Logo
image

ক্ষমা খুজি বিজ্ঞাপন দিও তত পোৱা নাই ৰামদেৱে

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৪ এপ্ৰিলঃ নিজৰ ভুলৰ শুধৰণিৰ ৬৭টা বিজ্ঞাপন দিয়ো উচ্ছতম ন্যায়ালয়ৰ ৰঙা চকুৰ পৰা নিস্তাৰ পোৱা নাই যোগগুৰু বাবা ৰামদেৱে৷ পতঞ্জলি আয়ুৰ্বেদৰ ভুৱা ঔষধ আৰু এলিউপেথি ঔষধৰ কাম নাই বুলি চলোৱা প্ৰচাৰৰ শুধৰণি দি ক্ষমা বিচাৰি দেশৰ ৬৭খন সংবাদপত্ৰত বিজ্ঞাপন প্ৰকাশ কৰা বাবা ৰামদেৱক সংবাদপত্ৰসহ মূল বিজ্ঞাপনসমূহ আদালতত দাখিল কৰিবলৈ নিৰ্দেশ বিজ্ঞাপনসমূহ আদালতত দাখিল কৰিবলৈ নিৰ্দেশ দিছে৷ ক্ষমা বিচাৰি দিয়া শুধৰণিৰ বিজ্ঞাপনসমূহৰ আকাৰ পতঞ্জলিয়ে ভুৱা ঔষধৰ প্ৰচাৰৰ ক্ষেত্ৰত দিয়া  আৰু পতঞ্জলিৰ চিইঅ’ আচাৰ্য বালকৃষ্ণক জনাইছে৷ উল্লেখ্য, নিজৰ ভুৱা ঔষধৰ প্ৰচাৰৰ বাবে সংবাদপত্ৰৰ সম্পূৰ্ণ পৃষ্ঠাজুৰি থকা বিজ্ঞাপন দিছিল পতঞ্জলিয়ে৷ এতিয়া ক্ষমা বিচাৰি দিয়া বিজ্ঞাপনৰ আকাৰো সমান হ’ব লাগিব বুলি মঙলবাৰে ন্যায়াধীশ হিমা কোহলি আৰু আহছানউদ্দিন আমানুল্লাৰ বিচাৰপীঠে নিৰ্দেশ জাৰি কৰিছে৷ মঙলবাৰে সৰ্বোচ্ছ আদালতত বাবা ৰামদেৱ আৰু বালকৃষ্ণ হাজিৰ হৈছিল৷ তেওঁলোকে আদালতক জনায় যে পতঞ্জলিয়ে ক্ষমা বিচাৰি আৰু ভুলৰ শুধৰণি দি দেশৰ ৬৭খন সংবাদপত্ৰত বিজ্ঞাপন প্ৰকাশ কৰিছে, য’ত তেওঁলোকৰ ১০লাখ টকা ব্যয় হৈছে৷ তেতিয়া ন্যায়াধীশ হিমা কোহলিয়ে প্ৰশ্ন কৰে– ক্ষমা বিচৰাৰ বিজ্ঞাপনৰ আকাৰ পূৰ্বে ভুৱা ঔষধৰ বিজ্ঞাপনৰ আকাৰৰ সমান নে? তেতিয়া ৰামদেৱ আৰু বালকৃষ্ণ নীৰবে থাকে৷

প্ৰসংগতঃ, যোৱা ১৬ এপ্ৰিলত উচ্ছতম ন্যায়ালয়ে বাবা ৰামদেৱ আৰু তেওঁৰ পতঞ্জলি যে নিজৰ ভুলৰ প্ৰতি অনুতপ্ত আৰু সেই সন্দৰ্ভত সঁচাকৈ ক্ষমাপ্ৰাৰ্থী সেয়া প্ৰমাণ কৰাৰ বাবে এসপ্তাহৰ সময় দিছিল৷ সেই দিনা সৰ্বোচ্ছ আদালতৰ কক্ষত তৃতীয়বাৰলৈ কৰজোৰ কৰিও ৰেহাই পোৱা নাছিল পতঞ্জলিৰ প্ৰতিষ্ঠাতা যোগগুৰু বাবা ৰামদেৱ আৰু আয়ুৰ্বেদিক কোম্পানীটোৰ চি ই অ’ আচাৰ্য বালকৃষ্ণই৷ দুয়ো বিভ্ৰান্তিকৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ দোষ স্বীকাৰ কৰি ৰাজহুৱাকৈ নিচৰ্ত ক্ষমা প্ৰাৰ্থনা কৰিব বুলি উচ্ছতম ন্যায়ালয়ত অংগীকাৰ কৰিলেও সৰ্বোচ্ছ আদালতে তেওঁৰ ক্ষমা প্ৰাৰ্থনা গ্ৰহণ কৰে নে নকৰে সেই সন্দৰ্ভত এতিয়াও সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলি মন্তব্য কৰিছিল৷  উচ্ছতম ন্যায়ালয়ৰ ন্যায়াধীশ আহছানউদ্দিন আমানুল্লা আৰু হিমা কোহলিৰ বিচাৰপীঠে বাবা ৰামদেৱ আৰু বালকৃষ্ণক শুনানিৰ আৰম্ভণিতে আদালত কক্ষৰ সন্মুখলৈ মাতি নি কৈছিল– ‘আপুনি মুঠেই নিৰ্দোষ নহয়৷ আপোনাৰ পূৰ্বৰ ইতিহাসো আমি জানো৷ পতঞ্জলিৰ ঔষধে সকলো ৰোগ নিৰাময় কৰে আৰু আন ঔষধ যেনে এলিউপেথিয়ে নিৰাময় কৰিব নোৱাৰে বুলি কিয় বিজ্ঞাপন দি আছিল? যেতিয়া ক’ভিড অতিমাৰী চলি আছিল আৰু যেতিয়া পতঞ্জলিৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰৰ ঔষধ নিয়ামক সংস্থাই অনুসন্ধান চলাই আছিল, তেতিয়াও আপোনালোকে বেপৰোৱাভাৱে বিভ্ৰান্তিকৰ বিজ্ঞাপন অব্যাহত ৰাখিছিল কিয়? ইয়াৰ ফলত ক্ষতিগ্ৰস্ত হৈছে সাধাৰণ জনতা৷ ইমানৰ পাছতো সৰ্বোচ্ছ আদালতে এই বিষয়ত আংশিক প্ৰতিবন্ধকতা আৰোপ কৰা সত্ত্বেও আপুনি সংবাদমেল আয়োজন কৰি নিজকে নিৰ্দোষ বুলি কিয় ঘোষণা কৰিছিল?’ আদালতৰ প্ৰশ্নৰ উত্তৰত ৰামদেৱে ভুল স্বীকাৰ কৰি ভৱিষ্যতে সাৱধান হ’ব বুলি অংগীকাৰ কৰাৰ লগতে ৰাজহুৱাকৈ ক্ষমা প্ৰাৰ্থনা কৰিব বুলি জনাইছিল৷ আনহাতে, বালকৃষ্ণই কৈছিল যে এই সন্দৰ্ভত তেওঁৰ সিমান জ্ঞান নাছিল৷ সৰ্বোচ্ছ আদালতে ৰামদেৱ আৰু বালকৃষ্ণক তেওঁলোক যে সঁচাকৈয়ে ক্ষমাপ্ৰাৰ্থী, সেয়া প্ৰমাণ কৰাৰ বাবে এসপ্তাহৰ সময় দি ২৩ এপ্ৰিলত পুনৰ শুনানি হ’ব বুলি ঘোষণা কৰিছিল৷

স্মতৰ্ব্য, কৰোনিল নামৰ এবিধ ঔষধ তৈয়াৰ কৰি ৰামদেৱৰ পতঞ্জলিয়ে ক’ভিড অতিমাৰীৰ সময়ত সেই ঔষধে ক’ভিড নিৰাময় কৰে বুলি বিজ্ঞাপন দিছিল৷ ক’ভিডকালত সেই ঔষধ বিক্ৰী কৰি ৰামদেৱৰ পতঞ্জলি আয়ুৰ্বেদে ২৫০ কোটি টকা লাভ কৰিছিল৷ একে সময়তে পতঞ্জলিয়ে এলিউপেথিক ঔষধৰ বিৰুদ্ধেও বিজ্ঞাপনত মন্তব্য কৰিছিল৷ এই সংক্ৰান্তত ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্বনে (আইএমএ) তৰা গোচৰত উচ্ছতম ন্যায়ালয়ে ৰামদেৱৰ পতঞ্জলিৰ সকলো ঔষধৰ বিজ্ঞাপন বন্ধ কৰি দিছিল৷ তদুপৰি এই সন্দৰ্ভত পতঞ্জলিক নিজৰ স্থিতি ব্যাখ্যা কৰিবলৈ উচ্ছতম ন্যায়ালয়ে নিৰ্দেশ দিছিল৷ পিছে সৰ্বোচ্ছ আদালতত পতঞ্জলিয়ে সেই ব্যাখ্যা দিয়াৰ পূৰ্বে ৰামদেৱ আৰু পতঞ্জলিৰ চি ই অ’ আচাৰ্য বালকৃষ্ণই সংবাদমেল আয়োজন কৰি নিজৰ ভুল নথকা বুলি ৰাজহুৱা কৰিছিল৷ ৰামদেৱৰ এই কাৰ্যত ক্ষুন্ন হৈ উচ্ছতম ন্যায়ালয়ে দুয়োৰে বিৰুদ্ধে আদালত অৱমাননাৰ অভিযোগ আনি সোঁশৰীৰে আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল৷ যোৱা দুই এপ্ৰিলত বাবা ৰামদেৱ আৰু বালকৃষ্ণ উচ্ছতম ন্যায়ালয়ত হাজিৰ হৈ ক্ষমা বিচাৰিলেও সৰ্বোচ্ছ আদালতে দুয়োৰে ক্ষমাভিক্ষা প্ৰত্যাখ্যান কৰি শাস্তি ভোগ কৰিবলৈ সাজু থাকিবলৈ কয়৷ পুনৰ যোৱা মঙলবাৰে বাবা ৰামদেৱ আৰু বালকৃষ্ণই উচ্ছতম ন্যায়ালয়ত শপতনামা দাখিল কৰি নিচৰ্ত ক্ষমাপ্ৰাৰ্থনা কৰে৷ পিছে সেইবাৰো উচ্ছতম ন্যায়ালয়ৰ ন্যায়াধীশ হিমা কোহলি আৰু আহছানউদ্দিন আমানুল্লাৰ বিচাৰপীঠে ৰামদেৱৰ ক্ষমাপ্ৰাৰ্থনা প্ৰত্যাখ্যান কৰে৷ বিচাৰপীঠে কৈছিল– ‘আমি অন্ধও নহয়, বিষয়টোক লৈ উদাৰো হ’বলৈ নিবিচাৰো৷’ তদুপৰি এই বিষয়ত সৰ্বোচ্ছ আদালত কেন্দ্ৰীয় চৰকাৰৰ উত্তৰতো সন্তুষ্ট নহয় বুলি মন্তব্য কৰিছিল৷ বিচাৰপীঠে কৈছিল– ‘ক্ষমাপত্ৰ কাগজে-কলমে আছে৷ তেওঁলোক শ’লঠেকত পৰিছে৷ আমি এই ক্ষমাপত্ৰ মানি লোৱা নাই৷ আমি ভাবো, অভিযুক্তই ইচ্ছাকৃতভাৱে অংগীকাৰ লংঘন কৰিছে৷’ উল্লেখ্য, ক্ষমাপত্ৰ আদালতলৈ পঠোৱাৰ পূৰ্বেই ৰামদেৱে সংবাদ মাধ্যমলৈ পঠিয়াইছিল৷ ন্যায়াধীশ কোহলিয়ে কৈছিল– ‘বিষয়টো আদালতলৈ পঠিওৱাৰ আগতেই সংবাদ মাধ্যমলৈ পঠোৱা হৈছিল৷ তাৰমানে তেওঁলোক স্পষ্টভাৱে প্ৰচাৰত বিশ্বাসী৷ তদুপৰি শপতনামাতো তেওঁলোকে ফাঁকি দিছে৷’ ৰামদেৱৰ এই কাৰ্যত অত্যন্ত ক্ষুব্ধ হৈ পৰিছিল সৰ্বোচ্ছ আদালত৷