Logo
image

দৰ্শক নাই! নেটফ্লিক্সত বন্ধ হ’ল কপিল শৰ্মা শ্ব’

জনপ্ৰিয় অ’টিটি ফ্লেটফৰ্ম নেটফ্লিক্সত প্ৰথমবাৰৰ বাবে নিজৰ জনপ্ৰিয় ৰিয়েলিটী শ্ব’ লৈ হাজিৰ হৈছে কম্পেডিয়ান কপিল শৰ্মা৷ নেটফ্লিক্সৰ সৈতে এটা নতুন অনুষ্ঠানৰ কথা ২০২৩ চনৰ ডিচেম্বৰত ঘোষণা কৰিছিল কমেডিয়ান কপিল শৰ্মাই৷ অৱশেষত বহু প্ৰতীক্ষাৰ অন্ততঃ তেওঁৰ নতুন প্ৰকল্প ‘দ্য গ্ৰেট ইণ্ডিয়ান কপিল শ্ব’ শিৰোণামেৰে হাজিৰ হৈছে কপিল শৰ্মা৷ ইতিমধ্যে ৩০ মাৰ্চত দ্য প্লেট ইণ্ডিয়ান কপিল শ্ব’ৰ প্ৰিমিয়াৰ অ’টিটি প্লেটফৰ্ম নেটফ্লিক্সত প্ৰদশিত হয়৷ ভাৰতীয় টেলিভিশ্বন জগতৰ আটাইতকৈ সফল ৰিয়েলিটী শ্ব’ হিচাপে বিবেচিত হৈছে কপিল শৰ্মা শ্ব’৷ মঙলবাৰে শ্ব’ থ্ৰ গ্ৰেট ইণ্ডিয়ান কপিল শ্ব’ৰ  প্ৰমো মুক্তি পাইছে৷ কিন্তু এই জনপ্ৰিয় ৰিয়েলিটী শ্ব’টো আধাতে বন্ধ হোৱাৰ উপক্ৰম হৈছে৷ কাৰণ টিভিৰ দৰে নেটফ্লিক্সত দৰ্শক নাই৷ অ’টিটি প্লেটফৰ্মত চলাৰ বাবেই দৰ্শক হতাশ হৈছে৷ অ’টিটি প্লেটফৰ্ম নেটফ্লিক্সত কপিল শৰ্মা শ্ব’ প্ৰদৰ্শনত নাৰাজ একাংশ অনুৰাগী৷ তেওঁলোকৰ ভাষ্য দীৰ্ঘদিনে ছ’নি টিভিত দেখি অহা জনপ্ৰিয় ৰিয়েলিটী শ্ব’টো অ’টিটি প্লেটফৰ্মত চোৱাৰ সমৰ্থ আমাৰ নাই৷ ডেৰ মাহৰ অন্তত সাম্প্ৰতি শ্ব’টোৰ প্ৰথম ছিজনৰ শ্বুটিং পৰ্ব সমাপ্ত হয়৷ জনপ্ৰিয় শ্ব’টোৰ ছবি ছ’চিয়েল মিডিয়াত প’ষ্ট কৰি অৰ্চনা পূৰা সিঙে জনাইছে যে অ’টিটি প্লেটফৰ্মৰ নতুন ছিজনলৈ ঘূৰি আহিছে সুনীল গ্ৰোভাৰ৷ প্ৰথম ছিজনৰ Wrop Up ঘোষণা  কৰি কেক কটাৰ ছবিও শ্বেয়াৰ কৰিছে অৰ্চনাই৷ প্লেট ইণ্ডিয়ান কপিল শ্ব’ৰ প্ৰথম ছিজনত মনৰ পচন্দৰ অতিথিক দেখা পাব দৰ্শকে৷ প্ৰথম পৰ্বত ৰণবীৰ কাপুৰ, নীতু কাপুৰ সিং আৰু ৰিদ্ধিমা কাপুৰ চাহানীক, দ্বিতীয় পৰ্বত ক্ৰিকেট তাৰকা ৰোহিত শৰ্মা আৰু শ্ৰেয়ছ আয়াৰক প্ৰত্যক্ষ কৰিব দৰ্শকে৷ তদুপৰি অনুষ্ঠানলৈ আহিব ভিকি কৌশল, ছানী কৌশল আৰু প্ৰথমবাৰৰ বাবে অতিথি হিচাপে আহিব আমিৰ খানো৷ পৰৱৰ্তী সময়ত দেখা পাব ববী দেউল, ছানি দেউলক৷ আহিব পৰিণীতি চোপ্ৰাও৷ ছিজনটোত অংশ লৈছে কপিল শৰ্মাৰ লগতে অৰ্চনা, সুনীল, কৃষ্ণ অভিষেক, কিকু চৰ্দা, ৰাজীৱ ঠাকুৰ আদিয়ে৷ শ্ব’ত দেখা যাব কপিল পত্নী গিন্নিক৷ শেহতীয়া খবৰ মতে, দৰ্শকৰ অনিহাৰ বাবেই কপিল শৰ্মা শ্ব’টো বন্ধ হৈ পৰিছে৷