Logo
image

মুখ্যমন্ত্ৰীৰ ভোটকেন্দ্ৰ ক’ত

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ এপ্ৰিল: মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা প্ৰকৃততে ক’ৰ ভোটাৰ? গুৱাহাটী লোকসভা সমষ্টিৰ নে নৱগঠিত দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ নে অন্য কোনো সমষ্টিৰ? হয়তো মুখ্যমন্ত্ৰী ড॰ শৰ্মাই নিজেও নাজানে তেওঁ প্ৰকৃততে কোনটো লোকসভা সমষ্টিৰ ভোটাৰ৷ দুদিন পূৰ্বে তেওঁ নিজেই দাবী কৰিছিল যে তেওঁ নৱগঠিত দৰং-ওদালগুৰি সমষ্টিৰ ভোটাৰ৷ কিন্তু আজি বিয়লি ৫ বজালৈ দ্বিতীয় পৰ্যায়ৰ ভোটদান আনুষ্ঠানিকভাৱে শেষ হোৱা পৰ্যন্ত মুখ্যমন্ত্ৰীক দৰং-ওদালগুৰি সমষ্টিৰ কোনো এটা ভোট কেন্দ্ৰতে ভোটদান কৰা দেখা নগ’ল৷ নে মুখ্যমন্ত্ৰী ড॰ শৰ্মা নিজে ভোটদানৰ পৰা বিৰত থাকিল? সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে দাবী কৰি কৈছিল–‘এইবাৰ মই দৰং-ওদালগুৰিত ভোট দিম৷ কাৰণ মোৰ ভোট আমিনগাঁৱত  আছে৷ আমিনগাঁৱৰ সেই অংশটো অৰ্থাৎ বেজেৰা উন্নয়ন খণ্ডটো দৰং-ওদালগুৰি সমষ্টিত পৰিছে৷ সেই কাৰণে মোৰ ভোটটো ২৬ এপ্ৰিলৰ পুৱা দৰং-ওদালগুৰি সমষ্টিতে দিম৷’ কিন্তু দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ কোনো এটা ভোট কেন্দ্ৰত মুখ্যমন্ত্ৰীক প্ৰত্যক্ষ নকৰি সমষ্টিবাসী হতাশ হৈ পৰে৷ মুখ্যমন্ত্ৰী যে গুৱাহাটী লোকসভা সমষ্টিৰ ভোটাৰ সেইটো সৰ্বজন বিদিত৷ জালুকবাৰী সমষ্টিৰ বিধায়ক হোৱাৰ সূত্ৰে তেওঁ সমষ্টিটোৰ বাসিন্দা আৰু বছৰ বছৰ ধৰি আমিনগাঁৱত ভোটদান কৰি আহিছে৷ সেয়ে সকলোৰে মতে মুখ্যমন্ত্ৰী গুৱাহাটী লোকসভা সমষ্টিৰ ভোটাৰ৷ কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত বৰপেটা লোকসভা সমষ্টিৰ ভোটাৰ হৈ পৰে মুখ্যমন্ত্ৰী ড॰ শৰ্মা৷ বৰপেটা লোকসভা সমষ্টিত এইবাৰ নতুনকৈ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈছে মুখ্যমন্ত্ৰীৰ৷ জালুকবাৰী সমষ্টিৰ বিধায়ক হ’লেও তেওঁ বৰ্তমান নৱগঠিত হাজো-শুৱালকুছি সমষ্টিৰ ভোটাৰ আৰু ২২৪ আমিনগাঁও হাইস্কুল [পূব শাখা] ভোটকেন্দ্ৰত তেওঁ ভোটদান কৰিব৷ নৱগঠিত হাজো-শুৱালকুছি সমষ্টি বৰ্তমান বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত হোৱাৰ সূত্ৰে মুখ্যমন্ত্ৰীও বৰপেটাৰ ভোটাৰ৷ লক্ষণীয়ভাৱে মুখ্যমন্ত্ৰী ড॰ শৰ্মা বৰপেটা লোকসভা সমষ্টিৰ ভোটাৰ যদিও সমষ্টিটোত এইবাৰ তেওঁ বিজেপি দলৰ প্ৰাৰ্থীৰ পৰিৱৰ্তে মিত্ৰদল অগপৰ প্ৰাৰ্থীকহে ভোটদান কৰিব লাগিব৷ অৰ্থাৎ মুখ্যমন্ত্ৰীয়ে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনতহে ভোটদান কৰিব৷ গুৱাহাটী বা দৰং-ওদালগুৰি সমষ্টিৰ পৰিৱৰ্তে নতুনকৈ বৰপেটা সমষ্টিৰ ভোটাৰ সেই সন্দৰ্ভত মুখ্যমন্ত্ৰী অৱগত হয় নে নহয় সেয়া অৱশ্যে স্পষ্ট নহয়৷