Logo
image

ক্ষমতাসৰ্বস্ব ৰাজনীতিত দিশহাৰা ৰাইজ

ৰাজ্যত মঙলবাৰে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ মনোনয়ন দাখিলৰ অন্তিম দিন পাৰ হ’ল৷ প্ৰথম পৰ্যায়ত হ’বলগীয়া ভোটদান প্ৰক্ৰিয়াৰ ৪৭টা সমষ্টিত ২৮৩জনে মনোনয়ন দাখিল কৰিছে৷ দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ হ’বলগীয়া সমষ্টিসমূহৰ মনোনয়ন দাখিল প্ৰক্ৰিয়া বুধবাৰৰ পৰা আৰম্ভ হৈছে৷ মনোনয়ন দাখিলৰ সময়ত ৰাজ্যখনত দেখা দিয়া প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতে ৰাজনৈতিক দলসমূহৰ টিকটপ্ৰত্যাশীৰ মাজত অসন্তুষ্টিৰ সৃষ্টি কৰিছে৷ ইয়াৰে বহুজনে নিশাটোৰ ভিতৰতে আন দললৈ গৈ টিকট নিশ্চিত কৰি মনোনয়ন দাখিল কৰিছে৷ আনহাতে, আন কিছুমানে ইমানদিনে নিঃস্বাৰ্থভাৱে কাম কৰি অহা দলটোৱে টিকটৰ পৰা বিমুখ কৰাত নিৰ্দলীয় প্ৰাৰ্থীৰূপেও মনোনয়ন দাখিল কৰিছে৷ নিৰ্বাচনৰ সময়ত ৰাজনীতিত জড়িত লোকৰ ক্ষমতা লাভৰ যি দুৰ্বাৰ হাবিয়াস, সেয়া স্পষ্ট হৈছে৷ আনকি ৰাজনৈতিক দলসমূহেও যে কোনো নীতি-আদৰ্শক প্ৰাধান্য নিদিয়ে, সেয়া দল-বাগৰা ৰাজনীতিকক টিকট দি প্ৰমাণ কৰিছে৷ তদুপৰি ধনবল-বাহুবল থকা প্ৰাৰ্থীকহে যে ৰাজনৈতিক দলসমূহে গুৰুত্ব দিয়ে, সেয়া প্ৰাৰ্থীৰ তালিকা চালেই স্পষ্ট হয়৷ আনকি গুৰুতৰ অপৰাধত অপৰাধী বুলি অভিযুক্ত লোকেও  ধনৰ বলত টিকট লাভ কৰিবলৈ সক্ষম হৈছে৷ ৰাজনীতিত আজিকালি কোনো নীতি নাই৷ সকলোকে লাগে মাথোঁ ক্ষমতা৷ ক্ষমতাবলীয়া এইসকল লোক নিৰ্বাচিত হ’লে ৰাইজৰ যে কিবা উন্নয়ন হ’ব, সেয়া আশা কৰা মিছা৷ ৰাইজ যদি সচেতন নহয়, তেন্তে আগত সময়ত অধিক দুৰ্ভোগ ভোগাৰ বাবে সাজু থাকিব লাগিব৷ ভাৰতত গণতন্ত্ৰ পুঁজিপতিৰ পুতলা হৈ পৰিব৷ কেইটামান টকাৰ লোভত যদি অপৰাধী, ক্ষমতালোভী, অসৎ প্ৰবৃত্তিৰ লোকক জনসাধাৰণে নিৰ্বাচন কৰে, তেন্তে সৰ্বসাধাৰণৰ অৱস্থা দিনে দিনে পুতৌলগা হৈ গৈ থাকিব৷ হয়তো এনে এটা দিন আহিব যিটো দিনত কেৱল ভোটদানৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে এচাম হিতাধিকাৰীৰূপী দাস পুহি ৰাখিব৷ এইসকলে যমৰ-যাতনা ভুগি হ’লেও গৰাকীক ভোট দি জয়ী কৰাব৷ সেয়ে এতিয়া ৰাইজ সজাগ হোৱাৰ সময়৷ ৰাইজে দল চাই নহয়, উপযুক্ত আৰু নিকা ভাবমূৰ্তিৰ প্ৰাৰ্থীকহে জয়ী কৰোৱা উচিত৷ ইতিমধ্যে শাসকীয় দলে ৰাজ্যত এচাম হিতাধিকাৰী সৃষ্টি কৰি সেইসকলৰ ভোট লাভ কৰাৰ বাবে আশা পালি আছে৷ আনফালে দুৰ্নীতি-ভ্ৰষ্টাচাৰত নিমজ্জিত হৈ সমগ্ৰ দেশতে ভেটি হেৰুওৱাৰ পথত আগবঢ়া কংগ্ৰেছে চাহ শ্ৰমিকক দৈনিক হাজিৰা ৩৬৫ টকাকৈ, গৃহিণীক প্ৰতিমাহে ২,০০০ টকাকৈ দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ উপৰি প্ৰতিঘৰ লোকক ২০০ ইউনিট বিদ্যুৎ বিনামূলীয়াকৈ দিয়াৰ প্ৰতিশ্ৰতি দিয়াৰ লগতে ৫ লাখ নিবনুৱাক চৰকাৰী চাকৰি, নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ প্ৰতিশ্ৰুতি দিয়ে৷ কিন্তু যিখন ৰাজ্য ইতিমধ্যে ৯০ হাজাৰ কোটি টকাতকৈও অধিক টকাৰ ধাৰত পোত গৈ আছে, সেইখন ৰাজ্যত এই প্ৰতিশ্ৰুতি কিদৰে পূৰণ কৰিব? এয়া মাথোঁ প্ৰলোভনৰ ৰাজনীতি৷ আনহাতে, ২০১৬ৰ নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া প্ৰতিশ্ৰুতি কিমান পূৰণ কৰিলে ৰাইজে দেখিছে৷ এইবাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমক বানমুক্ত কৰিব বুলি প্ৰতিশ্ৰুতি দিছে৷ কিন্তু এই প্ৰতিশ্ৰুতি যে পূৰণ নহয় সেয়া ৰাইজে ভালদৰে জানে৷ গতিকে ৰাইজে কোনো লোকৰ কথাত ভোল নগৈ নিজৰ জনপ্ৰতিনিধি সুস্থ বিচাৰ-বিবেচনাৰে নিৰ্বাচন কৰা উচিত৷ অন্যথা ৰাইজ অধিক সমস্যাৰ গৰাহলৈ গতি কৰিব৷