Logo
image

গৰমত পোহনীয়া জীৱ-জন্তু কেনেদৰে সুস্থ ৰাখিব

ক্ৰমাৎ গৰম বাঢ়ি আহিছে৷ উৎকট গৰমত স্বাভাৱিক জীৱনযাত্ৰা প্ৰায় ব্যাহত হোৱাৰ দৰে হৈ পৰিছে৷ গৰমৰ ফলত আনকি ঘৰৰ পোহনীয়া জীৱ-জন্তুসমূহৰো অৱস্থা কাহিল হৈ পৰিছে৷ এনে সময়ত পোহনীয়া জীৱ-জন্তুৰ প্ৰতিও বিশেষ নজৰ দিয়া উচিত৷ প্ৰশ্ন হয় উৎকট গৰমত পোহনীয়া জীৱ-জন্তুক কেনেদৰে ৰাখিব৷ এই সন্দৰ্ভত পশু চিকিৎসকসকলে কেইটামান পৰামৰ্শ আগবঢ়াইছে–

[১] মানুহৰ দৰে পোহনীয়া জীৱ-জন্তুসমূহেও উৎকট গৰমত ডিহাইড্ৰেচনত ভোগে৷ এনে অৱস্থাত দেহত পানীৰ পৰিমাণ কমি পোহনীয়া জীৱ-জন্তু মাৰাত্মকভাৱে অসুস্থ হৈ পৰিব পাৰে৷ এই ক্ষেত্ৰত আগৰ পৰাই সতৰ্ক হ’ব লাগে৷ বিশেষজ্ঞসকলৰ মতে উৎকট গৰমত মানুহৰ দৰে পোহনীয়া জীৱ-জন্তুও হিটষ্ট˜ক আক্ৰান্ত হয়৷ ফলত যিমান পৰা যায় খাব দিব লাগে৷

[২] উৎকট গৰমত পোহনীয়া জীৱ-জন্তুৰ বিশেষকৈ কুকুৰৰ লেলাউতি বেছিকৈ ওলায়৷ এনেকুৱা হ’লে লগে লগে পশু চিকিৎসকৰ কাষলৈ নিয়ক৷ কুকুৰৰ নাক গৰম হ’লে বা নাক শুকান হোৱা দেখিলে জ্বৰত আক্ৰান্ত হ’ব পাৰে৷ এনে ক্ষেত্ৰত সতৰ্ক হওক৷

[৩] অত্যধিক গৰমত পোহনীয়া জীৱ-জন্তু ডায়েৰিয়াত আক্ৰান্ত হয়৷ অস্বাভাৱিকভাৱে শৌচ কৰা আৰম্ভ কৰিলে বা শৌচৰ সৈতে তেজ ওলোৱা দেখিলে পশু চিকিৎসকৰ কাষ চাপক৷ পোহনীয়া জীৱ-জন্তুৰ হিটষ্ট˜ক হ’লে মূত্ৰত্যাগৰ সমস্যা হয়৷

[৪] কুকুৰ বা অন্যান্য পোহনীয়া জীৱ-জন্তুৰ ডিহাইড্ৰেচন হ’লে ক্লান্ত হৈ পৰে৷ অত্যধিক শুবলৈ আৰম্ভ কৰে৷ এনেকুৱা হ’লে লগে লগে পোহনীয়া জীৱ-জন্তুৰ স্বাস্থ্য পৰীক্ষা কৰক৷

[৫] গৰমৰ সময়ত পোহনীয়া কুকুৰ বা মেকুৰীটো বন্ধ গাড়ীত নাৰাখিব৷ প্ৰয়োজন হ’লে গাড়ীত এচি চলাওক বা খিৰিকি খুলি দিয়ক৷

[৬] অত্যধিক গৰমত পোহনীয়া জীৱ-জন্তুৰ বাবে ঘৰৰ চুকত এবাতি পানী ৰখাৰ ব্যৱস্থা কৰিব৷ চৰাইৰ ক্ষেত্ৰত পিঞ্জৰাত দুঠাইত পানী ৰখাৰ ব্যৱস্থা কৰক৷ প্ৰয়োজনবোধ ফেন চলাব৷

[৭] পোহনীয়া কুকুৰ বা মেকুৰীটোক ৰ’দত বাহিৰলৈ উলিয়াই নিনিব৷ নিচেই পুৱা বা সন্ধিয়া ফুৰাওক৷