Logo
image

প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ বাবে অমিত শ্বাহৰ ৩ প্ৰতিদ্বন্দ্বীক হুমকি

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৫ মে’: বিজেপিৰ দুৰ্গ হিচাপে চিহ্নিত গুজৰাটৰ গান্ধী নগৰ সমষ্টিৰ পৰা পুনৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷ বিগত ২০১৯ৰ লোকসভা নিৰ্বাচনত অমিত শ্বাহে ৫.৫ লাখ ভোটৰ ব্যৱধানত জয়লাভ কৰা গান্ধীনগৰ সমষ্টিটো ১৯৮৯ চনৰ পৰাই বিজেপিৰ দখলত আছে৷ এইবাৰো গান্ধীনগৰ সমষ্টিৰ পৰা কমেও ৫ লাখ ভোটৰ ব্যৱধানত জয় লাভৰ লক্ষ্য বান্ধি লৈছে গৃহমন্ত্ৰী অমিত শ্বাহে৷ কিন্তু গান্ধীনগৰ সমষ্টিত জয়লাভ নিশ্চিত বুলি দাবী কৰিলেও গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্বাচনক লৈ ভয় আঁতৰা নাই৷ যাৰ বাবে শ্বাহৰ জয় নিষ্কণ্টক কৰাৰ উদ্দেশ্যেৰে বিৰোধী প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰৰ বাবে ভয় ভাবুকিত নামি পৰিছে বিজেপিৰ লগতে খোদ গুজৰাট আৰক্ষীয়ে৷ গান্ধীনগৰ সমষ্টিত অমিত শ্বাহৰ বিপক্ষে মনোনয়ন দাখিল কৰা ৩ জন প্ৰাৰ্থীয়ে বিজেপিৰ একাংশ নেতা আৰু গুজৰাট আৰক্ষীৰ পৰা মনোনয়ন প্ৰত্যাহাৰৰ বাবে ভয় ভাবুকি লাভ কৰাৰ মুকলিকৈ অভিযোগ কৰিছে৷ লক্ষণীয়ভাৱে এই পৰ্যন্ত গান্ধীনগৰ সমষ্টিত মনোনয়ন দাখিল কৰা ১৬ জনকৈ বিৰোধী প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰিছে৷ ইয়াৰ ভিতৰত ১২ জন নিৰ্দলীয় প্ৰাৰ্থী আৰু ৪ জন বিৰোধী ৰাজনৈতিক দলৰ প্ৰাৰ্থী৷ গান্ধীনগৰ সমষ্টিৰ পৰা মনোনয়ন প্ৰত্যাহাৰ কৰা জীতেন্দ্ৰ চৌহান নামৰ এজন প্ৰাৰ্থীয়ে এটা ভিডিঅ’ত অভিযোগ কৰিছে যে অমিত শ্বাহৰ মানুহে তেওঁক হাইজেক কৰিছে৷ সমষ্টিটোৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ বাবেও হেঁচা প্ৰয়োগ কৰা হৈছে৷ আহমেদাবাদৰ বাপুনগৰ সমষ্টিৰ বিজেপি বিধায়ক দিনেশ সিং কুশৱাহাই মনোনয়ন প্ৰত্যাহাৰ কৰিবলৈ হেঁচা দিয়াৰ অভিযোগ কৰি জিতেন্দ্ৰ চৌহানে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত কয়– ‘মোক মাৰিও পেলাব পাৰে৷ সেয়েহে মই মনোনয়ন প্ৰত্যাহাৰ কৰিছে৷ দেশ এতিয়া ডাঙৰ বিপদত৷ মই দেশবাসীক আহ্বান জনাইছো দেশক বচাওঁক৷ মোৰ তিনিজনী ছোৱালী আছে৷ মই সিহঁতক ডাঙৰ-দীঘল কৰিব লাগিব৷ মোৰ কিবা এটা হ’লে সিহঁতক কোনে চাব৷ মনোনয়ন প্ৰত্যাহাৰ কৰিবলৈ মোক টকাৰ প্ৰলোভন দিছিল যদিও মই টকাৰ লোভত মনোনয়ন প্ৰত্যাহাৰ কৰা নাই৷’ জিতেন্দ্ৰ সিঙৰ উপৰি মনোনয়ন প্ৰত্যাহাৰ কৰা আন দুজন প্ৰাৰ্থীয়েও মনোনয়ন প্ৰত্যাহাৰৰ বাবে বিজেপি নেতাৰ লগতে আৰক্ষীয়ে হেঁচা প্ৰয়োগ কৰাৰ মুকলি অভিযোগ কৰিছে৷ ইফালে গান্ধীনগৰ সমষ্টিৰ পৰা প্ৰজাতন্ত্ৰ আধাৰ পাৰ্টীৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা সুমিত্ৰা মৌৰ্য্য নামৰ প্ৰাৰ্থীগৰাকীয়ো ২০ এপ্ৰিলত মনোনয়ন দাখিলৰ দিনটোৰ পৰাই বিজেপি নেতাৰ বাৰম্বাৰ ভাবুকি লাভ কৰি অহাৰ অভিযোগ কৰিছে৷ এই ভয়-ভাবুকিৰ বাবেই ঘৰ এৰি ৪০০ কিলোমিটাৰ আঁতৰৰ সোমনাথৰ হোটেলত স্বামীসহ আশ্ৰয় ল’বলগীয়া হৈছে ৪৩ বছৰীয়া মহিলা প্ৰাৰ্থীগৰাকীয়ে৷ আনকি আৰক্ষীৰ ক্ৰাইম ব্ৰান্সৰ লোক আহি ভাবুকি দিয়া বুলিও নিৰ্বাচন আয়োগক অভিযোগ দাখিল কৰিছে সুমিত্ৰা মৌৰ্যই৷ অৱশ্যে এই মুহূৰ্তলৈ সুমিত্ৰা মৌৰ্য্যই মনোনয়ন প্ৰত্যাহাৰ কৰা নাই৷ ইফালে গান্ধীনগৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা নিৰ্দলীয় প্ৰাৰ্থী জয়েন্দ্ৰ ৰাথোড়ে উত্তৰ গান্ধীনগৰ সমষ্টিৰ  প্ৰাক্তন বিজেপি বিধায়ক অশোক পেটেলে তেওঁক মনোনয়ন প্ৰত্যাহাৰ কৰিবলৈ হেঁচা দিয়াৰ অভিযোগ কৰিছে৷ আনকি ৰাথোড়ক বিজেপিত যোগদানৰ প্ৰস্তাৱ দিয়া বুলিও জানিবলৈ দিছে৷ জেয়ন্দ্ৰ ৰাথোড়ে মনোনয়ন প্ৰত্যাহাৰ কৰা নাই বুলি উল্লেখ কৰিছে যদিও আন দুই নিৰ্দলীয় প্ৰাৰ্থী সুৰেন্দ্ৰ শ্বাহ আৰু নৰেশ প্ৰিয়দৰ্শীকো তেওঁৰ দৰে বিজেপিয়ে হেঁচা প্ৰয়োগ কৰাত মনোনয়ন প্ৰত্যাহাৰ কৰা বুলিও ৰাথোড়ে দাবী কৰিছে৷

অমিত শ্বাহৰ বিৰুদ্ধে হায়দৰাবাদ আৰক্ষীৰ গোচৰ ৰুজু

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদকঃ নিৰ্বাচনী প্ৰচাৰত শিশুক ব্যৱহাৰ কৰাৰ অভিযোগত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে হায়দৰাবাদ আৰক্ষীয়ে৷ নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগতে গৃহমন্ত্ৰী শ্বাহৰ উপৰি হায়দৰাবাদ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কে মাধৱী লতা, কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীকে ধৰি কেইবাজনো বিজেপি নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে৷ তেলেংগানা প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি নিৰঞ্জন ৰেড্ডীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত গৃহ মন্ত্ৰীৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰিছে হায়দৰাবাদৰ মোগলপুৰা আৰক্ষীয়ে৷ অভিযোগ অনুসৰি বিগত ৰ মে’ত দলীয় প্ৰাৰ্থী কে মাধৱীৰ সমৰ্থনত বিজেপিয়ে লালদৱাজাৰ পৰা সুধা টকীজলৈ এটা ৰেলী বাহিৰ কৰিছিল, য’ত গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বহু বিজেপি নেতাই অংশগ্ৰহণ কৰিছিল৷ এই প্ৰচাৰ কাৰ্যসূচীতে শ্বাহৰ সৈতে মঞ্চত কিছু শিশুকো দেখা গৈছিল৷ য’ত বিজেপিৰ নিৰ্বাচনী প্ৰতীক (পদুম) থকা পতাকা লৈ মঞ্চত এটি শিশু দেখা যোৱাত ইয়াক নিৰ্বাচন আয়োগৰ নীতি নিৰ্দেশনা স্পষ্টভাৱে উলংঘা কৰাৰ অভিযোগ কৰিছিল৷ এই অভিযোগৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন আয়োগে হায়দৰাবাদ আৰক্ষী আয়ুক্ত শ্ৰীনিবাস ৰেড্ডীক ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছিল৷ ইয়াৰ পাছতেই আৰক্ষী আয়ুক্তৰ নিৰ্দেশত ডিচিপি (দক্ষিণ মণ্ডল) স্নেহা মেহৰাই তদন্ত কৰি গোচৰ ৰুজু কৰে৷ মোগলপুৰা আৰক্ষীয়ে বৰ্তমান গোচৰটোৰ তদন্ত অব্যাহত ৰাখিছে৷ উল্লেখ্য, নিৰ্বাচন আয়োগে নিৰ্বাচনী প্ৰচাৰত শিশু ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল৷