Logo
image

কংগ্ৰেছৰ ইস্তাহাৰত ‘কা’ প্ৰসংগ নাই কিয়? প্ৰশ্ন আতিশীৰ

‘আমাৰ অসম’ৰ গুৱাহাটী আৰু তিনিচুকীয়াৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ এপ্ৰিল : ‘কা’ মানি নলয় আম আদমি পাৰ্টীয়ে৷ কিন্তু ‘কা’ক লৈ কংগ্ৰেছৰ স্থিতিও সন্দেহজনক৷ ‘কা’ৰ বিৰোধিতা কৰি বক্তব্য ৰাখে কংগ্ৰেছে৷ কিন্তু কংগ্ৰেছৰ ইস্তাহাৰত ‘কা’ৰ বিৰোধিতাৰ এটা শব্দও নাই কিয়৷ এই ভাষ্য আপৰ ৰাষ্ট্ৰীয় নেত্ৰী তথা দিল্লী চৰকাৰৰ শিক্ষামন্ত্ৰী আতিশী মাৰলেনাৰ৷ মঙলবাৰে তিনিচুকীয়াত বিশাল ৰোডশ্ব’ত ভাগ লৈ আতিশীয়ে আৰু কয়– বিজেপিয়ে ভয় খাইছে৷ সেইবাবেই সৰ্বানন্দ সোণোৱালৰ হৈ প্ৰচাৰ চলোৱাৰ বাবে আহিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ৷’ মঙলবাৰে বিয়লি তিনিচুকীয়াত এক ৰোড শ্ব’ত অংশগ্ৰহণ কৰি এইদৰে কয় ‘আপ’ৰ নেত্ৰীগৰাকীয়ে৷ উল্লেখ্য, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আজি তিনিচুকীয়া আগমনক কেন্দ্ৰ কৰি কঠোৰ নিৰাপত্তা বেষ্টনীৰে সমগ্ৰ চহৰখন এক অভেদ্য দূৰ্গত পৰিণত কৰি তোলাৰ মাজতে গৃহমন্ত্ৰীৰ কাৰ্যসূচীৰ ঠিক আগে আগে অসমীয়া মেখেলা-চাদৰ পৰিধানেৰে তিনিচুকীয়া চহৰত এক ৰোড শ্ব’ত অংশগ্ৰহণ কৰি চমক দিয়ে দিল্লী চৰকাৰৰ শিক্ষামন্ত্ৰীগৰাকীয়ে৷ বিজেপি দলৰ ডিব্ৰুগড় সমষ্টিৰ হাইপ্ৰ’ফাইল প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ প্ৰচাৰ চলোৱাৰ বাবে তিনিচুকীয়াত এক বিশাল ৰোড শ্ব’ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লগত লৈ অংশগ্ৰহণ কৰাৰ কিছুসময়ৰ পূৰ্বে ডিব্ৰুগড় সমষ্টিৰ দলীয় প্ৰাৰ্থী মনোজ ধানোৱাৰৰ হৈ প্ৰচাৰ চলোৱাৰ বাবে এক ৰোড শ্ব’ত অংশগ্ৰহণ কৰে আতিশীয়ে৷ চহৰখনৰ দহোতীয়াচুক বিহুতলীৰ পৰা থানা চাৰিআলি হৈ তিনিকোণীয়ালৈকে প্ৰাৰ্থীগৰাকীৰ সৈতে কেইবা হাজাৰ সমৰ্থকক লগত লৈ কেইবাখনো গাড়ীৰ কনভয়ৰে ‘আপ’ৰ নেত্ৰীগৰাকীৰ উপস্থিতিত এই ৰোড শ্ব’ উলিয়ায়৷ তিনিকোণীয়াত ৰোড শ্ব’ সামৰণি পৰাৰ পাছত দিয়া ভাষণত শাসকীয় দলটোৰ সমালোচনাত মুখৰ হৈ পৰা আতিশীয়ে কয় যে ডাবল ইঞ্জিনৰ চৰকাৰ আহিলে ভাল হ’ব বুলি মিছা প্ৰতিশ্ৰুতি দিয়া বিজেপিৰ শাসনকালত অসমত হাজাৰ হাজাৰ চৰকাৰী বিদ্যালয় বন্ধ হ’ল, চিকিৎসালয়ত প্ৰয়োজনীয় সামগ্ৰীৰ অভাৱে দেখা দিলে, চাহ শ্ৰমিকৰ অৱস্থা বেয়ালৈ গ’ল৷ ৰাইজে কংগ্ৰেছক সুযোগ দি চালে৷ বিজেপিক সুযোগ দি চালে৷ এইবাৰ মাত্ৰ এটা সুযোগ অৰবিন্দ কেজৰিৱালৰ ‘আপ’ক দিবলৈ তেওঁ আহ্বান জনায়৷ অৰবিন্দ কেজৰিৱালৰ হৈ আতিশীয়ে উন্নত চৰকাৰী বিদ্যালয়, উন্নত চিকিৎসা ব্যৱস্থা আৰু চাহ শ্ৰমিক ৰাইজৰ উন্নয়নৰ বাবে কাম কৰাৰ গেৰাণ্টী দিয়ে৷ 

মাৰ্ঘেৰিটাত আপৰ নেত্ৰী আতিশীৰ নিৰ্বাচনী প্ৰচাৰ

আমাৰ অসমৰ লিডুৰ প্ৰতিবেদক : নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দল সমূহৰ মাজত ব্যাপক তৎপৰতা পৰিলক্ষিত হৈছে৷ ব্যতিক্ৰম নহয় ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত মাৰ্ঘেৰিটা বিধানসভা সমষ্টিও৷ প্ৰাৰ্থী সকলৰ হৈ প্ৰচাৰ চলাবলৈ সমষ্টিটো লৈ বিভিন্ন দলৰ আগশাৰীৰ নেতা সকলৰ আগমণ ঘটিছে৷ প্ৰতিটো ৰাজনৈতিক দলে অনুষ্ঠিত কৰিছে এখনৰ পাছত এখন নিৰ্বাচনী সভা৷ আজি আম আদমী পাৰ্টীৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ মাৰ্ঘেৰিটাত উপস্থিত হয় আপৰ এগৰাকী কেন্দ্ৰীয় নেত্ৰী তথা দিল্লী চৰকাৰৰ শিক্ষামন্ত্ৰী আতিশী সিঙ৷ ব্লক তিনি আলিৰ পৰা বাইক ৰেলীৰে আদৰি সভাস্থলীলৈ আনে আপৰ সমৰ্থক সকলে৷ সভা স্থলীত উপস্থিত হোৱাৰ লগে-লগে নেত্ৰী গৰাকীক বিপুল আদৰণি জনোৱা হয়৷ মাৰ্ঘেৰিটা নগৰৰ কেন্দ্ৰীয় খেলপথাৰত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি দিয়া ভাষণত আক্ৰমণৰ লক্ষ্য কৰি লয় আতিশী সিঙে গেৰুৱা দলক৷ ডিব্ৰুগড় লোকসভা সমষ্টিত আপৰ প্ৰাৰ্থী গৰাকী তথা আম আদমী পাৰ্টীলৈ বিজেপিয়ে ভয় কৰিছে বুলি উল্লেখ কৰি সমষ্টিটোলৈ মোদী, অমিত শ্বাহ আদি বিভিন্ন নেতাই গেৰুৱা দলৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ সমষ্টিটো লৈ আহিবলৈ লৈছে বুলি কয়৷ চাহ শ্ৰমিকৰ মজুৰি ৩৫১ টকা কৰা, ভূমি পট্টাবিতৰণ কৰা আদি মিছা প্ৰতিশ্ৰুতিৰে বিগত নিৰ্বাচনত জয়লাভ কৰে৷ আম আদমী পাৰ্টী ক্ষমতা লৈ আহিলে চাহ শ্ৰমিকৰ মজুৰি ৪৫০ টকা কৰাৰ লগতে ভূমিৰ অধিকাৰ প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে৷ দিল্লীত কেজৰিৱালৰ নেতৃত্বত শিক্ষা আৰু স্বাস্থ্য খণ্ডৰ আমুল পৰিবৰ্তন ঘটাই জনসাধাৰণক উপকৃত কৰাৰ বিপৰীতে অসমত চৰকাৰী বিদ্যালয় বন্ধ হব লগা হৈছে বুলি অভিযোগ কৰে৷ অসমৰ স্বাস্থ্য খণ্ডতো প্ৰকৃত উন্নয়ন হোৱা নাই বুলি অভিযোগ কৰি কয় যে দিল্লী চৰকাৰৰ মহল্লা ক্লিনিকটো পৰ্যাপ্ত চিকিৎসক আৰু ঔষধৰ ব্যৱস্থা আছে৷ কেন্দ্ৰ আৰু ৰাজ্যত ভাজপা দলৰ চৰকাৰ থকাৰ পাছতো অসমৰ যি দৰে উন্নয়ন হব লাগিছিল তেনেদৰে হোৱা নাই৷ বিজেপি ক্ষমতালৈ আহিলে বিদেশীয়ে টালি টোপোলা বান্ধি যাব লাগিব বুলি প্ৰতিশ্ৰুতি দিয়া বিজেপিয়ে বিদেশীক মাটি ভেটি, দি চাকৰি দিয়াৰ বাবে কা আনিছে বুলি অভিযোগ কৰে৷ সকলো ক্ষেত্ৰতে উন্নয়নৰ স্বাৰ্থত আপক ভোট দিয়াৰ আহ্বান জনায় নেত্ৰী গৰাকীয়ে৷ সভাত আপৰ উত্তৰ পূৰ্বাঞ্চলৰ দায়িত্বত থকা ৰাজেশ শৰ্মা, আপৰ ৰাজ্যিক সভাপতি ভবেন চৌধুৰী আৰু আপৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী মনোজ ধানোৱাৰ উপস্থিত থাকি বক্তব্য আগবঢ়ায়৷ ৰাজেশ শৰ্মাই ভাষণত গেৰুৱা দলক তীব্ৰ সমালোচনা কৰে৷ আপৰ শাসনাধীন দিল্লীত চৰকাৰী শিক্ষানুষ্ঠান ৰ মান ইমানেই উন্নত যে প্ৰাইভেট স্কুলৰ পৰা চৰকাৰী শিক্ষানুষ্ঠান লৈ ছাত্ৰ ছাত্ৰী আহে৷ আপৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে ভাষণত বিজেপি দলে শেহতীয়াকৈ ভুৱা প্ৰতিশ্ৰুতিৰে অৰুণোদয় ফৰ্ম বিতৰণ কৰা প্ৰসংগ উৎত্থাপন কৰি ৰাইজৰ আৰুৰাজ্যৰ উন্নয়নৰ স্বাৰ্থত আম আদমী পাৰ্টীক ভোট দিয়াৰ আহ্বান জনায়৷