Logo
image

লাখুটি লৈ ওলাই আহিল ককা-আইতাও

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ২৭ এপ্ৰিল : দ্বিতীয় পৰ্যায়ত ৰাজ্যৰ পাঁচটা লোকসভা সমষ্টিত শুকুৰবাৰে অনুষ্ঠিত হয় দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দৰেই দ্বিতীয় পৰ্যায়তো শাৰীৰিক বাধা নেওচি ভোট দিবলৈ ওলাই আহিল বহুজন৷ লাখুঁটি লৈ, পেং লৈ, হুইল চেয়াৰত আহি কেইবাজনো ভোটাৰে ভোটদান কৰে৷ বহু ভোটকেন্দ্ৰত শতায়ু গৰকা ভোটাৰেও সাব্যস্ত কৰে ভোটাধিকাৰ৷ নিৰ্বাচন আয়োগে বৃদ্ধ আৰু শাৰীৰিকভাৱে বাধাগ্ৰস্তসকলৰ ভোটদানৰ সুবিধাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে যদিও পোনপটীয়াকৈ আহি শাৰী পাতি ভোট দিয়াৰ মজাই বেলেগ৷ সেইবাবেই বিবাহ অনুষ্ঠানৰ পৰা কিছুসময় বিৰতি লৈ সখী সমন্বিতে ভোট দিবলৈ আহিল দৰা-কইনাও৷ কোঁচত, কান্ধত কেঁচুৱা লৈও ভোট দিবলৈ আহিল মহিলা ভোটাৰ৷ কেইবাগৰাকী অশীতিপৰ ককা-আইতাকক বোকোচাত তুলি ভোট দিবলৈ আনিলে নাতি-নাতিনীয়ে৷ প্ৰচণ্ড গৰমৰ মাজতো ধৈৰ্য ধৰি শাৰীত ৰৈ ভোটদান কৰি সন্তুষ্টিৰ হাঁহি মাৰি ওলাই আহিল বহু অশীতিপৰ ভোটাৰ৷ ডিফু, শিলচৰ, কৰিমগঞ্জ, নগাঁও আৰু দৰং ওদালগুৰি– কেউটা সমষ্টিৰে কেইবাটাও ভোটকেন্দ্ৰত এনেধৰণৰ ঘটনা পৰিলক্ষিত হয় শুকুৰবাৰে৷

খাৰুপেটীয়াত কোলাত উঠি ভোট দিবলৈ গ’ল আইতা

‘আমাৰ অসম’ৰ খাৰুপেটীয়াৰ প্ৰতিবেদক : পুৱাৰে পৰা দৰং ওদালগুৰি লোকসভা সমষ্টিৰ দলগাঁও- খাৰুপেটীয়াৰ  প্ৰতিটো ভোট কেন্দ্ৰত ভোটাৰৰ ব্যাপক সঁহাৰি ৷ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্গত সংখ্যালঘু অঞ্চলৰ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰৰ ব্যাপক সঁহাৰি পৰিলক্ষিত হয়৷ প্ৰখৰ ৰ’দকো নেওচি খাৰুপেটীয়াত লাখুঁটিৰ সহায়ত এগৰাকী আইতা ওলাই আহি সাব্যস্ত কৰিলে নিজৰ ভোটাৰ অধিকাৰ৷ একেদৰে ২ নং মাগুৰমাৰীৰ চিতলকাটি প্ৰাথমিক বিদ্যালয় ভোট গ্ৰহণ কেন্দ্ৰত মাতৃক কোলাত লৈ ভোট গ্ৰহণ কেন্দ্ৰত আহে পুত্ৰ৷ পুত্ৰৰ সহায়ত বৃদ্ধ-মাতৃয়ে সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ৷

বাইহাটাত ভোট দিলে ন-কইনায়ো

‘আমাৰ অসম’ৰ প্ৰতিবেদক, বাইহাটা চাৰিআলি : দেশৰ অষ্টাদশ লোকসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত আজি নিজৰ বিয়াৰ অতি ব্যস্ততাৰে ভৰপূৰ দিনটোতো এগৰাকী ভোটাৰে ন-কইনাৰ সাজেৰে ভোটগ্ৰহণ কেন্দ্ৰলৈ গৈ ভোটদান কৰে৷ বিয়াৰ কইনাগৰাকীৰ এই ব্যতিক্ৰমী যেন কাৰ্য আজি সংশ্লিষ্ট বাইহাটা চাৰিআলি অঞ্চলবাসীৰ বাবে বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে৷ ৰাজ্যৰ অক্লান্ত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ কাম-কাজৰ প্ৰতি বিশেষভাৱে আকৰ্ষিত হৈ তেওঁৰ আহ৩ানক উপেক্ষা কৰিব নোৱাৰি কইনাৰ সাজেৰে হ’লেও আহি তেওঁ ভোটদান কৰে৷ এইগৰাকী ভোটাৰ হৈছে আগডলা গাঁৱৰ প্ৰয়াত চক্ৰধৰ ডেকাৰ কন্যা তথা নৱগঠিত দৰং-ওডালগুৰি লোক সভা সমষ্টিৰ নৱগঠিত কমলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কামৰূপ জিলাৰ আগডলা চাৰিআলি উচ্ছতৰ মাধ্যমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰৰ ভোটাৰ জ্যোতিকা ডেকা৷ আজি বিয়াৰ অভ্যাগতসকলে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ পাছত সময়-সুযোগ বুজি বিয়লি নিৰ্ধাৰিত সময়ৰ পূৰ্বে কেন্দ্ৰটোত উপস্থিত হৈ জ্যোতিকা ডেকাই ভোটাধিকাৰ সাব্যস্ত কৰে৷ এই সময়তে সাংবাধিকৰ প্ৰশ্নৰ উত্তৰত বিয়াৰ কইনা জ্যোতিকা ডেকাই মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি থকা অশেষ টান-বিশ্বাস আদিয়ে তেওঁক ভোটগ্ৰহণ কেন্দ্ৰলৈ হাত-বাউলি টানি অনাৰ কথাও অকপটচিত্তে ব্যক্ত কৰে৷ কাজেই ন-কইনা গৰাকীৰ ভাষ্যত তেওঁৰ ভোটটি পদুম ফলত পৰাটোৱে প্ৰকট হৈ পৰে৷