Logo
image

বৰ্ষাপাৰালৈ আহিব নেকি কিং খান?

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৯ এপ্ৰিল:  গুৱাহাটীলৈ আহিব বলীউডৰ কিং খান শ্বাহৰুখ খান৷ অৱশ্যে কোনো চিনেমাৰ শ্বুটিং বা বাণিজ্যিক প্ৰতিষ্ঠান মুকলিৰ বাবে গুৱাহাটীলৈ নাহে বলীউডৰ বাদশ্বাহ৷ অভিনেতা শ্বাহৰুখ খান আইপিএলৰ নিজৰ দল কলকাতা নাইট ৰাইডাৰ্ছৰ এখন মেচ উপভোগ কৰিবলৈহে বৰ্ষাপাৰালৈ আহিব নেকি কিং খান?

আহিব গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰাজস্থান ৰয়েলছৰ এখন হাইভল্টেজ মেচ উপভোগৰ বাবে আহিব পাৰে শ্বাহৰুখ খান৷ আইপিএলৰ চতুদৰ্শ সংস্কৰণৰ ৭০সংখ্যক লীগ মেছখন অহা ১৯মে’ত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ এই মেচখনত শ্বাহৰুখ খান উপস্থিত থকাৰ পূৰ্ণ সম্ভাৱনা ব্যক্ত কৰিছে উদ্যোক্তাসকলৰ এটা শীৰ্ষ সূত্ৰই৷ কিয়নো গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত হোম গ্ৰাউণ্ড হিচাপে নিৰ্বাচন কৰা ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে সেইদিনা যুঁজত নামিব কলকাতা নাইট ৰাইডাৰ্ছ৷ কলকাতা নাইট ৰাইডাৰ্ছত স্বত্বাধিকাৰ হৈছে বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান৷ এতিয়ালৈ কলকাতা নাইট ৰাইডাৰ্ছে মুঠ ৮ খন লীগ মেচত অৱতীৰ্ণ হোৱাৰ বিপৰীতে ইয়াৰে ৫খনতে জয় লাভ কৰি বৰ্তমানলৈ আই পি এলৰ দ্বিতীয় স্থানত শীৰ্ষ আছে৷ আনহাতে জ্ঝখন মেচৰ বিপৰীতে ৮খনতে জয় লাভ কৰি এই সংস্কৰণটোত এই মুহূৰ্তলৈ স্থানত আছে ৰাজস্থান ৰয়েলৰ্ছ৷ চতুদৰ্শ সংস্কৰণৰ ৰনম্বৰ আৰু ২ নম্বৰ স্থানত থকা দল দুটাৰ হাইভেŒI×জ মেচখনত নিজৰ দল কলকাতা নাইট ৰাইডাৰ্ছৰ খেলুৱৈ সকলক উৎসাহ দিয়াৰ বাবেই শ্বাহৰুখ খানে বৰ্ষাপাৰাত উপস্থিত থকাৰ সম্ভাৱনা ব্যক্ত কৰিছে উদ্যোক্তসকলে৷ কিয়নো বৰ্তমানলৈ কলকাতা নাইট ৰাইডাৰ্ছত প্ৰতিখন মেছেই উপভোগ কৰিছে অভিনেতাজনে৷ শুকুৰবাবে কলকাতাত পঞ্জাৱ কিংছৰ সৈতে হোৱা মেছখনতো শ্বাহৰুখ খান উপস্থিত আছিল৷ সেই সূত্ৰে ১৯ মে’ত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামৰ হ’বলগীয়া মেচখনতো বলীউডৰ কিং খানৰ উপস্থিতিৰ পূৰ্ণ সম্ভাৱনা আছে৷ অৱশ্যে এই মুহূৰ্তলৈ শ্বাহৰুখ খানে গুৱাহাটীত খেল চাবলৈ অহাৰ সন্দৰ্ভত আনুষ্ঠানিকভাৱে কোনো কথা অৱগত কৰা নাই যদিও বৰ্ষাপাৰা ষ্টেডিয়ামত গেলাৰীত শ্বাহৰুখ খানৰ লগতে ৰাজস্থান ৰয়েলছৰ স্বত্বাধিকাৰৰ বাবে বিশেষ আসন সংৰক্ষণ কৰি ৰখা বুলিও উদ্যোক্তাসকলে সদৰী কৰিছে৷