Logo
image

লুৰীণৰ কাষত নাই বিৰোধী নেতৃত্ব থকাকেইজনৰো স্থিতি সন্দেহজনক

ডিব্ৰুগড় লোকসভা সমষ্টিত এইবাৰ সমষ্টিটো দখল কৰাই নহয়, কিমান ভোটৰ ব্যৱধানত দলীয় প্ৰাৰ্থীজনক জয় কৰাব পাৰি সেয়াও বিজেপিৰ ৰাজ্যিক নেতৃত্বৰ বাবে হৈ পৰিছে আন এক সন্মানৰ প্ৰশ্ন৷ কিয়নো ডিব্ৰুগড়ত এইবাৰ দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ একে সময়তে সোণোৱালৰ মূল প্ৰতিদ্বন্দ্বী হিচাপে ডিব্ৰুগড়ত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে কংগ্ৰেছ সমৰ্থিত অসম জাতীয় পৰিষদৰ মনোনীত প্ৰাৰ্থী লুৰীণজ্যোতি গগৈ৷ চিপিআইএম, ৰাইজৰ দলকে ধৰি আন কেইটামান বিৰোধী দলেও লুৰীণজ্যোতি গগৈক সমৰ্থন আগবঢ়াইছে যদিও আম আদমি পাৰ্টীয়ে ডিব্ৰুগড়ত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে মনোজ ধানোৱাৰক৷

ডিব্ৰুগড় সমষ্টিত বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে একেলগে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বিৰোধীৰ দুজনকৈ প্ৰাৰ্থীয়ে৷ ফলত ডিব্ৰুগড়ত এইবাৰ বিজেপিবিৰোধী ভোট বিভাজনৰ পূৰ্ণ সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে৷ দুয়োজন বিৰোধী প্ৰাৰ্থীয়ে যদি বিজেপিবিৰোধী ভোট সমানে সমানে লাভ কৰে তেন্তে বিজেপিৰ বাবে বিশেষ কষ্টকৰ নহ’ব ডিব্ৰুগড় সমষ্টি পুনৰ দখল কৰাটো৷

ইপিনে, নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তিনিওজন প্ৰাৰ্থীয়ে পৃথকে পৃথকে চলাইছে নিৰ্বাচনী প্ৰচাৰ৷ বিশেষকৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিনে-নিশাই ডিব্ৰুগড় সমষ্টিৰ অন্তৰ্গত বিভিন্ন প্ৰান্তলৈ গৈ ভোটাৰ ৰাইজক সাক্ষাৎ কৰাৰ উপৰি সম্বোধন কৰিছে দিনে ২/৩খনকৈ নিৰ্বাচনী সভাৰ৷ বিজেপি প্ৰাৰ্থী সোণোৱালক সংগ দিছে ডিব্ৰুগড়ৰ বৰ্তমানৰ সাংসদ ৰামেশ্বৰ তেলীসহ বিজেপি বিধায়কসকলে৷ ডিব্ৰুগড় লোকসভা সমষ্টিত এইবাৰ দ্বিতীয়বাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে সৰ্বানন্দ সোণোৱালে৷ ইয়াৰ পূৰ্বে ২০০৪ চনত অগপ প্ৰাৰ্থী হিচাপে প্ৰথমবাৰলৈ সংসদলৈ নিৰ্বাচিত হৈছিল তেওঁ৷ এজন প্ৰাক্তন সাংসদ হিচাপেও ডিব্ৰুগড় লোকসভা সমষ্টিত নিজস্ব এক শক্তিশালী ভেটি আছে  সোণোৱালৰ৷ বিপৰীতে সৰ্বানন্দৰ সন্মুখত এক শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে থিয় দিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছে লুৰীণজ্যোতি গগৈয়ে৷ কিন্তু এইক্ষেত্ৰত লুৰীণজ্যোতিক আগুৱাই নিয়াত যেন চূড়ান্তভাৱে ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে বিৰোধী নেতৃত্ব৷ কিয়নো সৰ্বানন্দ সোণোৱালৰ দৰে এজন শক্তিশালী নেতাৰ বিৰুদ্ধে যুঁজ দিবলৈ লুৰীণজ্যোতি গগৈক শক্তি যোগান ধৰিবলৈ তেওঁৰ কাষত পৰিলক্ষিত হোৱা নাই কোনো শক্তিশালী বিৰোধী নেতা৷ যিকেইজন আছে সেইকেইজনৰো স্থিতি সন্দেহজনক৷ একাংশ বিৰোধী নেতা এতিয়া যোৰহাটত ব্যস্ত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰত৷ ইয়াৰ বিপৰীতে ডিব্ৰুগড়ত অকলেই যেন যুঁজিবলগীয়া হৈছে লুৰীণজ্যোতি গগৈয়ে৷ কংগ্ৰেছ দলে অসম জাতীয় পৰিষদক এইবাৰ ডিব্ৰুগড় সমষ্টিটো এৰি দি বিৰোধী প্ৰাৰ্থী লুৰীণজ্যোতি গগৈক দিছে সমৰ্থন৷ কিন্তু সমষ্টিটোত কংগ্ৰেছ নেতা-কৰ্মীসকলৰ পৰা ভবাধৰণে লুৰীণজ্যোতি গগৈয়ে এতিয়ালৈ লাভ কৰা নাই সমৰ্থন৷ কেন্দ্ৰীয় নেতৃত্বই ডিব্ৰুগড় সমষ্টিটো অসম জাতীয় পৰিষদক এৰি দিয়াত অসন্তুষ্ট একাংশ কংগ্ৰেছ নেতা-কৰ্মীয়ে নিৰ্বাচনৰ সময়ত ঘৰতে বহি জিৰণি লৈছে৷ আন একাংশ নেতা-কৰ্মীয়ে আকৌ ইতিমধ্যে দলত্যাগ কৰি যোগদান কৰিছে বিজেপিত৷ শেহতীয়াকৈ দলত্যাগ কৰা কংগ্ৰেছ নেতাসকলৰ ভিতৰত আছে প্ৰাক্তন বিধায়ক তথা প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি ৰাজু চাহু, তিনিচুকীয়া জিলা কংগ্ৰেছৰ সভাপতি প্ৰণৱ বৰুৱা আদি৷ আনহাতে, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, কংগ্ৰেছৰ জ্যেষ্ঠ চাহ জনগোষ্ঠীয় নেতা তথা ডিব্ৰুগড়ৰ প্তবাৰৰ প্ৰাক্তন সাংসদ পৱন সিং ঘাটোৱাৰৰ শেহতীয়া স্থিতিক লৈও বহুতৰে মনত সৃষ্টি হৈছে সন্দেহৰ৷ বিশেষকৈ জ্যেষ্ঠ কংগ্ৰেছ নেতাজনে শেহতীয়াকৈ সৰ্বানন্দ সোণোৱাল পুনৰ কেন্দ্ৰীয় মন্ত্ৰী হ’ব বুলি এখন ৰাজহুৱা সভাত মুকলিকৈ মন্তব্য কৰাৰ পাছতে তেওঁৰ স্থিতিক লৈ ৰাইজৰ মাজত সন্দেহ অধিক ঘনীভূত হয়৷ অৱশ্যে বিভিন্ন সংবাদ মাধ্যমত ইয়াকে লৈ বাতৰি প্ৰকাশ হোৱাৰ পাছতে এই সন্দৰ্ভত কংগ্ৰেছ নেতাজনে দায়সৰা স্পষ্টীকৰণ আগবঢ়ায়৷ সেয়া যিকি নহওঁক, কংগ্ৰেছৰ পৰা লুৰীণজ্যোতি গগৈয়ে যিধৰণে সমৰ্থন তথা সহায়-সহযোগিতা লাভ কৰিব লাগিছিল সেয়া বৰ্তমানলৈকে লাভ কৰা পৰিলক্ষিত হোৱা নাই৷ আন আন বিৰোধী দলসমূহৰ নেতৃত্বয়ো বৰ্তমান নাই লুৰীণজ্যোতি গগৈৰ কাষত৷

আনহাতে, বিগত সময়ছোৱাত ১২টাকৈ কাৰ্যকাল ডিব্ৰুগড় লোকসভা সমষ্টিটো নিজৰ দখলত ৰাখিছিল কংগ্ৰেছে৷ ডিব্ৰুগড়ৰ পৰা ৪ বাৰকৈ সংসদলৈ নিৰ্বাচিত হৈছিল অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত যোগেন্দ্ৰ নাথ হাজৰিকা৷ ১৯৫১, ১৯৫৭, ১৯৬২ আৰু ১৯৬৭ চনৰ নিৰ্বাচনত ডিব্ৰুগড়তো জয় হৈছিল তেওঁ৷ পৰৱৰ্তী সময়ত ১৯৭৯ চনৰ ৯ ছেপ্টেম্বৰৰ পৰা ১৯৭৯ চনৰ ১১ ডিচেম্বৰলৈ ৩ মাহৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল প্ৰয়াত যোগেন্দ্ৰ নাথ হাজৰিকাই৷ ইয়াৰ উপৰি ডিব্ৰুগড় সমষ্টিটো কংগ্ৰেছ সাংসদ তথা প্ৰাক্তন মন্ত্ৰী পৱন সিং ঘাটোৱাৰে প্তবাৰ, অগপ সাংসদ সৰ্বানন্দ সোণোৱালে এবাৰ, বিজেপি সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে দুবাৰ দখল কৰিছে৷ ২০১৯ চনৰ নিৰ্বাচনত ৩,৬৪,৫৬৬টা ভোটৰ ব্যৱধানত দ্বিতীয়বাৰলৈ জয় হৈছিল বিজেপি সাংসদ ৰামেশ্বৰ তেলী৷ তেলীয়ে ৬,৫৯,৫৮৩টা ভোট লাভ কৰাৰ বিপৰীতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা কংগ্ৰেছ প্ৰাৰ্থী পৱন সিং ঘাটোৱাৰে লাভ কৰিছিল ২,৯৫,০১৭টা ভোট৷ ২০১৯১ নিৰ্বাচনত ডিব্ৰুগড় লোকসভাত বিজেপিয়ে ৬৬.৩ শতাংশ ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিছিল ২৯.৭ শতাংশ ভোট৷ ইয়াৰ পূৰ্বে ২০১৪১ নিৰ্বাচনত বিজেপিয়ে ৫৫.৫ শতাংশ ভোট লাভ কৰাৰ বিপৰীতে ৩৪.৭ শতাংশ ভোট লাভ কৰিছিল কংগ্ৰেছে৷ ২০১৪ চনৰ পাছৰে পৰা ডিব্ৰুগড় লোকসভা সমষ্টিটোত কংগ্ৰেছৰ ভোট লাহে লাহে হ্ৰাস পাই আহিবলৈ ধৰা পৰিলক্ষিত হয়৷ তৎসত্ত্বেও সমষ্টিটোত কংগ্ৰেছৰ এক নিজস্ব শক্তিশালী স্থিতি থকাৰ পাছতো এইবাৰ সমষ্টিটো অসম জাতীয় পৰিষদক এৰি দিয়াতো বিশেষ তাৎপৰ্যপূৰ্ণ৷

চলিত বৰ্ষৰ ভোটাৰ তালিকা অনুসৰি ডিব্ৰুগড় লোকসভা সমষ্টিত মুঠ ভোটাৰ হ’ল ১৬,৫০,৭০৬ গৰাকী৷ তাৰ ভিতৰত মুঠ পুৰুষ ভোটাৰ ৮,০৬,৯৩৫গৰাকী, মহিলা ভোটাৰ জ্জ্ব,৪৩,৭১১গৰাকী৷ লক্ষণীয়ভাৱে ২০১৯ চনৰ ভোটাৰ তালিকাতকৈ এইবাৰ ডিব্ৰুগড় লোকসভা সমষ্টিত বৃদ্ধি হৈছে ৩,৩৮,৫১১গৰাকী ভোটাৰ৷ ২০১৯ত ডিব্ৰুগড় লোকসভাত মুঠ ভোটাৰ আছিল ১৩,১২,১৯৫গৰাকী৷ ইয়াৰ উপৰি ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত ১০টা বিধানসভা সমষ্টিয়ে বৰ্তমান আছে বিজেপিৰ দখলত৷

ইপিনে, ২০১১ চনৰ জৰিপৰ তথ্য অনুসৰি ডিব্ৰুগড় লোকসভা সমষ্টিত অধিক ভোটাৰ আছে গ্ৰামাঞ্চলত৷ গ্ৰামাঞ্চলৰ ৭৬.২ শতাংশ ভোটাৰৰ বিপৰীতে নগৰীয়া অঞ্চলৰ ভোটাৰৰ হাৰ মাথোঁ ২৩.৮শতাংশ৷ অৰ্থাৎ ডিব্ৰুগড় সমষ্টিৰ পৰৱৰ্তী সাংসদজনৰ ভাগ্য নিৰ্ণয় কৰিব সমষ্টিটোৰ গ্ৰামাঞ্চলৰ ভোটাৰসকলেহে৷ অহা ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়তে ডিব্ৰুগড় লোকসভাত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ৷