Logo
image

‘কা’ৰ বিৰুদ্ধে ১৪৮খন আৱেদনৰ ৫৩খনেই উত্তৰ-পূবৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৬ এপ্ৰিলঃ সংশোধিত নাগৰিকত্ব আইনৰ নিয়মাৱলী বাতিল কৰিবলৈ নেছ’ৱে ৰুজু কৰা গোচৰ সন্দৰ্ভত সোমবাৰে শুনানি গ্ৰহণ কৰে উচ্ছতম ন্যায়ালয়ে৷ উচ্ছতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ জে বি পাৰডিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ বিচাৰপীঠে গ্ৰহণ কৰে শুনানি৷ উল্লেখযোগ্য যে ‘কা’ বাতিলৰ বাবে ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাই উত্তৰ-পূৰ্বাঞ্চলৰ পৰা প্ৰথমখন আবেদন দাখিল কৰিছিল আৰু সেয়ে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা দাখিল হোৱা ৫৩খন আবেদনৰ সদৌ অসম ছাত্ৰ সন্থাৰ আবেদনখনক মুখ্য আবেদন হিচাবে গণ্য কৰা হৈছে৷ অন্যহাতেদি সমগ্ৰ ভাৰতবৰ্ষৰ পৰা দাখিল হোৱা ১৪৮খন আবেদনৰ ইউএমএলৰ আবেদনক মুখ্য আবেদন হিচাবে গণ্য কৰা হৈছে৷ সদৌ অসম ছাত্ৰ সন্থাৰ উপৰিও নেছ’, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু আন আন সংগঠন আৰু ব্যক্তিয়ে আবেদন দাখিল কৰিছে৷ ‘কা’ৰ নিয়মাৱলী প্ৰয়োগ কৰাৰ পাছত সদৌ অসম ছাত্ৰ সন্থাই প্ৰথমখন ‘কা’ৰ নিয়মাৱলী স্থগিতকৰণ আৰু নিয়মাৱলী বাতিলৰ বাবে আবেদন আৰু লেখ আবেদন দাখিল কৰে৷ তাৰ পাছত নেছ’ই নিয়মাৱলী স্থগিতকৰণৰ বাবে আবেদন আৰু নিয়মাৱলী বাতিলৰ বাবে লেখ আবেদন দাখিল কৰে৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু বিভিন্ন সংগঠন, ব্যক্তিয়ে নিয়মাৱলী স্থগিতকৰণৰ বাবে আবেদন দাখিল কৰিছে৷ আবেদন সন্দৰ্ভত এবাৰ শুনানি হৈছে৷ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য হোৱা নাই৷ ‘কা’ৰ নিয়মাৱীল বাতিল কৰিবলৈ নেছ’ই দাখিল কৰা লেখ আবেদনৰ ওপৰত সোমবাৰে শুনানি হয়৷ শুনানীত উত্তৰ-পূৰ্বাঞ্চলৰ চাৰিখন ৰাজ্যত ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা প্ৰবৰ্তন কৰি এই ৰাজ্যসমূহক ‘কা’ পৰা ৰেহাই দি প্ৰণয়ন কৰা আইনৰ ওপৰতো নেছ’ৰ অধিবক্তাই বিচাৰপীঠক অবগত কৰে৷ শুনানিৰ পাছত বিষয়টো ‘কা’ সম্পৰ্কীয় অসম তথা উত্তৰ-পূৰ্বাঞ্চলক লৈ থকা গোটত সংযোগ কৰি পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ’ব বুলি বিচাৰপীঠে কয়৷ উচ্ছতম ন্যায়ালয়ত শুনানিৰ উপৰি থকা নেছ’ৰ অধ্যক্ষ চেমুৱেল জেৰৱা, মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল ভট্টাচাৰ্যই শুনানিৰ পিচত কয়–‘কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্য মিজোৰাম, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মণিপুৰক ‘কা’ৰ পৰা ৰেহাই দিছে৷ ষষ্ঠ অনুসূচীৰ অন্তৰ্ভূক্ত এলেকা হিচাবে ত্ৰিপুৰাৰ ৭০%, মেঘালয়ত ৯৮%, অসমৰ ৩৫ খন জিলাৰ ভিতৰত ৮ খন জিলাক ৰেহাই দিছে৷ এতিয়া প্ৰশ্ন হ’ল–উত্তৰ-পূৰ্বাঞ্চলত ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্য অসম ষষ্ঠ অনুসূচীৰ অন্তৰ্গত এলেকাৰ বাবে যদি ‘কা’ বেয়া তেন্তে ইয়াৰ অন্তৰ্ভুক্ত নোহোৱা উত্তৰ-পূৰ্বাঞ্চলত বাকীবোৰ ঠাইৰ বাবে ‘কা’ কেনেকৈ ভাল হ’ব? ই ঘোৰ অন্যায়৷ উচ্ছতম ন্যায়ালয়ে ন্যায় দিব বুলি আশা কৰিছোঁ৷ উচ্ছতম ন্যায়ালয়ৰ ওপৰত বিশ্বাস আছে৷’