Logo
image

মংগল গ্ৰহত পাৰ্চিভাৰেঞ্চ ৰ’ভাৰ, ব্যক্তিগত খণ্ডত স্থানীয় লোক

সংৰক্ষণ এটা স্পৰ্শকাতৰ আৰু বিবদমান বিষয়৷ প্ৰায় সকলো সমাজবিজ্ঞানী এই কথাত একমত যে পিছপৰা শ্ৰেণীৰ লোকৰ বাবেসংৰক্ষণৰ প্ৰয়োজন আছে৷ সংৰক্ষণৰ পক্ষে আটাইতকৈ সবল যুক্তিটো হ’ল– উচ্ছ বৰ্ণৰ লোকসকলে হাজাৰ বছৰজুৰি একধৰণৰ সংৰক্ষণ লাভ কৰি আহিছে৷ ভাৰতৰ সংবিধানে অনুসূচিত কৰা পিছপৰা লোকসকলে সংৰক্ষণৰ সুবিধা পাইছে স্বাধীনতাৰ পাছৰ পৰা, অৰ্থাৎ মাত্ৰ যোৱা ৭০ বছৰত৷ এজন তথাকথিত পিছপৰা বা নিম্নবৰ্ণৰ লোক ধন-সম্পত্তিৰ ফালৰ পৰা এজন উচ্ছজাতৰ লোকৰ সমকক্ষ হ’লেও তেওঁ এতিয়াও সামাজিক মৰ্যাদাত উচ্ছ জাতিৰ লোকৰ সমকক্ষ হৈ উঠা নাই৷ সেয়েহে সংৰক্ষণৰ প্ৰয়োজন আছে বুলি প্ৰায় সকলো একমত৷ একে সময়তে সংৰক্ষণ এটা অতি স্পৰ্শকাতৰ ৰাজনৈতিক বিষয়৷ কোনো ৰাজনৈতিক দলেই ইয়াৰ বিৰোধিতা কৰি তথাকথিত নিম্ন জাতিৰ লোকক জোকাই লৈ ভোট হেৰুৱাব নিবিচাৰে৷ সেয়েহে অনুসূচিতসকলৰ বাবে সংৰক্ষণ আছে আৰু অদূৰ ভৱিষ্যতত এই সংৰক্ষণ অন্ত পৰাৰ কোনো সম্ভাৱনা নাই৷ 

এই সংৰক্ষণৰ সমান্তৰালকৈ এতিয়া ভাৰতৰ ৰাজ্যবোৰত আন এটা সংৰক্ষণে চমক সৃষ্টি কৰিছে৷ সেয়া হ’ল এখন ৰাজ্যত সৃষ্টি হোৱা নিয়োগৰ সুবিধা সেইখন ৰাজ্যৰ লোকৰ বাবে সংৰক্ষিত কৰা৷ শেহতীয়াকৈ হাৰিয়ানাই এখন আইন প্ৰণয়ন কৰি ব্যক্তিগত খণ্ডত ৫০ হাজাৰ টকাপৰ্যন্ত দৰমহাৰ চাকৰি হাৰিয়ানাৰ স্থানীয় লোকৰ বাবে সংৰক্ষিত কৰিছে৷ হাৰিয়ানাত জন্ম হোৱা বা যোৱা ১৫ বছৰ হাৰিয়ানাত বাস কৰাসকলক হাৰিয়ানাৰ স্থানীয় বুলি গণ্য কৰা হ’ব৷ ২০১৯ চনত অন্ধ্ৰপ্ৰদেশে স্থানীয় লোকৰ বাবে ব্যক্তিগত খণ্ডত ৭৫ শতাংশ সংৰক্ষণ কৰা আইন প্ৰণয়ন কৰে৷ মধ্য প্ৰদেশে স্থানীয় লোকৰ বাবে ব্যক্তিগত খণ্ডৰ উদ্যোগত ৭০ শতাংশ সংৰক্ষণ কৰি আইন প্ৰণয়ন কৰে৷ মহাৰাষ্ট্ৰই ২০০৮ চনতেই ৰাজ্য চৰকাৰৰ সুবিধাসমূহ উপভোগ কৰা উদ্যোগসমূহৰ ৮০ শতাংশ নিয়োগ স্থানীয় লোকৰ বাবে সংৰক্ষিত কৰে৷ 

এনে সংৰক্ষণৰ পক্ষে সবল যুক্তিটো হ’ল, আমাৰ ল’ৰা-ছোৱালীয়ে যদি নিজৰ ৰাজ্যখনতেই নিয়োগৰ সুবিধা নাপায়, তেনেহ’লে ক’ত পাব? চৰকাৰী হওক বা ব্যক্তিগত খণ্ডত হওক স্থানীয় লোকে অগ্ৰাধিকাৰ পাবই লাগিব৷ এইটো এটা জনপ্ৰিয় যুক্তি আৰু দাবী৷ কোনো ৰাজনৈতিক দলেই এই দাবীৰ বিৰোধিতা কৰি ৰাইজৰ মাজত অপ্ৰিয় হ’ব নিবিচাৰে৷ 

ইতিমধ্যে দিল্লীৰ এন চি আৰ  অৰ্থাৎ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ অন্তৰ্ভুক্ত গুৰগাঁও অঞ্চলটো হাৰিয়ানাৰ প্ৰদেশৰ অন্তৰ্গত৷ গুৰগাঁৱত ব্যক্তিগত খণ্ডত তীব্ৰ উদ্যোগীকৰণ হৈছে৷ বহু বহুজাতিক কোম্পানীয়ে গুৰগাঁৱত বৃহৎ পৰিমাণত ধন বিনিয়োগ কৰিছে, ফলত নিয়োগৰ সুবিধা ওলাইছে৷ হাৰিয়ানা চৰকাৰে গুৰগাঁৱত সৃষ্টি হোৱা নিয়োগৰ সুবিধাখিনিত নিজৰ ৰাজ্যৰ নিবনুৱাক অগ্ৰাধিকাৰ দিব বিচাৰিছে৷ হাৰিয়ানাৰ চাকৰি হাৰিয়ানাৰ মানুহে নাপালে ক’ত পাব– সহজ, সৰল, জনপ্ৰিয় যুক্তি৷

সমস্যাটো হ’ল ব্যক্তিগত খণ্ডৰ কোম্পানীবোৰে, বহুজাতিক কোম্পানী বা কৰ্প’ৰেটবোৰে জনসাধাৰণৰ সেৱা কৰিবলৈ ধন বিনিয়োগ কৰি নিয়োগৰ সুবিধা সৃষ্টি নকৰে৷  তেওঁলোকে স্থাপন কৰা উদ্যোগসমূহে যদি লাভ অৰ্জন কৰিব নোৱাৰে, তেনেহ’লে সেইবোৰ লোকচান ভৰি পুহি থকাটো তেওঁলোকৰ বাবে সম্ভৱ নহয়৷ চৰকাৰে লোকচান ভৰি থকা চৰকাৰী উদ্যোগসমূহ ৰাইজৰ টকাৰে বছৰৰ পাছত বছৰ জীয়াই ৰাখে৷ ব্যক্তিগত খণ্ডই তেনে কৰিব নোৱাৰে৷ গতিকে ব্যক্তিগত খণ্ডৰ উদ্যোগৰ বাবে আটাইতকৈ জৰুৰী কথা তেওঁলোকৰ বিনিয়োগৰ বিনিময়ত লাভ  অৰ্জন কৰা৷ লাভ অৰ্জনৰ বাবে তেওঁলোকে আটাইতকৈ দক্ষ আৰু যোগ্য লোককহে নিযুক্তি দিয়ে৷ সেই দক্ষতা বা যোগ্যতা থকাজনৰ জাত-পাত-ধৰ্ম বা বাসস্থানক লৈ ব্যক্তিগত খণ্ডই মূৰ নঘমায়৷ হাৰিয়ানাৰ গুৰগাঁৱৰ উদ্যোগত সমগ্ৰ ভাৰতৰ লগতে পৃথিৱীৰ আন দেশৰ মানুহেও কাম কৰে৷ গুৰগাঁৱত উৎপাদন হোৱা সামগ্ৰী অকল হাৰিয়ানাৰ গ্ৰাহকে নিকিনে, সেই সামগ্ৰী ভাৰতৰ লগতে পৃথিৱীৰ বহু দেশলৈ ৰপ্তানি হয়৷ এতিয়া গুৰগাঁৱৰ ব্যক্তিগত খণ্ডৰ উদ্যোগক যদি ৭৫ শতাংশ স্থানীয় লোকক নিযুক্তি দিবলৈ চৰকাৰী আইনে বাধ্য কৰায় আৰু ব্যক্তিগত খণ্ডই যদি হাৰিয়ানাৰ স্থানীয় লোকৰ মাজত তেওঁলোকে বিচৰা যোগ্য আৰু দক্ষ লোক নাপায়, তেতিয়া তাৰ ফলাফল কি হ’ব? লোকচান ভৰিও ব্যক্তিগত খণ্ডই নিজৰ উদ্যোগ কিমানদিনলৈ চলাই ৰাখিব?

হাৰিয়ানাই স্থানীয় লোকৰ বাবে ব্যক্তিগত খণ্ডত চাকৰি সংৰক্ষণ কৰাৰ সময়তেই আমেৰিকাৰ ‘নাছা’ই [নেশ্বনেল এৰ’নটিক এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্বন] মংগল গ্ৰহত  পাৰ্চিভাৰেঞ্চ নামৰ পঞ্চমখন ৰ’ভাৰ অৱতৰণ কৰালে৷ এয়া ‘মানৱ জাতি’ৰ এটা ডাঙৰ সফলতা৷ যিদৰে নাছাই চন্দ্ৰলৈ মানুহ পঠিয়াওঁতে চন্দ্ৰত ভৰি দিয়া প্ৰথমজন মানুহ নীল আৰ্মষ্ট্ৰঙে কৈছিল যে সেইটো এজন মানুহৰ এটা সৰু খোজ, কিন্তু সেইটো মানৱ জাতিৰ বাবে এটা বৃহৎ খোজ৷ কিন্তু প্ৰকৃততে সেইটো আছিল আমেৰিকাৰ নাছা নামৰ অনুষ্ঠানটোৰ সাফল্য৷ মংগল গ্ৰহত ৰোভাৰ পাৰ্চিভাৰেঞ্চৰ অৱতৰণৰ বাবে মানুহে গৰ্ব কৰিব পাৰে, কিন্তু সেয়া ‘নাছা’ৰ সাফল্য৷ নাছা এটা চৰকাৰী অনুস্থান৷ আৰু নিঃসন্দেহে নাছা পৃথিৱীৰ আটাইতকৈ যোগ্য আৰু দক্ষ অনুষ্ঠান৷ ইয়াৰ একমাত্ৰ কাৰণ হ’ল– নাছাই সমগ্ৰ পৃথিৱীৰ আটাইতকৈ চোকা, দক্ষ, যোগ্য যুৱক-যুৱতীক নিয়োগ কৰে আৰু নিজৰ প্ৰতিভা অনুসৰি বৰঙণি আগবঢ়াবলৈ সুবিধা দিয়ে৷ আৰু এইডেকা-গাভৰুসকলে মানৱ জাতিৰ বাবে আগতে কোনেও কেতিয়াও নকৰা কাম কৰি দেখুৱায়৷ আমেৰিকাই যদি নাছাৰ ৭৫ শতাংশ চাকৰি ‘স্থানীয়’ লোকৰ বাবে সংৰক্ষিত কৰি ৰাখিলেহেঁতেন, তেনেহ’লে পৃথিৱীৰ বহু দেশৰ বহু প্ৰতিভাৰ বাবে নাছাৰ দুৱাৰ বন্ধ হৈ গ’লহেঁতেন আৰু ‘মানৱ জাতি’য়ে মংগল গ্ৰহত ৰ’ভাৰ অৱতৰণ কৰাব নোৱাৰিলেহেঁতেন৷ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামাই আমেৰিকাৰ ছাত্ৰ-ছাত্ৰীক বিজ্ঞান আৰু গণিত পঢ়িবলৈ আহ্বান জনাইছিল৷ তেওঁ বিচাৰিছিল আমেৰিকাৰ যুৱক-যুৱতীয়ে সমগ্ৰ পৃথিৱীৰ স’তে ফেৰ মাৰি আমেৰিকাৰ ব্যক্তিগত খণ্ডৰ অতি উচ্ছ পৰ্যায়ৰ যোগ্যতা আৰু দক্ষতাৰ প্ৰয়োজন হোৱা চাকৰিবোৰ হাচিল কৰক৷

আজিৰ পৃথিৱীত ‘স্থানীয়’ লোকৰ বাবে আটাইতকৈ প্ৰয়োজনীয় হ’ল নিজকে দক্ষ আৰু যোগ্যৰূপে গঢ়ি তোলা আৰু একমাত্ৰ দক্ষতা আৰু যোগ্যতাইহে ‘স্থানীয়’ লোকক প্ৰকৃত সংৰক্ষণ দিব পাৰিব৷