Logo
image

মুখ্যমন্ত্ৰীৰ ৰাজহাড় বেঁকা কিয়? ভূপেনৰ প্ৰশ্ন

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ এপ্ৰিলঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সন্মুখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজহাড় বেঁকা হয় কিয় সেই সন্দৰ্ভত ভেদ ভাঙি দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই৷ তেওঁ বৃহস্পতিবাৰে তেজপুৰত নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লৈ কয়– অসমৰ তিনি কোটি চল্লিশ লাখ লোকৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সন্মুখত ৰাজহাড় বেঁকা হৈ থাকে৷ কাৰণ গৃহমন্ত্ৰীৰ হাতত আছে ইডি, চি বি আই, আৰক্ষী৷ সেইবাবে তেওঁক ভয় কৰে মুখ্যমন্ত্ৰী শৰ্মাই৷ দুখীয়া ৰাইজৰ ওচৰতহে মুখ্যমন্ত্ৰীজনে বুকু ফিন্দাই থাকে৷ ইফালে, মুখ্যমন্ত্ৰী শৰ্মাই ভূপেন বৰাক বিজেপিলৈ আহিলে ভূপেন বৰা মুখ্যমন্ত্ৰী হ’ব পাৰিব বুলি পুনৰ কটাক্ষ কৰে৷ তেওঁ কয়– ভূপেন বৰা মুখ্যমন্ত্ৰী হ’ব পাৰে৷ কিন্তু তেওঁ তাৰ আগতে বিজেপিলৈ আহিব লাগিব৷ তেওঁ বিজেপিলৈ অহাটো নিশ্চিত৷ 
 
‘আমাৰ অসম’ৰ গহপুৰৰ প্ৰতিবেদকঃ শোণিতপুৰ সমষ্টিত বৰ্তমানো এজন চাহ জনগোষ্ঠীৰ ব্যক্তি এম পি হৈ আছে কিন্তু চাহ জনগোষ্ঠীৰ লোকক এইবাৰ টিকট নিদি এইবাৰ এম এল এ হৈয়ে থকা তেওঁকে বিজেপিয়ে আকৌ টিকট দিছে৷ বিজেপিৰ নিচিনাকৈ আমি ধন টকা পইচা দি মিছা কথা কৈ প্ৰলোভন দি আমি কংগ্ৰেছে কেতিয়াও ভোট নিবিচাৰোঁ৷ আজি ১১নং শোণিতপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত গহপুৰৰ বালিজান কটকীচুকত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই এইদৰে কয়৷ গহপুৰ কংগ্ৰেছৰ সমষ্টিৰ সভাপতি হিমন্ত বিজয় মহন্তৰ সভাপতিত্ব অনুষ্ঠিত শোণিতপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ তথা বিৰোধী ঐক্য মঞ্চৰ মনোনীত প্ৰাৰ্থী প্ৰেমলাল গুঞ্জুৰ হৈ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ভূপেন কুমাৰ বৰাই আৰু কয়– বিজেপিয়ে কৈছিল কংগ্ৰেছে ষাঠি বছৰে কৰিব নোৱাৰা কামবোৰ ৬০ দিনতে সমাধান কৰি দিব৷ চৰকাৰ পৰিৱৰ্তন হ’ল কিন্তু আমাৰ ৰাইজৰ অভাৱৰ কোনো পৰিৱৰ্তন নহ’ল৷ তেওঁলোকে ছমাহত ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি কৈছিল কিন্তু এতিয়াও জনজাতিকৰণ নকৰিলে৷ বিজেপি চৰকাৰে অৰুণোদয় দি দৰৱৰ দাম তিনি গুণ বঢ়ালে৷ গেছ চিলিণ্ডাৰ দাম বঢ়ালে বাটে বাটে টোল গেটত পইচা দি যাব লগা হ’ল৷ বিজেপি চৰকাৰে চামুচেৰে দি বেলচা মাৰি নিছে৷ অংগনৱাড়ী কৰ্মী, ৰান্ধনী, আশাকৰ্মী, টে’ট শিক্ষক টিউটৰসকলে কিমান আন্দোলন কৰিলে, ধৰ্ণা দিলে কিন্তু বিজেপি চৰকাৰে কোনো গুৰুত্বই নিদিলে৷ বিজেপিয়ে কিনো মানুহক গুৰুত্ব নিদিয়ে গণতান্ত্ৰিক আন্দোলনক গুৰুত্ব নিদিয়ে৷ কেৱল পুঁঁজিপতিসকলৰ হে চৰকাৰ৷ গহপুৰৰ ৰাইজে প্ৰেমলাল গুঞ্জু দৰে সৰ্বসাধাৰণৰ মাজৰ এজনক ভোট দি জয়যুক্ত কৰিব৷ আপোনালোকৰ এটা এটা বুঢ়া আঙুলিৰ টিপাত নৰেন্দ্ৰ মোদীৰ চকীখন বহি গৈ থাকিব৷ ইয়াৰ এমএলএ জন বেয়া মানুহ বুলি নকও৷ তেওঁ ডবা খেলৰ পিলিৰ দৰে৷ মুখ্যমন্ত্ৰীয়ে যি ফালে দিয়ে সেই ফালেই যায়৷ কংগ্ৰেছৰ জে্যষ্ঠ নেতা প্ৰাক্তন সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি বলিন কুলি বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাকে ধৰি কেইবাজনো নেতা উপস্থিত থকা সভাখনত মনোনীত প্ৰাৰ্থী প্ৰেমলাল গুঞ্জুৱে বিজেপিক হৰুৱাবলৈকে বিৰোধী দলসমূহ একত্ৰিত হ’ব লগা হৈছে৷ ভ্ৰষ্টাচাৰ-দুৰ্নীতিপৰায়ণ বিজেপিক আঁতৰাবলৈকে কংগ্ৰেছক ভোট দিবলৈ আহ্বান জনায়৷