দ্ৰাৱিড়ক অতিক্ৰমৰ সুযোগ কোহলিৰ সন্মুখত
নতুন দিল্লী, ১৯ নৱেম্বৰ : আসন্ন ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত বৰ্ণাঢ্য কেৰিয়াৰত আন এক মাইলৰ খুঁটিত উপনীত হোৱাৰ সুযোগ পাব বিৰাট কোহলিয়ে৷ ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথম টেষ্ট আৰম্ভ হ’ব ২২ নৱেম্বৰৰ পৰা পাৰ্থত৷ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্টত কোহলিৰ সংগ্ৰহ ২,০৪২ ৰান৷ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্টত সৰ্বাধিক ৰান কৰা ভাৰতীয় খেলুৱৈৰ তালিকাত প্ৰাক্তন তাৰকা ৰাহুল দ্ৰাৱিড়ক অতিক্ৰম কৰাৰ বাবে কোহলিক প্ৰয়োজন আৰু ১০২ ৰানৰ৷ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৩২ খন টেষ্টত দ্ৰাৱিড়ৰ সংগ্ৰহ ২,১৪৩ ৰান৷
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্টত সৰ্বাধিক ৰান কৰা ভাৰতীয় খেলুৱৈৰ তালিকাত দ্ৰাৱিড় আছে তৃতীয় স্থানত৷ কোহলি আছে পঞ্চম স্থানত৷ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে কোহলিয়ে ২৫খন টেষ্টত (দেশ আৰু বিদেশত) অংশ লৈছে৷ তেওঁৰ গড় ৪৭.৪৮৷ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্টত কোহলিৰ নামত আছে সৰ্বাধিক আঠটা শতক আৰু পাঁচটা অৰ্ধশতক৷ এই তালিকাৰ চতুৰ্থ স্থানত আছে চেটেশ্বৰ পূজাৰা৷ ২৫খন টেষ্টত তেওঁৰ সংগ্ৰহ ২,০৭৪ ৰান৷ দ্বিতীয় স্থানত আছে প্ৰাক্তন তাৰকা ভি ভি এছ লক্ষ্মণ৷ ২৯ খন টেষ্টত লক্ষ্মণৰ সংগ্ৰহ ২,৪৩৪ ৰান৷ গড় ৪৯.৬৭৷ ৩৯খন টেষ্টত ৩,৬৩০ ৰান সংগ্ৰহেৰে এই তালিকাৰ শীৰ্ষত আছে শচীন তেণ্ডুলকাৰ৷ গড় ৫৫৷ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্টত তেণ্ডুলকাৰৰ নামত আছে ১১টা শতক আৰু ১৬টা অৰ্ধশতক৷