Logo
image

চিইউইটি অবিহনেও নামভৰ্তি হ’ব কটনত

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ২৭ এপ্ৰিল: চিইউইটিত উত্তীৰ্ণ নোহোৱাকৈও কটন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰাৰ সুযোগ পাব মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে৷ কটন বিশ্ববিদ্যালয়ৰ স্নাতক শাখাৰ ৬০ শতাংশ আসনত নামভৰ্তিৰ বাবে চিইউইটিৰ বাধ্যবাধকতা নাথাকিব৷ বাকী ৪০ শতাংশ আসন অৱশ্যে চিইউইটিৰ পৰা পূৰণ কৰা হ’ব৷ কটন বিশ্ববিদ্যালয়ত স্নাতক শাখাত নামভৰ্তিৰ ক্ষেত্ৰত কটন কতৃৰ্পক্ষই এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ উল্লেখযোগ্য যে ২০২৩ বৰ্ষত কটন বিশ্ববিদ্যালয়ত স্নাতক শাখাত নামভৰ্তিৰ ক্ষেত্ৰত কেৱল চি ইউ ই টি[ইউ জি]ৰ নম্বৰহে প্ৰযোজ্য আছিল৷ ফলত নামভৰ্তিৰ ক্ষেত্ৰত কাৰ্যতঃ বঞ্চিত হৈছিল অসমৰ বহু মেধাৱী শিক্ষাৰ্থী৷ কটন বিশ্ববিদ্যালয় স্নাতক শাখাৰ নামভৰ্তি সমিতিৰ আহ্বায়ক ড॰ হীৰেন ডেকা, উপদেষ্টা ড॰ সুদীপ্ত নন্দী, শৈক্ষিক পঞ্জীয়ক ড॰ বেদান্ত বৰাৰ পৰামৰ্শমৰ্মে তথা বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাৰ তৎপৰতাত এই সন্দৰ্ভত কটন কতৃৰ্পক্ষই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে৷ সেইমৰ্মে কটনত স্নাতক শাখাত নামভৰ্তিৰ ক্ষেত্ৰত ৬০ শতাংশ আসন উচ্ছতৰ মাধ্যমিক পৰীক্ষাৰ নম্বৰৰ ভিত্তিত পূৰণ হ’ব আৰু ৪০ শতাংশ আসন চি ইউ ই টিৰ নম্বৰৰ ভিত্তিত পূৰণ কৰা হ’ব৷ কটন কতৃৰ্পক্ষৰ এই সিদ্ধান্তক আদৰণি জনাইছে কটন আছুৱে৷ এই সম্পৰ্কীয় জাননী প্ৰকাশ পোৱাৰ পাছতেই উপাচাৰ্য ড॰ ৰমেশ চন্দ্ৰ ডেকা, পঞ্জীয়ক ড॰ অৰিন্দম গাৰ্গ, স্নাতকৰ নামভৰ্তি সমিতিৰ আহ্বায়ক ড॰ হীৰেন ডেকাক ধন্যবাদ জনায় কটনৰ ছাত্ৰ সমাজে৷ উল্লেখ্য, এই গুৰুত্বপূৰ্ণ বিষয়টো সন্দৰ্ভত কটন আছুৱে কটন কতৃৰ্পক্ষলৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰিছিল৷ সেই স্মাৰক-পত্ৰত স্বাক্ষৰ কৰিছিল কটন আছুৰ মুখ্য আহ্বায়ক কুলদীপ গৌতম শৰ্মা আৰু মাধুৰ্য মণ্ডিত ডেকাই৷ কটন আছুৰ দাবী পূৰণ কৰাৰ লগতে কটন কতৃৰ্পক্ষই কটনৰ ছাত্ৰ সমাজৰ আশা পূৰণ কৰাৰ বাবে কটন কতৃৰ্পক্ষক কটন আছুৰ তৰফৰ পৰা বিশেষভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰা হৈছে৷