Logo
image

হায় গুৱাহাটী!

কেন্দ্ৰীয় আৱাসন আৰু নগৰ উন্নয়ন পৰিক্ৰমা মন্ত্ৰণালয়ে অলপতে প্ৰকাশ কৰা তালিকামতে দেশৰ ভিতৰত পৰিচ্ছন্ন মহানগৰীৰূপে শীৰ্ষস্থান লাভ কৰিছে মধ্য প্ৰদেশৰ ইন্দোৰ মহানগৰে৷ দেশৰ বৃহৎ মহানগৰসমূহৰ ভিতৰত সৰ্বাধিক সফল, দক্ষ পৌৰ নিগম ৰূপে স্বীকৃতি লাভ কৰাৰ অন্তৰালত আছে নিগমৰ প্ৰশাসক, বিষয়া-কৰ্মচাৰীৰ পৰা চাফাই কৰ্মীলৈকে সকলো পৰ্যায়ৰ লোকৰ কৰ্মনিষ্ঠা, দায়বদ্ধতা আৰু সুন্দৰ আন্তঃগাঁথনি৷ পৌৰ নিগমৰ সু-পৰিচালনাৰ বাবে আৱৰ্জনাসমূহৰ পৃথকীকৰণ, আৱৰ্জনাৰ পৰা উৎপাদনশীলতা, নাগৰিকক মহানগৰী পৰিচ্ছন্ন কৰি ৰখাত জড়িতকৰণ, অগ্নিনিৰ্বাপন, পানী যোগান বিভিন্ন ব্যৱসায়-বাণিজ্যৰ লাইচেন্স প্ৰদান, অনাময় ব্যৱস্থা, এম্বুলেন্স সেৱা, সম্পত্তিৰ কৰ, পঞ্জীয়ন আদি অতি বিজ্ঞানসন্মত আৰু পৰিকল্পিতভাৱে সম্পাদন কৰা হয়৷ তথ্য-প্ৰযুক্তি সঠিক ব্যৱহাৰৰ যোগেদি সঠিকভাৱে কৰদাতা ৰাইজৰ পৰা সংগ্ৰহ, অভাৱ-অভিযোগ নিস্পত্তি, পঞ্জীয়ন, লাইচেন্সৰ আবেদন আদি পৰিচালিত হোৱাৰ বাবে ইন্দোৰ পৌৰ নিগমৰ কাম-কাজো খৰতকীয়া৷ মুঠতে এখন বৃহৎ মহানগৰৰ পৌৰ নিগম ৰূপে ইন্দোৰে বৰ্তমান দেশজুৰি স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে৷ কেন্দ্ৰীয় নগৰ উন্নয়ন পৰিক্ৰমা মন্ত্ৰণালয়ৰ সমীক্ষামতে দহলাখৰ অধিক জনসংখ্যা থকা দেশৰ ৪৯খন মহানগৰৰ ভিতৰত স্বাচ্ছন্দ্যৰ জীৱন-যাপনৰ বাবে প্ৰথম পছন্দৰ স্থান ৰূপে আখ্যা দিয়া হৈছে বেংগালুৰুক৷ লক্ষণীয়ভাৱে উত্তৰ-পূব দুৱাৰমুখৰূপে জনাজাত গুৱাহাটী মহানগৰে অতি পুতৌজনক ৪৬সংখ্যক স্থানহে অৰ্জন কৰিছে৷ কেন্দ্ৰীয় চৰকাৰৰ ঘোষিত তালিকাখনত যোগাযোগৰ বাদে সকলো দিশতে গুৱাহাটীয়ে ব্যৰ্থতা প্ৰদৰ্শন কৰিছে৷ সেৱা প্ৰদান, পৰিকল্পনা, বিত্তীয় ব্যৱস্থা, প্ৰশাসন, আন্তঃগাঁথনি আদি ব্যৱস্থাসমূহৰ আধাৰত পৌৰ নিগমসমূহৰ শ্ৰেষ্ঠত্ব নিৰ্বাচন কৰা হয়৷ গুৱাহাটীয়ে এই ক্ষেত্ৰতো সফলতা অৰ্জনত ব্যৰ্থ হৈছে৷ ইয়াৰ বিপৰীতে ছুৰাট, ভূপাল, পুনে, আহমেদাবাদ, ৰায়পুৰ, বৃহত্তৰ মুম্বাই, বিশাখাপট্টনম আদি শ্ৰেষ্ঠ মহানগৰসমূহৰ ভিতৰত স্থান অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ শিক্ষাৰ ক্ষেত্ৰত অগ্ৰণী স্থান লাভ কৰা মহানগৰৰ তালিকাতো নাম নাই গুৱাহাটীৰ৷ এই তালিকাত থিৰুৱনন্তপুৰমে প্ৰথম স্থান লাভ কৰিছে৷ অৰ্থনৈতিক কাম-কাজৰ ক্ষেত্ৰত বেংগালুৰু, দিল্লী, আহমেদাবাদ আদি শীৰ্ষস্থানত আছে৷ উত্তৰ-পূৰ্বাঞ্চলৰ মূল মহানগৰ গুৱাহাটীৰ উন্নয়নক লৈ শাসনাধিষ্ঠিত বিজেপি চৰকাৰে বিগত পাঁচ বছৰত বহুবোৰ ঘোষণা কৰিলে৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বহুবাৰ ‘এক্ট ইষ্ট পলিচী’ৰ দোহাই দি ‘আছিয়ান’ ৰাষ্ট্ৰসমূহৰ সৈতে বাণিজ্যিক সম্বন্ধ স্থাপনৰ দ্বাৰা যুগান্তকাৰী পৰিৱৰ্তন হ’ব বুলি বহুবাৰ সপোনো দেখুৱালে৷ কিন্তু কাৰ্যতঃ কি হ’ল? ‘এডভাণ্টেজ আসাম’, ‘স্মাৰ্ট চিটী’ৰ ঘোষণা সমূহৰ কিমান শতাংশ কাৰ্যকৰী হ’ল সেয়া সকলোৰে জ্ঞাত৷ প্ৰধানমন্ত্ৰী মোদীয়ে তাহানিতে ব্ৰহ্মপুত্ৰৰ দৰে মহানদ থকা সত্ত্বেও গুৱাহাটীত খোৱাপানীৰ অভাৱ অতি হাস্যকৰ বুলি তদানীন্তন কংগ্ৰেছ চৰকাৰক সমালোচনা কৰিছিল৷ কেন্দ্ৰত বিজেপি আৰু অসমত বিজেপি চৰকাৰ থকাৰ সত্ত্বেও গুৱাহাটীত খোৱাপানী আঁচনিকে এই পৰ্যন্ত কাৰ্যকৰী নহ’ল৷ গুৱাহাটী পৌৰ নিগম, জি এম ডি এ আদিয়ে ইন্দোৰৰ দৰে গুৱাহাটীকো সজাই তুলিবলৈ কৰা চেষ্টা কোনোবাই দেখিছেনে? অতি অপৰিকল্পিতভাৱে গুৱাহাটী মহানগৰত বাসগৃহ, ব্যৱসায় প্ৰতিষ্ঠান আদি নিৰ্মাণ হোৱাৰ বাবে পানী যোগান, পথ নিৰ্মাণ, পানী নিষ্কাশন আদি বাধাগ্ৰস্ত হৈছে৷ এতিয়া নিৰ্বাচনৰ বতৰ৷ এইবাৰো শাসনাধিষ্ঠ নেতা-মন্ত্ৰীৰ পৰা বিৰোধী সকলোৱে পুনৰ একেই ৰেকৰ্ড বজাব গুৱাহাটী উন্নয়নক লৈ৷ আশাবাদী ৰাইজেও ভাবিব এইবাৰ হ’বই৷ ভোট শেষ হোৱাৰ  পাছত জয়ী সকলে মন্ত্ৰী, এম এল এ হৈ পুনৰ প্ৰতিশ্ৰুতি পাহৰিব৷ সময়তে সমস্যাসমূহ সমাধান নকৰা আৰু প্ৰকল্পসমূহ সম্পূৰ্ণ নকৰাৰ বাবে পৰিস্থিতি দিনে দিনে জটিল হৈ পৰিছে৷ দেশৰ ৪৯খন মহানগৰৰ ভিতৰত গুৱাহাটীয়ে ৪৬ সংখ্যক স্থান পোৱা বিষয়টো ৰাজ্যখনৰ বাবে এক লজ্জাৰ বিষয়৷