ টা ঘৰচীয়া হাতীৰ ভিতৰত ৯১ টা হাতী আম্বানি চিৰিয়াখানালৈ লৈ যোৱা হৈছে৷ আশ্বৰ্যজনক বিষয়টো হৈছে চাৰ্কাছৰ আঘাতপ্ৰাপ্ত আৰু অসুস্থ হাতীক শুশ্ৰূষা কৰাৰ বাবেই ৰাধা কৃষ্ণ হাতী কল্যাণ ন্যাসে পুনৰ সংস্থাপন কেন্দ্ৰ  স্থাপন কৰিলেও কেন্দ্ৰত থকা আধাতকৈ বেছি হাতীয়েই হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ৷ বিশেষকৈ অসম, অৰুণাচল আৰু ত্ৰিপুৰাৰ পৰা বিগত সময়ছোৱাত কিদৰে ট্ৰাকে ট্ৰাকে বৃহৎ কনভয়ৰ মাজেৰে ৩০০০ কিলোমিটাৰ দূৰত্বৰ জামনগৰলৈ  হাতী সৰবৰাহ কৰা হৈছে সেয়া চকুৰ সন্মুখতে দেখিছে অসমবাসীয়ে৷ কিয়নো আম্বানিৰ চিৰিয়াখানালৈ হাতী সৰবৰাহক কেন্দ্ৰ কৰি ৰাইজে বিভিন্ন স্থানত ট্ৰাক আৱদ্ধ কৰি প্ৰতিবাদ কৰা ঘটনাও সংঘটিত হৈছে৷ স্বাভাৱিকতেই এতিয়া প্ৰশ্ন উঠিছে অসুস্থ হাতীক যদি পুনৰ সংস্থাপনৰ প্ৰয়োজন তেনেহ’লে অৰুণাচলৰ গাতে লাগি থকা অসমৰ বোকাখাতৰ উন্নতমানৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰলৈ অনাৰ পৰিৱৰ্তে ৩০০০ কিলোমিটাৰ আঁতৰলৈ ট্ৰাকত বোজাই কৰি নিয়াৰ উদ্দেশ্যে কি? সাধাৰণ ৰাইজৰ এই প্ৰশ্নৰ কোনো উত্তৰ নাই যদিও অসম চৰকাৰৰ খোদ বন বিভাগে বন্যপ্ৰাণী সুৰক্ষা আইন উলংঘনেৰে আম্বানি চিৰিয়াখানালৈ হাতী সৰবৰাহত সহায় কৰাৰ অভিযোগ উঠিছে৷ উল্লেখ্য, ১৯৭২ চনৰ বন্যপ্ৰাণী সুৰক্ষা আইন অনুসৰি অনুসূচী-ৰত অন্তৰ্ভুক্ত জন্তুৰ মালিকীস্বত্ব নিষিদ্ধ  আৰু চিকাৰ বা ব্যৱসায় কৰিব নোৱাৰে৷ অৱশ্যে ২০০২ চনত উক্ত আইনক সংশোধন কৰি ঘৰচীয়া হাতীক বৰ্তমানৰ গৰাকীক মালিকীস্বত্ব প্ৰদান কৰি একাধিক কঠোৰ চৰ্ত আৰোপ কৰিছিল৷ সেই অনুসৰি বনৰীয়া হাতী চিকাৰত নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে হাতীৰ ব্যৱসায়িক বিক্ৰী নিষিদ্ধ কৰা হৈছিল৷ অৱশ্যে উত্তৰাধিকাৰী সূত্ৰে বা উপহাৰ নতুবা দান হিচাপেহে হাতীৰ মালিকীস্বত্ব লাভ কৰিব পাৰে৷ যদিহে ঘৰতে কোনো হাতীৰ জন্মও হয়, তেতিয়া বন বিভাগৰ দ্বাৰা বৈজ্ঞানসন্মতভাৱে মাতৃত্ব প্ৰমাণ কৰিব লাগে৷ অৰ্থাৎ মাইকী হাতী গৰ্ভৱতী হ’লে বন বিভাগক অৱগত কৰি প্ৰসৱ নিশ্চিত কৰিব লাগে৷ পোৱালিটোৰ তিনি বছৰ বয়সত মাতৃ আৰু পোৱালিৰ তেজৰ নমুনা লৈ ডি এন এ পৰীক্ষা কৰি মাতৃ-পুত্ৰৰ স্বীকৃত প্ৰমাণ পত্ৰ ল’ব লাগে৷ ডি এন এ পৰীক্ষাত পজিটিভ ৰিৰ্জাল্ট আহিলে পোৱালিটোক মাইক্ৰ’চিপ কৰাটো বাধ্যতামূলক৷ যাতে বাণিজ্যিক সৰবৰাহ হ’লে সহজে ধৰা পেলাব পাৰে৷ মাইক্ৰ’চিপ অবিহনে হাতীৰ কোনো হস্তান্তৰ কৰিব নোৱাৰে৷ এই নিয়ম বলৱৎ হোৱাৰ পাছতেই ২০১০ চনলৈকে অসমৰ পৰা সৰবৰাহ কৰা হাতীৰ সংখ্যা হ্ৰাস পাই মাত্ৰ ৬ টা হৈছিলগৈ৷ এনে নিয়মেৰেই ২০১৮ চনৰ ১২ ফেব্ৰুৱাৰীত অৰুণাচল প্ৰদেশৰ মুখ্য বন সংৰক্ষকৰ কাৰ্যালয়ে মাইক্ৰ’চিপ সংস্থাপন কৰি চাৰিটা হাতীৰ মালিকীস্বত্ব প্ৰদান কৰিছিল৷ ইয়াৰে উন্নী নামৰ হাতীটোৰ বয়স আছিল৭ বছৰ ৩ মাহ, লখিমী নামৰ আন এটা হাতীৰ বয়স আছিল ১৮ বছৰ, হৰিপ্ৰসাদৰ বয়স আছিল ৩০ বছৰ আৰু লক্ষী প্ৰসাদৰ বয়স আছিল ৩৪ বছৰ৷ শেহতীয়াকৈ কাগজে কলমে উক্ত হাতীকেইটা দান হিচাপে আম্বানি পৰিয়ালৰ ৰাধা কৃষ্ণ হাতী কল্যাণ ন্যাসলৈ প্ৰেৰণ কৰা হৈছিল৷ নিয়ম অনুসৰি এনেদৰে হাতী সৰবৰাহ কৰিবলৈ মাইক্ৰ’চিপ বাধ্যতামূলক হোৱাৰ লগতে যাত্ৰাৰ পথছোৱাত অতিক্ৰম কৰিবলগীয়া প্ৰতিখন ৰাজ্যৰ বন বিভাগৰ আপত্তিবিহীন প্ৰমাণ পত্ৰও বাধ্যতামূলক৷ লক্ষণীয়ভাৱে অৰুণাচলৰ পৰা উন্নী, লখিমী, হৰিপ্ৰসাদ আৰু লক্ষী প্ৰসাদ নামৰ হাতীকেইটা সৰবৰাহ কৰা দেখুওৱা হৈছিল যদিও যাত্ৰাপথত অসম চৰকাৰৰ বন বিষয়াই ট্ৰাকত নিয়মমাফিক হাতীকেইটা পৰীক্ষা কৰাত লখিমী আৰু উন্নী নামৰ হাতী দুটাৰ কোনো মাইক্ৰ’চিপ লাভ কৰা নাছিল৷ অৰ্থাৎ লখিমী আৰু উন্নীৰ নামত পঞ্জীয়নভুক্ত মাইক্ৰ’চিপ নম্বৰ নথি পত্ৰত উল্লেখ কৰিলেও উক্ত হাতী দুটাৰ পৰিৱৰ্তে গোপনে আন হাতী সৰবৰাহ কৰাৰ সন্দেহ কৰা হৈছিল৷ কিন্তু ইয়াৰ পাছতো অসম চৰকাৰ বন বিভাগে আম্বানিৰ চিৰিয়াখানালৈ আইন বিৰুদ্ধভাৱে হাতী কেইটা সৰবৰাহৰ অনুমতি প্ৰদান কৰিছিল৷ অৱশ্যে লখিমী আৰু উন্নীৰ মাইক্ৰ’চিপ নম্বৰ লাভ নকৰা বিষয়টো বন বিষয়াই বিভাগীয় পত্ৰত উল্লেখ কৰিছিল৷ এটা কথা স্পষ্ট হৈ পৰিছে যে অসম তথা অৰুণাচলৰ পৰা অবৈধভাৱে আম্বানি চিৰিয়াখানালৈ হাতীকে ধৰি বন্য জীৱ-জন্তু সৰবৰাহ হৈ আহিছে৷