Logo
image

কুকুৰে কামুৰিলে লগে লগে কি কৰা উচিত

আমাৰ অসম বিশেষঃ পথৰ কুকুৰে ভুকিলে বহুতে আতংকত দৌৰে৷ এনে কৰিলে কুকুৰৰ কৌতূহল বাঢ়ে আৰু সি দৌৰি থকা মানুহজনৰ পিছ লয়৷ এটা সময়ত আনকি মানুহজনক কুকুৰটোৱে আক্ৰমণ কৰে৷ কুকুৰৰ কামোৰ অত্যন্ত যন্ত্ৰণাদায়ক আৰু মাৰাত্মক৷ তদুপৰি কুকুৰে কামুৰিলে জলাতংক ৰোগত ভোগাৰ আশংকা থাকে৷ ৰেবীজ নামৰ ভাইৰাছৰ পৰা এই ৰোগৰ সৃষ্টি হয়৷ আচলতে জলাতংক হৈছে এক ধৰণৰ স্নায়ুৰোগ৷ ৰেবীজ ভাইৰাছ কুকুৰৰ লেলাউতিৰ পৰা কামোৰা স্থানত লাগিলে ই পোনে পোনে তেজৰ মাধ্যমেৰে শৰীৰত প্ৰৱেশ কৰে৷ এনে ক্ষেত্ৰত সময়মতে যদি চিকিৎসাৰ সহায় লোৱা নহয় তেন্তে জলাতংকত আক্ৰান্ত লোকজনৰ এটা সময়ত মৃত্যুও ঘটিব পাৰে৷ পিছে কুকুৰে কামোৰাৰ লগে লগে যদি কেইটামান সতৰ্কতামূলক পদক্ষেপ গ্ৰহণ কৰা হয় তেন্তে জলাতংক ৰোগৰ পৰা হাত সাৰিব পৰা যায়৷ এই পদক্ষেপ কেইটা হৈছে–

১] কুকুৰে কামোৰা স্থানটি কিছুসময় টানকৈ চেপি ৰাখক৷ ইয়াৰ ফলত তেজ নিৰ্গত হোৱা বন্ধ হ’ব৷

২] এখন পৰিষ্কাৰ টাৱেল বা কাপোৰেৰে কুকুৰে কামোৰা স্থানটো ভালদৰে চাফা কৰি লওক৷ ক্ষত স্থানত এণ্টিবেক্টেৰিয়েল চাবোন ব্যৱহাৰ কৰিব৷ কুকুৰে কামোৰা স্থানডোখৰ চাফা কৰোতে বেছি ঘঁহা-ঘঁহি নকৰিব৷

৩] কামোৰা স্থানত এণ্টিবায়’টিক ক্ৰিম লগাই ভালদৰে বান্ধক৷ কিয়নো ক্ষতস্থান মুক্ত হৈ থাকিলে বীজাণু সংক্ৰমণৰ আশংকা থাকে৷

৪] প্ৰাথমিক চিকিৎসাৰ পাছত যিমান পৰা যায় সোনকালে চিকিৎসকৰ কাষ চাপক৷ চিকিৎসকৰ পৰামৰ্শ অনুসৰি টিটেনাছ আৰু এণ্টি ৰেবীজ বেজী লওক৷ এই বেজী কুকুৰে কামোৰাৰ ২৪ ঘণ্টাৰ ভিতৰত ল’বলৈ নাপাহৰিব৷ পথৰ কুকুৰৰ ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ অনুসৰি পৰৱৰ্তী দৰৱ, ইনজেকশ্বন অথবা প্ৰয়োজনীয় চিকিৎসা গ্ৰহণ কৰাটো জৰুৰী৷