৫২সংখ্যক জন্মদিনত নতুন চিনেমাৰ কাম আৰম্ভ কৰিলে জুবিন গাৰ্গে
‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ১৯ নৱেম্বৰ : জীৱনৰ ৫২টা বসন্ত সম্পূৰ্ণ কৰি ৫৩ বছৰত প্ৰৱেশ কৰিলে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে৷ জন্মদিন উপলক্ষে সোমবাৰে জুবিন গাৰ্গৰ গুৱাহাটীস্থিত ষ্টুডিঅ’ত অনাড়ম্বৰ অনুষ্ঠানৰ আয়োজন কৰা হয়৷ সাংস্কৃতিক জগতৰ লোক আৰু জুবিনৰ অনুৰাগী উপস্থিত থকা এই অনুষ্ঠানতে জুবিন গাৰ্গৰ নতুন চিনেমা ‘ৰৈ ৰৈ বিনালে’ৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ কৰাৰ কথা ঘোষণা কৰি জুবিন গাৰ্গে নতুন অসমীয়া চিনেমাখনৰ চিত্ৰনাট্য মুকলি কৰে৷ ডিচেম্বৰৰ মাজভাগৰ পৰা চিনেমাখনৰ দৃশ্যগ্ৰহণৰ কাম আৰম্ভ হোৱাৰ কথা৷ ‘ৰৈ ৰৈ বিনালে’ৰ কাহিনী আৰু পৰিকল্পনা জুবিন গাৰ্গৰ৷ ছবিখনৰ পৰিচালনাৰ দায়িত্ব দিয়া হৈছে ৰাজেশ ভূঞাক৷ চিত্ৰনাট্য আৰু সংলাপ ৰাহুল গৌতম শৰ্মাৰ৷ চিত্ৰনাট্য উপদেষ্টা শান্তনু ৰৌমুৰীয়া৷ ‘ৰৈ ৰৈ বিনালে’ৰ তিনিটা প্ৰধান চৰিত্ৰত অভিনয় কৰিব তিনিগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী ক্ৰমে জুবিন গাৰ্গ, নীল আকাশ আৰু আচুৰ্য বৰপাত্ৰ গোহাঁয়ে৷ সোমবাৰৰ দিনটোত জুবিন গাৰ্গে নিজৰ জন্মদিনৰ কেক্ কটাৰ উপৰি বিভিন্ন সামাজিক কামত অংশগ্ৰহণ কৰে, গছপুলিও ৰোপন কৰে৷ গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন ঠাইত জুবিন গাৰ্গ ফেন ক্লাবৰ কৰ্মকৰ্তাসকলে জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে ‘গছ ভালপোৱা মানুহজন’ৰ প্ৰতি সন্মান জনাই গছপুলি ৰোপণ কৰাৰ লগতে পদপথৰ বাসিন্দাক খাদ্যসামগ্ৰী বিতৰণ কৰে, বিভিন্ন ঠাইত দৰিদ্ৰ পৰিয়ালক এককালীন সাহায্যও প্ৰদান কৰে৷
বিভিন্ন ঠাইত জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা, চিত্ৰাংকণ প্ৰতিযোগিতা আৰু জুবিন গাৰ্গৰ গীত আধাৰিত নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰা হয়৷ ‘মায়াৱিনী ৰাতিৰ বুকুত’, ‘গানে কি আনে’ আৰু ‘এন্ধাৰ হ’ব নোখোজোঁ’ আদি শিৰোনামেৰে বিভিন্ন ঠাইত সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়৷ ইফালে, জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ ওপজা দিনটোক বিশেষ কৰি তুলিলে গুৱাহাটীৰ বেলতলা ব’হাগী উৎসৱ উদযাপন সমিতিয়ে৷ অসমৰ সমাজ জীৱন তথা সাংস্কৃতিক ক্ষেত্ৰখনলৈ সুদীৰ্ঘদিনে আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে সোমবাৰে এই বিশেষ দিনটোত শিল্পীগৰাকীলৈ জন্মদিনৰ শুভেচ্ছা জনাই বেলতলা ব’হাগী উৎসৱ উদযাপন সমিতিয়ে জুবিন গাৰ্গলৈ ২০২৫ বৰ্ষৰ ড॰ ভূপেন হাজৰিকা বঁটা আগবঢ়োৱাৰ কথা ঘোষণা কৰে৷ বেলতলা পূবেৰুণ সংঘৰ ইনড’ৰ হলত সোমবাৰে অনুষ্ঠিত এখন সংবাদমেলত বেলতলা ব’হাগী উৎসৱ উদ্যাপন সমিতিৰ সাধাৰণ সম্পাদক সঞ্জয় গোস্বামীয়ে এই কথা ঘোষণা কৰি সংবাদ মাধ্যমক কয়– ‘জুবিন গাৰ্গে অসমৰ সাংস্কৃতিক ক্ষেত্ৰলৈ বহু অৱদান আগবঢ়াইছে৷ আমি শিল্পীগৰাকীৰ দীৰ্ঘায়ু কামনা কৰিছোঁ৷ আগন্তুক দিনত তেওঁ আৰু ন ন গীতৰ লগতে সাংস্কৃতিক দিশত উৎসাহেৰে কাম কৰি যাওক৷ এই বঁটাত শিল্পীগৰাকীক মানপত্ৰ, স্মাৰক, ফুলাম জাপি, শৰাই, ২ লাখ টকাৰ চেক আৰু অন্যান্য উপহাৰ প্ৰদান কৰা হ’ব৷ পৰম্পৰা অটুত ৰাখি ২০২৫ চনৰ বেলতলা ব’হাগী উৎসৱ উদ্যাপন সমিতিৰ ব’হাগী উৎসৱত এই বঁটা প্ৰদান কৰা হ’ব৷’ উল্লেখ্য বেলতলা ব’হাগী উৎসৱ উদযাপন সমিতিয়ে ২০১২ চনৰ পৰা ড॰ ভূপেন হাজৰিকা বঁটা প্ৰদান কৰি আহিছে৷ বঁটাপ্ৰাপকসকলৰ ভিতৰত দীপালি বৰঠাকুৰ, জ্ঞানদা কাকতি, পাৰবিন চুলতানা, সুদক্ষিণা শৰ্মা, ড॰ লক্ষহীৰা দাস, জৰ্জ বেকাৰ, ৰবীনা টেণ্ডন অন্যতম৷ সোমবাৰৰ সংবাদমেলত বেলতলা ব’হাগী উৎসৱ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি বিজয় বড়ো, উপ- সভাপতি বিচিত্ৰ বড়ো, সাংস্কৃতিক সম্পাদক জয়ন্ত গগৈৰ উপৰি ধনজিত চৌধুৰী, চন্দন কুমাৰ শইকীয়া আদি উপস্থিত থাকে৷