Logo
image

সবকা বিকাশ ‘টোলটেক্স’ কে সাথ

... ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অধীনত অসমত ইতিমধ্যে ৬খন টোলগেট সক্ৰিয় কৰি তোলা হৈছে আৰু কেইবাখনো প্ৰতিষ্ঠাৰ পৰিকল্পনা কৰা হৈছে৷ ইতিমধ্যে স্থাপন কৰা এই ৬খন টোলগেটৰ পৰা দৈনিক প্ৰায় ৫৭ লাখ টকা ৰাজহ সংগ্ৰহ কৰা হয়৷ শুনা গৈছে যে ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ টোলগেটৰ অনুকৰণত ৰাজ্যিক পথসমূহতো টোলগেট বহুওৱাৰ পৰিকল্পনা কৰিছে অসম চৰকাৰে৷ যদি এনে হয়, তেন্তে সমাগত সময়ত অসমৰ যিকোনো পথ এটাত ভৰি দিব লগা হ’লেই প্ৰজাই মাচুল দিব লগাত পৰিব ...

বিজেপিয়ে চৰকাৰ গঠনৰ আশাৰে যিখন ভিজন ডকুমেণ্ট ২০১৬ চনত প্ৰকাশ কৰিছিল, তাৰ ‘পথ’ শীৰ্ষক শিতানত দিয়া প্ৰতিশ্ৰুতিকেইটামান আছিল এনেধৰণৰ–

◾অসমৰ সকলো গাঁৱৰ পথ পকীকৰণ কৰি সেইসমূহ পথ জিলা আৰু ৰাজ্যিক ঘাইপথসমূহৰ লগত সংলগ্ন কৰা হ’ব৷

◾অসমৰ সকলো জিলা/ৰাজ্যিক পথৰ পুনৰ নিৰ্মাণ/মেৰামতি কৰা হ’ব, যাতে ই সহজ পৰিবহণ আৰু যোগাযোগ সুচল কৰি তোলে৷

◾ব্ৰহ্মপুত্ৰৰ ওপৰত পাঁচখন নতুন দলং আৰু বৰাকৰ ওপৰত পাঁচখন নতুন দলং পাঁচ বছৰৰ ভিতৰত নিৰ্মাণ কৰা হ’ব৷

◾ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়ন প্ৰকল্পৰ অধীনত ইষ্ট-ৱেষ্ট কৰিডৰৰ উন্নীতকৰণ আৰু মূল ঘাইপথসমূহ বহল কৰা ইত্যাদি৷

এতিয়া আহিছোঁ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰৰ প্ৰথমখন বাজেটলৈ৷ ২০১৬-১৭ বিত্তীয় বৰ্ষৰ বাজেট ভাষণত বিত্তমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এনেদৰে কৈছিল–‘মহাশয়, আমি সকলোৱে জানো যে আমাৰ ৰাজ্যখনত পথ মেৰামতি কৰাটো প্ৰত্যাহ্বানমূলকেই নহয়, স্পৰ্শকাতৰো৷ মই উপলব্ধি কৰোঁ যে আশ্বাসিত আৰু পৰ্যাপ্ত পুঁজি যোগান নধৰিলে আৰু সময়মতে তাৰ গুণগত কাম সম্পন্ন নহ’লে, দুৰ্গম-বিপৰ্যস্ত যোগাযোগ ব্যৱস্থাৰ ফলত জনসাধাৰণে অবিৰতভাৱে দুৰ্ভোগ ভুগিবলগীয়া হ’ব৷ ইয়াৰ পৰিপ্ৰেক্ষিতত মই আশ্বাস দিব  বিচাৰোঁ যে পথ মেৰামতিৰ বাবে আগন্তুক তিনি বছৰত ২,০০০ কোটি টকা আবণ্টন দিবলৈ বিত্ত বিভাগ প্ৰতিশ্ৰুতিবদ্ধ৷ বিভিন্ন আঁচনিৰ অধীনত এনেধৰণৰ আবণ্টন বিগত সময়ছোৱাত দেখা নগৈছিল৷’

এতিয়া লক্ষ্য কৰা যাওক এই প্ৰতিশ্ৰুতিবোৰ ৰূপায়ণৰ বিষয়টো৷

নৰেন্দ্ৰ মোদী চৰকাৰৰ প্ৰথমটো কাৰ্যকালৰ সময়তে অসমৰ ১,২৫৩ কিলোমিটাৰ ৰাজ্যিক পথ ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নীত কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল৷ কিন্তু ২০১৯ চনৰ মাজভাগলৈ অসমত মাথোঁ ২১ৰ কিলোমিটাৰহে ৰাষ্ট্ৰীয় পথ নিৰ্মাণ কৰা হৈছিল৷ অসম চৰকাৰৰ গড়কাপ্টানী বিভাগৰ তথ্য অনুযায়ী ২০১৮-১৯ চনৰ মাৰ্চপৰ্যন্ত অসমত নতুনকৈ আৰু এক কিলোমিটাৰো ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা নাছিল৷

২০১৪ চনত ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰণালয়ৰ মন্ত্ৰী নীতীন গাডকাৰিয়ে অসমৰ গ্ৰাম্য, ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু জিলা সংযোগী পথ নিৰ্মাণ আৰু মেৰামতিৰ বাবে প্ৰায় এক লাখ কোটি টকা বিনিয়োগ কৰিব বুলি মুকলি প্ৰতিশ্ৰুতি দিছিল৷ এই প্ৰতিশ্ৰুতি কেৱল এক প্ৰতিশ্ৰুতি হৈ ৰ’ল৷

◾২০১৯ চনত অসম চৰকাৰে প্ৰধানমন্ত্ৰী গ্ৰামচড়ক যোজনাৰ অধীনত গড়ে প্ৰতিদিনে ৬ কিলোমিটাৰ হিচাপত ১,৮০০ কিলোমিটাৰতকৈ অধিক পথ নিৰ্মাণ কৰিছে বুলি বিত্তমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল৷ পৰৱৰ্তী বিত্তীয় বৰ্ষত অৰ্থাৎ ২০১৯-২০ বৰ্ষত এই নিৰ্মাণ দুগুণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল৷ বাস্তৱত অসম চৰকাৰে বিজেপিৰ দখলত থকা সমষ্টিবোৰতহে এই আঁচনি ভালদৰে ৰূপায়ণ কৰা দেখা গ’ল৷ নামনি অসমৰ অধিকাংশ জিলাতেই পিএমডিএছৱাই [দ্বিতীয়] আঁচনিখন ৰূপায়ণ কৰাত বৈষম্য প্ৰদৰ্শন কৰা হ’ল৷ উদাহৰণস্বৰূপে গোৱালপাৰা জিলাত আঁচনিখনৰ অধীনত ৫৩৯.০৫ কিলোমিটাৰ গ্ৰাম্য পথ নিৰ্ধাৰণ কৰা হৈছিল যদিও বিভাগীয় কতৃৰ্পক্ষই মাত্ৰ ২ কিলোমিটাৰ পথৰহে অনুমোদন দিছিল৷ একেদৰে বঙাইগাঁও জিলাত ১২ কিলোমিটাৰ, বৰপেটা জিলাত ১৮ কিলোমিটাৰ পথৰহে অনুমোদন কৰা হৈছিল৷ তাৎপৰ্যপূৰ্ণভাৱে উল্লিখিত বিত্তীয় বৰ্ষত [২০১৮-১৯] ধুবুৰী জিলাত এক কিলোমিটাৰ পথৰো অনুমোদন দিয়া হোৱা নাছিল৷ 

◾২০১৯-২০ বিত্তীয় বৰ্ষত দৈনিক ১২ কিলোমিটাৰকৈ গ্ৰাম চড়ক যোজনাৰ অধীনত পথ নিৰ্মাণৰ লক্ষ্য বান্ধি লোৱা হৈছিল৷ কিন্তু সমগ্ৰ অসমতে ২০১৯১ এপ্ৰিল আৰু মে’ত মাত্ৰ ৩৮ কিলোমিটাৰ গ্ৰাম্য পথহে নিৰ্মাণ কৰা হৈছিল৷

◾ব্ৰহ্মপুত্ৰৰ ওপৰত যি পাঁচখন নতুন দলং নিৰ্মাণ পাঁচ বছৰৰ ভিতৰত কৰাৰ কথা আছিল, তাৰে এখনৰ [গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং] যৎসামান্য নিৰ্মাণকাৰ্য আৰম্ভ কৰাৰ বাদে বাকী চাৰিখনৰ নিৰ্মাণৰ কাম এখুদো আগ নাবাঢ়িল৷

পৰিৱৰ্তনৰ ব্ৰহ্মটুপী ‘টোলগেট’

ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়ন প্ৰকল্পৰ কথা যেতিয়া ‘ভিজন ডকুমেণ্ট ২০১৬-২৫’ ঘোষণা কৰা হৈছিল, তেতিয়াই বিজেপি দলে আচলতে পৰোক্ষভাৱে ঘোষণা দিছিল যে যিমানেই উল্লিখিত উন্নয়ন প্ৰকল্পৰ কাম সম্প্ৰসাৰিত হ’ব, সিমানেই অসম তথা উত্তৰ-পূবৰ ৰাজপথত টোলগেটৰ সংখ্যা বাঢ়িব৷ ভাৰতৰ ঘাইপথ প্ৰাধিকৰণ (NHAI)  ১৯৭৭ চনৰ দ্য নেশ্বনেল হাইৱে’জ অ’থৰিটী অৱ ইণ্ডিয়া এক্ট, ১৯৭৭১ অধীনত গঠিত এক সংস্থা, যাক ১৯৯৫ চনৰ ১০ ফেব্ৰুৱাৰীত এক স্বতন্ত্ৰ সংস্থা হিচাপে গঢ় দিয়া হৈছিল৷ এই প্ৰাধিকৰণৰ মূল দুটা কামৰ ভিতৰত আছে–

১] চৰকাৰে দায়িত্ব অৰ্পণ কৰা পথৰ নিৰ্মাণ, মেৰামতি আৰু তাৰ তদাৰকী কৰা৷

২] ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰা বাহনৰ পৰা কৰ সংগ্ৰহ আৰু এই বাহনসমূহৰ চলাচল নিয়ন্ত্ৰণ কৰা৷ অৰ্থাৎ বিজেপিয়ে ভিজন ডকুমেণ্টত ঘোষণা দিছিলেই যে যদিহে দলটোৱে চৰকাৰ গঠন কৰে, ৰাজ্যখনৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ উন্নয়নৰ সমান্তৰালভাৱে মোটামুটিভাৱে অসমৰ প্ৰান্তে প্ৰান্তে প্ৰতি ষাঠি কিলোমিটাৰৰ ব্যৱধানত এখনকৈ টোলগেট প্ৰতিষ্ঠা কৰিব৷ অসমৰ ভোটাৰে এই প্ৰতিশ্ৰুতিৰ চিকমিকনিত ভোল গ’ল আৰু নিজে গম নোপোৱাকৈ মূৰত একোটাকৈ টুপী পিন্ধি ল’লে৷

সোণোৱাল চৰকাৰৰ শাসনকালত অসমৰ জনসাধাৰণ টোলগেটৰ চেপাত ক্ৰমাগতভাৱে বিধবস্ত হৈ পৰিছে৷ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অধীনত অসমত ইতিমধ্যে ৬খন টোলগেট সক্ৰিয় কৰি তোলা হৈছে আৰু কেইবাখনো প্ৰতিষ্ঠাৰ পৰিকল্পনা কৰা হৈছে৷ ইতিমধ্যে স্থাপন কৰা এই ৬খন টোলগেটৰ পৰা দৈনিক প্ৰায় ৫৭ লাখ টকা ৰাজহ সংগ্ৰহ কৰা হয়৷ শুনা গৈছে যে ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ টোলগেটৰ অনুকৰণত ৰাজ্যিক পথসমূহতো টোলগেট বহুওৱাৰ পৰিকল্পনা কৰিছে অসম চৰকাৰে৷ যদি এনে হয়, তেন্তে সমাগত সময়ত অসমৰ যিকোনো পথ এটাত ভৰি দিব লগা হ’লেই প্ৰজাই মাচুল দিব লগাত পৰিব৷ যদি সেইটোৱেই হয়, তেন্তে আমাৰ বাবে নিৰ্বাচিত চৰকাৰ এখনৰ প্ৰয়োজন ক’ত?

বিনামূলীয়া স্বাস্থ্য সেৱা, শিক্ষা গ্ৰহণৰ সুবিধা আৰু সুচল আৰু বিনামূলীয়া ব্যৱহাৰৰ অধিকাৰক এক মৌলিক অধিকাৰ বুলি পৃথিৱীৰ সৰহভাগ উন্নত দেশে মান্যতা দিছে৷ সেয়েহে এনে বেছিভাগ দেশতে ‘টোলগেট’ধৰণৰ কোনো ধাৰণা নাই৷ গাড়ী পঞ্জীয়নত বৃহৎ পৰিমাণৰ মাচুল নিৰ্ধাৰণৰ জৰিয়তে ভৱিষ্যতে এনে দেশবোৰে যান-বাহনৰ ব্যৱহাৰত এক পৰোক্ষ নিয়ন্ত্ৰণ ধৰি ৰাখিছে আৰু কিছুমান দেশত কেৱল বৃহৎ পৰিমাণত মালবস্তু কঢ়িওৱা ব্যৱসায়িক বাহনতহে টোলগেট ব্যৱস্থাৰ প্ৰচলন আছে৷ ইয়াৰ বিপৰীতে সম্প্ৰতি ভাৰতৰ দৰে জনকল্যাণৰ মৌলিক ধাৰণাটোকে বিসৰ্জন দিব বিচৰা দেশসমূহৰ স্বৈৰাচাৰী শাসনতন্ত্ৰই সম্প্ৰতি সমগ্ৰ পথ পৰিবহণ ব্যৱস্থাটোৰে ব্যৱসায়িকীকৰণ কৰিবলৈ উদ্যত হৈ পৰিছে৷

আমি জানো যে বিজেপি চৰকাৰৰ আমোলত অত্যাৱশ্যকীয় আন সামগ্ৰীৰ মূল্যবৃদ্ধিৰ লগতে অকল্পনীয়ভাৱে বৃদ্ধি পাইছে পে’ট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ দাম৷ ২০১৬ চনৰ এপ্ৰিলত পে’ট্ৰল আৰু ডিজেলৰ প্ৰতি লিটাৰত দাম আছিল ক্ৰমে ৬০.৬৩ টকা আৰু ৫২.৯৪ টকা৷ ২০২১ৰ ফেব্ৰুৱাৰীত অৰ্থাৎ বিজেপিৰ পাঁচ বছৰীয়া শাসনকালত অসমত এই দুবিধ সামগ্ৰীৰ মূল্যবৃদ্ধি হৈ দাম হ’ল ক্ৰমে ৮৭.৫১ টকা [৪৪.৫ শতাংশ বৃদ্ধি] আৰু ৮১.৭৫ টকা [৫৪.৪২ শতাংশ বৃদ্ধি]৷ সকলোৰে মূৰত ৰামটাঙোন শোধাই বিজেপিৰ আমোলত ৰন্ধন গেছৰ দাম বৃদ্ধি হ’ল সম্পূৰ্ণ এশ শতাংশ৷ ২০১৬ চনৰ ৰ এপ্ৰিলত গুৱাহাটীত ঘৰুৱা ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰৰ দাম আছিল ৪৩৩.৫ টকা, যি এশ শতাংশতকৈও অধিক বৃদ্ধি হৈ ২০২১ৰ মাৰ্চত হ’লগৈ ৮৬৮ টকা৷

গতিকে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিত বিধবস্ত সাধাৰণ প্ৰজা পুনৰ টোলগেটৰ মাচুলৰ দ্বাৰা কেনেদৰে বিধবস্ত হৈ পৰিছে, তাক আৰু বহলাই ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই৷ এতিয়া প্ৰশ্ন হৈছে– ২০১৫ চনৰ ১৫ মে’ত এক ৰাজহুৱা স্বাৰ্থজড়িত আৱেদন নিষ্পত্তি কৰি বোম্বাই উচ্ছ ন্যায়ালয়ে মত প্ৰদান কৰিছিল যে ভাৰতৰ সংবিধানৰ ২১নং অনুচ্ছেদে প্ৰদান কৰা মৌলিক অধিকাৰৰ ভিতৰত অন্তৰ্ভুক্ত হৈ আছে যথাযথ আৰু নিয়মীয়াভাৱে মেৰামতি কৰা পথ ব্যৱহাৰ কৰাৰ অধিকাৰ৷ যদিহে কোনো নাগৰিকে এনে অধিকাৰ উলংঘনৰ বাবে ক্ষতিগ্ৰস্ত হয়, তেন্তে তেনে নাগৰিকে ক্ষতিপূৰণ বিচাৰিব পাৰে৷ এতিয়া প্ৰশ্ন হ’ল– যদিহে যথাযথভাৱে মেৰামতি কৰা পথ ব্যৱহাৰ কৰিবলৈ পোৱাটো নাগৰিকৰ এক মৌলিক অধিকাৰ, তেন্তে নাগৰিকে এনে মৌলিক অধিকাৰ বিনামূলীয়াকৈ নোপোৱাৰ যুক্তি ক’ত?

e-mail-Kishorassam@gmail.com