Logo
image

গুৱাহাটীৰ উন্নয়ন

গুৱাহাটীত শেহতীয়াভাৱে আদাবাৰীৰ পৰা খানাপাৰালৈ কেইবাখনো অত্যাধুনিক ফুট অভাৰব্ৰীজ মুকলি কৰা হৈছে৷ ৰাজ্য চৰকাৰৰ মতে, সৰ্বসাধাৰণৰ সুবিধাৰ বাবে চহৰখনত পৰৱৰ্তী সময়ত আৰু কেইবাখনো ফুট অভাৰব্ৰীজ নিৰ্মাণৰ পৰিকল্পনা আছে৷ যান-বাহনৰ সংখ্যা দিনক দিনে বাঢ়ি যোৱাৰ বাবে পথ পাৰ হোৱাটো মহানগৰবাসীৰ বাবে এটা ডাঙৰ সমস্যা হৈ পৰিছিল৷ বিভিন্ন স্থানত এইদৰে ফুট অভাৰব্ৰীজ নিৰ্মাণে এই সমস্যা দূৰ কৰাত কিছু পৰিমাণে হ’লেও সহায়ক হ’ব বুলি ভাবিব পৰা যায়৷ কিন্তু প্ৰশ্ন হয়, কোটি কোটি টকা খৰচ কৰি এই ফুট অভাৰব্ৰীজবোৰ নিৰ্মাণ কৰাৰ পৰৱৰ্তী সময়ত সেইবোৰ ভালদৰে চোৱা-চিটা কৰাৰ ব্যৱস্থা কৰা হ’বনে? এনেধৰণৰ প্ৰশ্নৰ অৱতাৰণা হোৱাটো অস্বাভাৱিক নহয়৷ কিয়নো গুৱহাটীত ফুটব্ৰীজৰ কদৰ্য অৱস্থাৰ বাবে পথচাৰী তেনে ব্ৰীজ ব্যৱহাৰৰ পৰা বিৰত থকাৰ উদাহৰণো আছে৷ ফুটব্ৰীজ নিৰ্মাণে গুৱাহাটীবাসীৰ এটা বহুদিনীয়া সমস্যা সমাধান কৰিছে যদিও উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰধান চহৰখনৰ মূল সমস্যাবোৰ দূৰ কৰাৰ ক্ষেত্ৰত চৰকাৰ সফল হ’ব পৰা নাই৷ নিৰ্বাচনৰ বতৰত ৰাজনৈতিক নেতাসকলে ভোটৰ আশাত বিভিন্ন প্ৰতিশ্ৰুতিৰে  ৰাইজৰ মনোযোগ আকৰ্ষণ কৰাৰ চেষ্টা চলাব৷ কিন্তু নিৰ্বাচন হৈ যোৱাৰ পাছত তেওঁলোকে পাহৰি যাব সেই প্ৰতিশ্ৰুতিৰ কথা৷ এয়া কোনো নতুন কথা নহয়, বছৰ বছৰ ধৰি এয়াই হৈ আছে৷ দেশৰ দ্ৰুত উন্নয়ন হোৱা চহৰবোৰৰ মাজত গুৱাহাটীৰো স্থান আছে৷ কিন্তু চৰকাৰৰ সঠিক পৰিকল্পনাৰ অভাৱৰ বাবে চহৰখনৰ প্ৰধান সমস্যাবোৰ সমাধান কৰাটো সম্ভৱ হৈ উঠা নাই৷ আৰু কেইমাহমান পাছত আগমন হ’ব বাৰিষা আৰু বাৰিষা অহা মানেই কৃত্ৰিম বানৰ সমস্যাই দুৰ্ভোগ ভোগায় গুৱাহাটীবাসীক৷ পূৰ্বৰ চৰকাৰৰ দিনতেই দাবী কৰা হৈছিল যে গুৱাহাটীৰ কৃত্ৰিম বানৰ স্থায়ী সমাধান কৰা হ’ব৷ কিন্তু আজিলৈকে সেয়া সমস্যা হৈয়ে থাকিল৷ পৰিকল্পনাহীনভাৱে নিৰ্মাণকাৰ্য চলোৱা, বৰষুণৰ ফলত জমা হৈ থকা পানী উলিয়াই পেলোৱাৰ বাবে বিজ্ঞানসন্মতভাৱে নলা-নৰ্দমা নিৰ্মাণ নকৰাটোৱে গুৱাহাটীৰ কৃত্ৰিম বানৰ প্ৰধান কাৰণ৷ এই সমস্যাৰ সমাধান কৰাটো নিশ্চয় অসম্ভৱ নহয়৷ কিন্তু এইক্ষেত্ৰত প্ৰয়োজন চৰকাৰৰ লগতে সংশ্লিষ্ট বিভাগৰ সদিচ্ছা৷ পাহাৰবোৰত বেদখল আৰু জধে-মধে পাহাৰৰ মাটি খন্দাটোৱেও গুৱাহাটীৰ কৃত্ৰিম বানত অৰিহণা যোগাইছে৷

গুৱাহাটীৰ আন এটা ডাঙৰ সমস্যা হৈছে যান-জঁট৷ গুৱাহাটীত যান-বাহনৰ সংখ্যা যিমান বৃদ্ধি পাইছে, সেই অনুপাতে বাট-পথবোৰ আহল-বহল নহয়৷ পৰ্যাপ্ত পাৰ্কিঙৰ স্থান নথকা আৰু যান-বাহন নিয়ন্ত্ৰণৰ উচিত ব্যৱস্থা নথকা বাবে য’তে-ত’তে যান-বাহন পাৰ্ক কৰাটো এক নিয়মিত ঘটনা হৈ পৰিছে৷  প্ৰকৃত কথাটো হৈছে গুৱাহাটীৰ সম্প্ৰসাৰণ কৰা হৈছে সঠিক পৰিকল্পনা অবিহনে৷ গুৱাহাটীৰ উন্নয়নৰ বাবে এটা সুকীয়া বিভাগ আছে যদিও এই সমস্যাবোৰৰ সমাধান উলিওৱাত বিভাগটো সফল হ’ব পৰা নাই৷ গুৱাহাটীক স্মাৰ্ট চিটী হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰে প্ৰচেষ্টা চলাইছে৷ কিন্তু চহৰখনৰ দীৰ্ঘদিনীয়া যান-জঁটৰ সমস্যাৰ স্থায়ী সামধান উলিওৱাৰ ইতিবাচক পদক্ষেপ লোৱা হোৱা নাই৷ কৃত্ৰিম বান আৰু যান-জঁটৰ লগতে গুৱাহাটীবাসীক সততে অতীষ্ঠ কৰা আন এটা সমস্যা হৈছে নিয়মিত পানী যোগান৷ গুৱাহাটীৰ এই সমস্যাবোৰৰ বাবেই কেন্দ্ৰীয় গৃহ আৰু নগৰ উন্নয়ন মন্ত্ৰণালয়ৰ প্ৰতিবেদনত দহ লাখতকৈ অধিক জনসংখ্যা থকা দেশৰ ৪৯খন মহানগৰৰ মাজত জীৱন ধাৰণৰ স্বচ্ছলতাৰ ক্ষেত্ৰত গুৱাহাটীয়ে পাইছে ৪৬সংখ্যক স্থান৷ কেন্দ্ৰীয় চৰকাৰৰ এই প্ৰতিবেদনে গুৱাহাটীৰ উন্নয়নৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ বিফলতাকে সূচাইছে৷ দুমাহ পাছত নতুন চৰকাৰ এখনে কাৰ্যভাৰ ল’ব৷ গুৱাহাটীবাসীয়ে আশাৰে বাট চাই ৰৈছে– অনাগত দিনবোৰত ৰাজ্য চৰকাৰে চহৰখনৰ প্ৰধান সমস্যাবোৰ সমাধান কৰাত সদিচ্ছা দেখুৱাওক৷ কেৱল প্ৰতিশ্ৰুতি নহয়, গুৱাহাটীক দেশৰ ভিতৰতে আকৰ্ষণীয় চহৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত লক্ষণীয় হ’ব চৰকাৰৰ পৰৱৰ্তী আঁচনি আৰু পৰিকল্পনাবোৰ৷