Logo
image

পশ্চিমবংগই মোৰ প্ৰকৃত জন্মভূমি! মোদী

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৭ এপ্ৰিল : ক’ভিডৰ অজুহাতত দীঘলীয়াকৈ দাড়ি ৰাখি বিগত বিধানসভাৰ নিৰ্বাচনত পশ্চিম বংগৰ নিৰ্বাচনী সভাত ৰবীন্দ্ৰনাথ ঠাকুৰ সাজিবলৈ গৈ তীব্ৰ কটাক্ষৰ চিকাৰ হৈছিল নৰেন্দ্ৰ মোদী৷ বাঙালী মহিলাৰ শাৰীৰ আঁচল গুজৰাটী মহিলাৰ সৈতে ক’ত মিল, কবিগুৰুৰ পৰিয়ালৰ সৈতে গুজৰাটী সংযোগ কি– তেনে বিশদ কিন্তু ভুল ব্যাখ্যা ভোট লাভত ফলৱতী নোহোৱাত এইবাৰ তেনে প্ৰয়াস চলোৱা নাই মোদীয়ে৷ ইয়াৰ পৰিৱৰ্তে নৰেন্দ্ৰ মোদীৰ দাবী, পশ্চিম বংগৰ সৈতে তেওঁ জন্ম জন্মান্তৰৰ সম্পৰ্ক আছে৷ হয়তো তেওঁ পূৰ্বজন্মত পশ্চিম বংগত জন্ম হৈছিল, অথবা পৰজন্মত তেওঁ পশ্চিম বংগৰ কোনো মাতৃৰ গৰ্ভত জন্ম হ’ব৷ মালদহত শুকুৰবাৰে এখন নিৰ্বাচনী সভাত হঠাতে জাতিষ্মৰ হৈ পৰা মোদীৰ এনে বচন শুনি সভাত উপস্থিত বাঙালী ভোটাৰো আবেগিক হৈ পৰে৷ মোদীৰ এনে বক্তব্য শুনি মালদহৰ জনতাই মোদী-মোদী চিঞৰেৰে সভাস্থলীত এনে পৰিৱেশৰ সৃষ্টি কৰে, য’ত তেওঁ আবেগত বাকৰহিত হৈ পৰে৷ মুখ ঘূৰাই এগিলাছ পানী খাইহে মোদীয়ে পুনৰ জনতাক উদ্দেশ্যি কথা ক’ব পৰা হয়৷ এনে পৰিস্থিতিৰ কথা জানিব পাৰি মোদীৰ কঠোৰ সমালোচক ৰাহুল গান্ধীয়ে মহাৰাষ্ট্ৰৰ বিজাপুৰৰ এখন সভাত কটাক্ষ কৰি কয়– ‘নৰেন্দ্ৰ মোদী আজিকালি বক্তৃতা প্ৰদানৰ সময়ত খুব উদ্বিগ্ন হৈ থাকে৷ হয়তো কেইদিনমানৰ ভিতৰতে তেওঁ মঞ্চতে কান্দি পেলাব৷’ 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে পশ্চিম বংগৰ নিৰ্বাচনী সভাৰ বাবে এনে এক স্থান নিৰ্বাচন কৰি লয়, য’ৰ কাষৰ সমষ্টিত আজি চলি আছিল দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ৷ মালদহ উত্তৰৰ খগেন মুৰ্মু আৰু মালদহ দক্ষিণৰ ৰূপা মিত্ৰ চৌধুৰীৰ হৈ প্ৰচাৰ চলোৱা নৰেন্দ্ৰ মোদী জনতাৰ আবেগ দেখি আপ্লুত হৈ পৰে৷ লগে লগে তেওঁ জাতিষ্মৰৰ দৰে বাংলাৰ সৈতে জন্ম-জন্মান্তৰৰ সম্পৰ্ক থকা বুলি আবেগিক দাবী কৰে৷ তেওঁ কয়– ‘আপোনালোকৰ এই উৎসাহ, প্ৰেম মই মনত ৰাখিম৷ আপোনালোকে মোক ইমান ভালপায়, মনলৈ ভাৱ আহিছে, হয়তো পূৰ্বজন্মত মই বাংলাত জন্ম হৈছিলো৷ অথবা পৰজন্মত মই বাংলাত জন্ম ল’ম৷’