Logo
image

ৰাজ্যৰ ৰাজনীতিৰ শেহতীয়া ৰূপ

অসমৰ ৰাজনীতিত এতিয়া ধন-জন আৰু বাহুবলৰ ৰাজত্ব চলিছে৷ ৰাজনৈতিক বাতাৱৰণ হৈ পৰিছে ‘বল যাৰ মুলুক তাৰ’ লেখীয়া৷ বাহুবলী নেতাসকলে দখল কৰিব ধৰিছে ৰাজনৈতিক দলৰ নেতৃত্ব৷ সৃষ্টি হ’বলৈ ধৰিছে ৰাজনৈতিক মাতব্বৰৰ৷ ধৰ্ম হৈ পৰিছে ৰাজনীতিৰ অস্ত্ৰ৷ ধৰ্মীয় গোড়ামিয়ে ৰাজনীতিত খোপনি পুতিবলৈ ধৰিছে৷ ধৰ্মৰ ঠিকাদাৰসকলে বহুক্ষেত্ৰত নিয়ন্ত্ৰণ কৰিবলৈ লৈছে ৰাজনীতি৷ বিজেপি দল শাসনলৈ অহাৰ পাছৰে পৰা ভাৰতৰ ৰাজনীতিত আৰম্ভ হৈছে অন্য এক নতুন ধাৰা৷ ধৰ্ম আৰু ৰাজনীতিক সাঙুৰি গঢ়ি তোলা হৈছে মাতব্বৰী সংস্কৃতি৷ কংগ্ৰেছত আগৰে পৰা এনে শক্তিৰ দাদাগিৰি আছে৷ ৰাষ্ট্ৰীয় দলৰ দাদাগিৰি আৰু মাতব্বৰীৰ বাবেই আদৰ্শবাদী ৰাজনীতিৰ  স্থান নোহোৱা হ’বলৈ ধৰিছে৷ সাম্যবাদী শক্তিসমূহ ক্ৰমে ক্ৰমে দুৰ্বল হ’বলৈ ধৰিছে৷ ঠিক তেনেকৈ আঞ্চলিক শক্তিসমূহো পৰাক্ৰমী ৰাষ্ট্ৰীয় দলৰ কব্জাত সোমাই পৰিবলৈ ধৰিছে৷ ৰাষ্ট্ৰীয় দলসমূহে বিভিন্ন কৌশলেৰে আঞ্চলিক দলক গিলিব ধৰিছে৷ এনে দলৰ পৃষ্ঠপোষকতা অবিহনে আঞ্চলিক দলসমূহ ক্ৰমান্বয়ে শক্তিহীন হ’বলৈ ধৰিছে৷

ৰাজনীতিত এতিয়া সন্ত্ৰাসবাদী শক্তিৰো মুকলি দখলদাৰী চলিছে৷ জংঘলৰ পৰা অহা বন্দুকধাৰীয়ে পোনে পোনে ৰাজনীতিৰ গাদীত বহিবলৈ পাইছে৷ চৰকাৰী ৰাজ-আতিথ্য আৰু আদৰ লাভ কৰি ভালেমান প্ৰাক্তন বিপ্লৱীয়ে ভোটৰ ৰাজনীতিত নামি লাভ কৰিছে বিধায়ক পদ বা বিধায়িনী পৰিষদৰ সদস্য৷ পাহাৰৰ ৰাজনীতি একপ্ৰকাৰ নিয়ন্ত্ৰণ কৰিছে এনে ৰূপান্তৰিত বিপ্লৱীয়ে৷ চৰকাৰৰ স’তে এইসকলৰ দৰহম-মৰহম৷ বন্দুক এৰি পোনে পোনে শাসনৰ গাদীত বহা এচাম নেতাই আমদানি কৰিছে ডাবি-ধমকিৰ সংস্কৃতি৷ জংঘলৰ পৰা আহি ৰাজপাটত বহা এইসকল নেতাৰ সমৰ্থন অবিহনে কিছুমানৰ ৰাজনীতি অচল হৈ পৰিবলৈ ধৰিছে৷

ৰাজনীতিৰ পংকিলতাৰ বাবেই কিছু জননেতা কাৰাগাৰাতো সোমাবলগীয়া হৈছে৷ তথাপি, জনপ্ৰতিনিধিসকল ব্যস্ত আছে নিজস্ব প্ৰতিপত্তি নিৰ্মাণত৷ বিষয়াসকল দিনে-নিশা ব্যস্ত থাকিব লাগে জনপ্ৰতিনিধিৰ সেৱা-শুশ্ৰৃষাত৷ 

ৰাজনৈতিক অধঃপতনৰ বাবেই সমাজত দুৰ্নীতিৰ সংক্ৰমণ বাঢ়ি গৈছে৷ মূৰৰ পৰা ভৰিলৈ গেলিছে সমগ্ৰ ব্যৱস্থা৷ আনকি পঞ্চায়তৰ প্ৰতিনিধি ব্যস্ত হৈছে হিতাধিকাৰীৰ তালিকা বনোৱাৰ লগতে ছান কঢ়া কামত৷ চহৰৰ ওখ অট্টালিকাত থকা কৃষি বিষয়াসকলে উন্নয়নৰ নামত সম্পত্তিৰ পাহাৰ গঢ়িছে৷ ইফালে কৃষকসকল ব্যস্ত থাকিবলগীয়া হৈছে দুটকীয়া চাউল বিচৰাত বা অন্য চৰকাৰী সুবিধা আদায়ত৷ 

ৰাজনীতিয়ে ধবংস কৰিছে সমাজৰ গাঁথনি৷ বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ নামো সাঙোৰ খাইছে ছাত্ৰ-ছাত্ৰীৰ দুপৰীয়াৰ আহাৰৰ অংশ চুৰি কাৰ্যত৷ শিক্ষানুষ্ঠানৰ এচাম মুৰব্বী ব্যস্ত হৈছে ৰহস্যময় আন্তঃগাঁথনিৰ সুবিধা নিৰ্মাণত৷ এনে পৰিৱেশত শিক্ষাদানৰ দৰে পৱিত্ৰ বৃত্তিত নিমজ্জিতসকলৰ  একাংশ বদনামী হৈছে কামচোৰৰ দায়ত৷ অপ-সংস্কৃতিৰ প্ৰভাৱ পৰিছে ছাত্ৰ-ছাত্ৰীৰ মাজত৷ সমাজৰ প্ৰতিটো কোণেই এতিয়া ৰাজনৈতিক অপ-সংস্কৃতিৰ গৰাহত৷ পৰিত্ৰাণৰ উপায় নাইকিয়া যেন পৰিৱেশে বিৰাজ কৰিছে৷

অসম বিধানসভাৰ সমাগত নিৰ্বাচনৰ টিকট পৰ্বত চলা কথা-কাণ্ডই ৰাজনৈতিক ভণ্ডামিবোৰ লাজ লগাকৈ প্ৰকট কৰিছে৷ ৰাতিটোৰ ভিতৰতে নেতা কিছুমানে শিবিৰ সলোৱা দেখা গৈছে৷ কিছুমানে ক্ষমতাৰ বাবেই অৱলম্বন কৰিছে সকলোধৰণৰ পন্থা৷ এনে কথা-কাণ্ডই ইংগিত কৰিছে অনাগত দিনত ৰাজনৈতিক অপসংস্কৃতি আৰু বেছি অধঃপতিত হ’ব৷ এনেক্ষেত্ৰত প্ৰয়োজন হ’ব বৃহৎ পৰিৱৰ্তন আৰু ৰাইজৰ অতিপাত সচেতনতা৷ লগতে প্ৰয়োজন হ’ব কিছু সাংবিধানিক সংশোধনীৰ৷