Logo
image

শিলাবৃষ্টি, ধুমুহাই বিঘিনি ঘটাব পাৰে ভোট প্ৰচাৰত

'আমাৰ অসম'ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ২৯ এপ্রিলঃ অসমত ১৪ টা লোকসভা সমষ্টিৰ ভিতৰত ১৯ এপ্ৰিল আৰু ২৬ এপ্ৰিলত দুটা পৰ্যায়ত ১০ টা সমষ্টিৰ নিৰ্বাচন সামগ্ৰিকভাৱে শান্তিপূৰ্ণভাৱে সম্পন্ন হোৱাৰ পাছত অহা ৭ মে'ত তৃতীয় পৰ্যায়ত বাকী থকা চাৰিটা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব। ইতিমধ্যে এই চাৰিটা সমষ্টি ক্ৰমে - গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰীৰ নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত উঠিছে। আনকি সোমবাৰে সন্ধিয়া বিজেপিৰ শীৰ্ষ নেতা তথা কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰী অমিত শ্বাহে গুৱাহাটীত দলৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ বিশাল ৰোড শ্ব' অনুষ্ঠিত কৰি নিৰ্বাচনী প্ৰচাৰক নতুন মাত্ৰা প্ৰদান কৰে। 

ইফালে অহা ৫ মে'ত তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া সমষ্টি কেইটাৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। কিন্তু শিলাবৃষ্টি, ধুমুহাই তৃতীয় পৰ্যায়ৰ ভোট বা নিৰ্বাচনী প্ৰচাৰ অভিযানত বিঘিনি ঘটোৱাৰ আশংকা ঘনীভূত হৈছে। কিয়নো গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক পাঁচদিনত উত্তৰ পূৰ্বাঞ্চলৰ আন কেইবাখনো ৰাজ্যৰ লগতে অসমৰ বিভিন্ন ঠাইত গাজনি-ঢেৰেকনি , ধুমুহা-শিলাবৃষ্টিসহ মজলীয়াৰ পৰা ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি সতৰ্কতা জাৰি কৰিছে। 

বতৰ বিজ্ঞান কেন্দ্ৰৰ আশংকা যদি বাস্তৱত পৰিণত হয় তেন্তে বতৰে নিৰ্বাচনী প্ৰচাৰ অভিযানত বিঘিনি ঘটোৱাটো নিশ্চিত। উল্লেখ্য যে অসমীয়া পৰম্পৰা অনুসৰি ব'হাগ বিহুৰ সময়ত বৰদৈছিলা মাকৰ ঘৰলৈ যায়। যিটোক বতৰ বিজ্ঞানৰ ভাষাত ধুমুহা-বতাহ আহে বুলি কোৱা হয়। এইবেলি ব'হাগ মাহৰ আধা দিন পাৰ হোৱাৰ পাছতো যেন বৰদৈচিলা মাকৰ ঘৰলৈ যোৱা পৰ্ব শেষ হোৱা নাই। যাৰ বাবে  ব'হাগ বিহুৰ আগে-পাছে অহা ধুমুহাৰ ফলত ৰাজ্যৰ বিভিন্ন অঞ্চলত ঘৰ-দুৱাৰ ভাগি ক্ষতিসাধন হোৱাৰ বাতৰি পোৱা গৈছে। 

আনহাতে বিগত ৪৮  ঘণ্টাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত গাজনি-ঢেৰেকনি , শিলাবৃষ্টি-বৰষুণৰ সৈতে ধুমুহা-বতাহ আহিছে। ফলত বহু ঠাইত বিহু মঞ্চ ভাগি পৰাৰ লগতে গছ-গছনি উভালি পৰি ঘৰ-দুৱাৰৰ বিস্তৰ ক্ষতি সাধন হৈছে। আনকি ধুমুহাৰ ফলত মহিলাসহ দুজনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক আহত হ'বলগীয়া হোৱা বুলি জানিব পৰা গৈছে। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি বিগত  ২৪ ঘণ্টাত ৰাজ্যৰ বহু অঞ্চলত কম বেছি পৰিমাণে আৰু কিছু অঞ্চলত ধাৰাষাৰ পৰিমাণৰ বৰষুণ হৈছে।  সন্ধিয়া পৰ্যন্ত বিগত ২৪ ঘণ্টাত অসমৰ বৰাক উপত্যকাৰ বেচিভাগ ঠাইতে ধাৰাষাৰ পৰিমাণৰ বৰষুণ হৈছে। ইয়াৰ ভিতৰত শিলচৰত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে অভিলেখ বৰষুণৰ ৯  চেণ্টিমিটাৰ পৰিমাণৰ বৰষুণ হৈছে। আনহাতে বিগত ২৪ ঘণ্টাত গুৱাহাটীৰ হোৱা বৰষুণৰ পৰিমাণ আছিল ১ চেণ্টিমিটাৰ। 

ইফালে বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক পাঁচটা দিনত  ৰাজ্যৰ বেচিভাগ অঞ্চলতে আকাশ ডাৱৰীয়া হৈ থকাৰ লগতে বেছিভাগ অঞ্চলতে কম-বেছি পৰিমাণে আৰু কিছু কিছু ভিতৰুৱা বা সীমান্তবৰ্তী অঞ্চলসমূহত গাজনি-ঢেৰেকনি , শিলাবৃষ্টিৰ সৈতে বৰষুণ অহাৰ লগতে প্ৰতি ঘণ্টাত ৪০ৰ পৰা ৫০ কিলোমিটাৰ গতিবেগত  ধুমুহা-বতাহ আহিব পাৰে বুলি আশংকা ব্যক্ত কৰিছে। আনকি একে সময়তে ঠাইবিশেষে বজ্ৰপাতৰ সতৰ্কতা জাৰি কৰিছে। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে, আকাশ ডাৱৰীয়া হৈ মাজে মাজে বৰষুণ আহি থকা বাবে সোমবাৰৰ দিনটোত মেঘালয়ৰ ৰাজধানী শ্বিলং চহৰৰ সৰ্বাধিক তাপমাত্ৰা অসমৰ যোৰহাট, উত্তৰ লখিমপুৰ আৰু তেজপুৰ চহৰৰ প্ৰায় সমান হয়।  তিনিওখন চহৰৰ সৰ্বাধিক তাপমাত্ৰা আছিল ২৭  ডিগ্ৰী চেলচিয়াছৰ ভিতৰত। ইয়াৰ ভিতৰত ডিব্ৰুগড় চহৰৰ তাপমাত্ৰা শ্বিলং চহৰতকৈ ২ ডিগ্ৰী চেলচিয়াছ কম আছিল। তাৰ বিপৰীতে সোমবাৰৰ দিনটোত গুৱাহাটীসহ ৰাজ্যৰ বেছিভাগ চহৰ - নগৰৰ সৰ্বাধিক তাপমাত্ৰা স্বাভাৱিকতকৈ ১ পৰা ৭ ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত ওপৰত আছিল।  অসমৰ ভিতৰত ধুবুৰী চহৰত সৰ্বাধিক তাপমাত্ৰাৰ পৰিমাণ আছিল ৩৮.১ ডিগ্ৰী চেলচিয়াছ। যিটো স্বাভাৱিকতকৈ ৬.৭ ডিগ্ৰী চেলচিয়াছ বেছি আছিল। যাৰ বাবে ক'ৰবাত বৰষুণ আৰু ক'ৰবাত তীব্ৰ গৰমৰ বাবে নিৰ্বাচনী প্ৰচাৰ অভিযানত প্ৰাৰ্থীসকল ভীষণ অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হয়।