Logo
image

প্ৰসংগঃ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ভ্ৰমণ

অসম বিধানসভাৰ নিৰ্বাচনক লক্ষ্যৰূপে লৈ জানুৱাৰী আৰু ফেব্ৰুৱাৰীত কেইবাবাৰো প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী অসমলৈ আহিল৷ ২০১৬ চনৰ অসম বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহি অসমৰ জনতাক প্ৰতিশ্ৰুতি দিছিল বিদেশীমুক্ত অসম দিয়াৰ৷ পাঁচ বছৰত বিদেশী সকলো গ’ল৷ এতিয়া নতুন প্ৰতিশ্ৰুতি আৰু পাঁচ বছৰ দিয়ক আৰু বানমুক্ত অসম পাওক৷ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে এইবাৰৰ ভ্ৰমণত অসম চুক্তি, চুক্তিৰ ৬নং দফা, এন আৰ চি, নিবনুৱা সমস্যা, উদ্যোগীকৰণ আদিৰ বিষয়ে একো নক’লে৷ ইতিমধ্যে, দেশৰ নিৰ্বাচন আয়োগে তিনিটা পৰ্যায়ত অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে৷ সেয়েহে নিৰ্বাচনী প্ৰচাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি শাসক বিজেপিৰ ৰথী-মহাৰথীসকল আহিব৷ নতুন নতুন প্ৰতিশ্ৰুতি দিব৷ একেদৰে কংগ্ৰেছকে ধৰি আন দলসমূহেও প্ৰতিশ্ৰুতিৰ বন্যা বোৱাব৷ ৰাইজক যিদৰে বেছি সপোন দেখুৱাব পাৰিব আৰু সপোনৰ মায়াজালত জনতা বন্দী হ’ব, সেই দলেই চৰকাৰ কৰিব৷ তাৰপাছত সাধাৰণ জনতাই পূৰ্বৰ দৰেই চলি যাব লাগিব৷

এইবাৰ জনতাই কাক ৰাজপাত দিয়ে সেয়া আমি ২ মে’ত জানিব পাৰিম৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ২৫ ফেব্ৰুৱাৰীত কাৰ্বি আংলং জিলাৰ ডেনগাঁওলৈ আহিছিল৷ অমিত শ্বাহেই হ’ল পাহাৰত পদাৰ্পণ কৰা প্ৰথমজন গৃহমন্ত্ৰী৷ জনতাৰ মাজত ইয়াকে লৈ উছাহৰ ধল৷ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙকে ধৰি সকলোৰে আনন্দৰ শেষ নাই৷ যাৰ বাবে এই সভাখন সফল কৰাৰ স্বাৰ্থতে খৰচ কৰা হ’ল কোটি কোটি টকা৷ গুৱাহাটী খালী কৰি অনা হ’ল বাছ৷ মানুহ আহিল হিলদল ভাঙি৷ কাৰ্বি আংলং জিলাৰ ইতিহাসত এতিয়ালৈকে ২৫ ফেব্ৰুৱাৰীৰ সভাখনেই আটাইতকৈ জনবহুল ৰাজহুৱা সভাৰূপে স্বীকৃত হৈছে৷ গৃহমন্ত্ৰী আহি পোৱাৰ পূৰ্বে সাংসদ হৰেনছিং বে’ই ভাষণত ক’লে– আজি আমি বহু কিছু পাম৷ পাহাৰৰ জনতাৰ দীৰ্ঘদিনীয়া ৰাজনৈতিক দাবীৰো এক সমাধান সূত্ৰ পোৱাৰ আশা কৰিলে তেওঁ৷

ভাৰতৰ সংবিধানৰ ২৪৪[ক] অনুচ্ছেদত আছে ৰাজ্যৰ ভিতৰতে এখন ৰাজ্য গঠনৰ সুবিধাৰ কথা; যদিও এইটো বাস্তৱসন্মত নহয়৷ কাৰণ এই ব্যৱস্থা দিলে এখন ৰাজ্যত দুজন মুখ্যমন্ত্ৰী থাকিব৷ সেয়ে পৃথক ৰাজ্যৰ দাবীৰ যুক্তি থাকিব, কিন্তু ৰাজ্যৰ ভিতৰত আন এখন ৰাজ্য বাস্তৱসন্মত নহয়৷ কিন্তু সংবিধানত যিহেতু এই সুবিধাৰ কথা আছে, গতিকে পাহাৰীয়া জিলা কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাওচত এখন স্বায়ত্তশাসিত ৰাজ্যৰ দাবীত পাঁচটা দশক ধৰি সংগ্ৰাম চলি আহিছে৷ সংগ্ৰাম হৈছে অহিংস গণ আন্দোলন, সংগ্ৰাম হৈছে অস্ত্ৰ লৈ৷ এই সংগ্ৰামৰ অন্তত চুক্তিও হৈছে৷ ১৯৮৬ চনৰ পৰা এ এছ ডিৰ নেতৃত্বত চলিছিল স্বায়ত্তশাসিত ৰাজ্যৰ দাবীত গণ আন্দোলন৷ এই আন্দোলনৰ সমাপ্তি ঘটিছিল ১৯৯৫ চনৰ ৰ এপ্ৰিলত হোৱা বুজাবুজিৰ চুক্তিৰ জড়িয়তে৷ ইফালে, নব্বৈৰ দশকৰ পৰাই একেই দাবীত চলিছিল সশস্ত্ৰ সংগ্ৰাম৷ ইউ পি ডি এছৰ নেতৃত্বত চলা সশস্ত্ৰ সংগ্ৰামৰ অন্ত পৰিছিল ২০১১ চনত হোৱা মীমাংসাৰ চুক্তিৰ জড়িয়তে৷ কিন্তু আন উগ্ৰপন্থী সংগঠন, সামাজিক-ৰাজনৈতিক সংগঠনে একেই দাবীত এৰাধৰাকৈ ধৰ্ণা, প্ৰতিবাদ আদিৰে চৰকাৰক স্বায়ত্তশাসিত ৰাজ্যৰ দাবী কৰি আহিছে৷

২৩ ফেব্ৰুৱাৰীত গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত পাহাৰৰ উগ্ৰপন্থী সংগঠন পি ডি চি কে, কে এল এন এল এফ, কে পি এল টি, ইউ পি এল এ আৰু কে পি এফে মুখ্যমন্ত্ৰীৰ ওচৰত আত্মসমৰ্পণ কৰে৷ লক্ষণীয় কথাটো হ’ল যে পি ডি চি কেৰ বাহিৰে আন সংগঠনে ২০১১ আৰু ২০১২-১৩ চনতেই আত্মসমৰ্পণ কৰি চৰকাৰৰ লগত আলোচনা কৰি আছে৷ দুৱাৰকৈ আত্মসমৰ্পণ কৰাৰ ৰহস্য আমাৰ বাবে দুৰ্বোধ্য৷

পি ডি চি কেৰ বাবেই আন সংগঠনকো পুনৰ আত্মসমৰ্পণ কৰোৱা হ’ল৷ কে এল এন এল এফে ২০১১ চনত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ওচৰত ডিফুৰ কাছা ষ্টেডিয়ামত অস্ত্ৰ সম্বৰণ কৰিছিল৷ পি ডি চি কে নামৰ সংগঠনটোৰ জন্ম হৈছিল ২০১৬ চনত৷ ইয়াৰ নেতা হ’ল সংবিজিত ইংতি কাথাৰ৷ সেইজন সংবিজিত এন ডি এফ বিৰ৷ কাৰ্বি যুৱক হৈও বড়ো বিদ্ৰোহী সংগঠন এন ডি এফ বিক নেতৃত্ব দি নিজকে দুৰ্ধৰ্ষ নেতা বুলি প্ৰতিষ্ঠা কৰিছিল৷ ৰঞ্জন দৈমাৰীৰ গ্ৰেপ্তাৰৰ পাছত সংগঠনটোৰ দায়িত্ব লৈ তেওঁ নেতৃত্ব দিছিল গণ সংহাৰৰ৷ পাছত সংগঠনৰ পৰা অপসাৰিত হৈ গঠন কৰিছিল পি ডি চি কে৷ পি ডি চি কেৰ পাহাৰত বিশেষ কোনো প্ৰভাৱ নাছিল৷ কেইজনমান যুৱকক লৈ সংগঠন চলাই আছিল৷ সংবিজিত নিজে আছিল ম্যানমাৰত৷

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সংবিজিত হঠাৎ চৰকাৰৰ বাবে গুৰুত্বপূৰ্ণ নেতা হৈ পৰিল৷ বহু টকা খৰচ কৰি তেওঁক অসমলৈ অনা হ’ল৷ ভালেই হ’ল হিংসাৰ পথ এৰাটো৷ পিছে তেওঁৰ নেতৃত্বত হোৱা ২০১৪ৰ গণহত্যাৰ বলি হোৱাসকলৰ পৰিয়ালে ন্যায় পাবনে, সেয়া সময়ে ক’ব৷

কথা আছিল ২৫ ফেব্ৰুৱাৰীত এই বিদ্ৰোহী সংগঠনকেইটাৰ লগত অমিত শ্বাহৰ উপস্থিতিত শান্তি চুক্তি হ’ব৷ সকলোৰে উৎসাহৰ শেষ নাই৷ আনহাতে, পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু সাংসদ  হৰেন ছিং বে’ই দিয়া ভাষণ আৰু কথা-বাৰ্তাৰ পৰা কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে সিদিনা স্বায়ত্তশাসিত ৰাজ্য দিব বুলিয়ে সকলোৱে ভাবিছিল৷ পিছে গৃহমন্ত্ৰীয়ে তেনে কোনো কথা নক’লে৷ আনকি আশা কৰা ধৰণে নতুন কোনো অৰ্থনৈতিক পেকেজো প্ৰদানৰ  কথা নক’লে৷ ইয়াকে লৈ পাহাৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি হ’ল৷ বিদ্ৰোহী সংগঠনৰ সমস্যা সমাধান হোৱাটো সকলোৱে বিচাৰে৷ কিন্তু ২৫ ফেব্ৰুৱাৰীৰ যি পৰিকল্পনা, সেয়া ব্যৰ্থ হোৱা ঘটনাই চৰকাৰৰ দুৰ্বলতা বুলি বিবেচিত হ’ল৷ প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী পাহাৰলৈ আহিল, কিন্তু জনতা আশাহত হ’ল৷

ফোনঃ ৯৪৩৫১-৬৬১৪১