Logo
image

গঁড়ক সুৰক্ষা দিব নোৱাৰা ৰকিবুলে ধুবুৰীৰ জনতাক কিদৰে সুৰক্ষা দিবঃ মন্ত্ৰী অতুল বৰা

'আমাৰ অসম'ৰ গোৱালপাৰাৰ প্ৰতিবেদক, ২৯ এপ্ৰিলঃ অহা ৭ মে'ত অনুষ্ঠিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ অংশ হিচাপে ধুবুৰী সংসদীয় সমষ্টিতো ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। সেয়ে সংসদীয় সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰে আকৰ্ষণীয় ৰূপ লৈছে। দিন-ৰাতি একাকাৰ কৰি লোকসভা সমষ্টিটোত ৰাজনৈতিক নেতা আৰু ষ্টাৰ কেম্পেইনাৰে আকাশে-বতাহে হেলিকপ্টাৰ উৰুৱাৰ লগতে গাড়ী-মটৰেৰে ধূলি উৰুৱাই নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে৷ 

লোকসভা সমষ্টিটোত কংগ্ৰেছ এআইইউডিএফৰ সমান্তৰালকৈ বিজেপি মিত্ৰজোঁটৰ ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী জাভেদ ইছলামৰৰো নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। ধুবুৰী লোকসভা সমষ্টিত অগপৰ প্ৰাৰ্থী জাভেদ ইছলামক জয়ী কৰিবলৈ দলৰ শীৰ্ষ পৰ্যায়ৰ নেতা ৱ-কৰ্মীসকলে নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে। ইয়াৰ অংশ হিচাপে সোমবাৰে ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত গোৱালপাৰা চহৰৰ ভাটিপাৰাত অগপৰ এখনি নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়। উক্ত প্ৰচাৰ সভাত প্ৰাৰ্থী জাভেদ ইছলামৰ হৈ প্ৰচাৰ চলাই সভাপতি মন্ত্ৰী অতুল বৰাই। অগপৰ মহিলা পৰিষদৰ সভানেত্ৰী ইন্দিৰা মেধিয়ে সভাপতিত্ব কৰা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে গোৱালপাৰা পূব বিধান পৰিষদৰ সভাপতি আব্দুৰ ৰহিম জিব্ৰানে। যুৱ পৰিষদৰ সভাপতি দিবাকৰ মেধিয়ে পৰিচালনা কৰা সম্বৰ্ধনা সভাৰ পিছতে অগপ-বিজেপি দলৰ সম্বয়ক গোপী ঘোষে আজমলক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে কংগ্ৰেছ আৰু এআইইউডিএফ এটা মুদ্ৰাৰ ইপিঠি সিপিঠি।আজমলে ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীক মাজে মাজেই সাক্ষাৎ কৰে। 

সভাত এপিডিএচএলৰ সঞ্চালক ড° প্ৰকাশ কাশ্যপে ভাষণ প্ৰদান কৰি কয় যে এইবাৰ  ধুবুৰী লোকসভা সমষ্টিত আজমল শূন্য, কংগ্ৰেছ শূন্য কৰিব লাগিব। আজমল কোনো দিনে শাসনত আহিব নোৱাৰে। আজমলে কেৱল নিজৰ ব্যৱসায়ী সাম্ৰাজ্য বিস্তাৰ কৰিছে। ৰাইজৰ উন্নয়নৰ বাবে একো কৰা নাই। ৰকিবুলে বনমন্ত্ৰী থকাৰ সময়ত প্ৰতিদিনে গঁড় হত্যা চলিছিল। জাভেদ ইছলামে নিজৰ পিতৃ-মাতৃ বিধায়ক আছিল। গতিকে তেওঁ এগৰাকী স্থানীয় আৰু যোগ্য প্ৰাৰ্থী। এইবাৰ পুনৰ নৰেন্দ্ৰ মোদীয়েই প্ৰধানমন্ত্ৰী হোৱাটো নিশ্চিত। তেওঁ আৰু কয় যে অৰুণোদয় আঁচনি, ৰেচন কাৰ্ড, আয়ুষ্মান কাৰ্ড আমি দিম, আপোনালোকে ভোটো নিদিব আৰু চৰকাৰী সহায় বিচাৰিব। এইটো হ'ব নোৱাৰে। যিহেতু আমি আপোনালোকৰ উন্নয়ন কৰিম। গতিকে ভোট আমাক দিব লাগিব। 

সভাত অগপৰ কেন্দ্ৰীয় সভাপতি তথা মন্ত্ৰী অতুল বৰাই  ভাষণ প্ৰসংগত কয় যে স্বাধীনতাৰ পিছত যুগ যুগ ধৰি কংগ্ৰেছে শাসন কৰিছিল৷ কিন্তু চৰৰ সংখ্যালঘু ৰাইজৰ মাটীৰ পট্টা দিয়া নাছিল, শিক্ষাৰ ব্যৱস্থা কৰা নাছিল। এইবাৰ লোকসভা নিৰ্বাচনত বৰপেটাত আমি এশ শতাংশই জয়ী হ'ম। বৰপেটাত কংগ্ৰেছ আৰু চিপিআইএমৰ প্ৰাৰ্থীৰ কোনো কাম নহ'ব। ধুবুৰীতো আমাৰ প্ৰাৰ্থী জাভেদ ইছলাম জয়ী হ'ব। মুখ্যমন্ত্ৰীয়ে এইবাৰ ধুবুৰীক লৈ যথেষ্ট গুৰুত্ব দিছে। ধুবুৰীত মুখ্যমন্ত্ৰীৰ কেইবাখনো নিৰ্বাচনী সভা কৰি আছে। মন্ত্ৰী বৰাই ৰকিবুলক তীব্ৰ সমালোচনা কৰি কয় যে যিগৰাকী ৰকিবুলে গঁড়ক সুৰক্ষা দিব নোৱাৰিলে, তেওঁ আৰু সমস্যা বহুল ধুবুৰীৰ জনতাক কি সুৰক্ষা দিব। তেওঁ আৰু কয় যে ধুবুৰী লোকসভা সমষ্টিত দীৰ্ঘদিন ধৰি  কংগ্ৰেছে শাসন কৰিছিল আৰু সংখ্যালঘু ৰাইজেও গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল যদিও কংগ্ৰেছে সংখ্যালঘু ৰাইজৰ বাবে একো কৰা নাই। ইয়াৰ পিছত আজমল আহিল আৰু আজমলৰ এটাই লক্ষ্য হ'ল তেওঁৰ ব্যৱসায়িক সাম্ৰাজ্য বিস্তাৰ কৰা। গতিকে এইবাৰ ধুবুৰীৰ ৰাইজে কংগ্ৰেছ আৰু আজমল মুক্ত কৰিব বিচাৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত এতিয়া সৰ্বদিশতে উন্নয়ন হৈছে। বিশেষকৈ গোৱালপাৰা জিলাত গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধ, ৰাস্তাঘাট আদি বিভিন্ন দিশত উন্নয়ন হৈছে। ইয়াৰ পিছতে মন্ত্ৰী বৰাই গাৰোবজাৰ আৰু চেঁচা পানীত দুখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ ৰকিবুল হুছেইন আৰু এআইইউডিএফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলক ক্ষুৰধাৰ সমালোচনা কৰে আৰু অগপৰ প্ৰাৰ্থী জাভেদ ইছলামক ভোট দান কৰিবলৈ সভাত উপস্থিত ৰাইজক আহ্বান জনায়।