Logo
image

অৰুণোদয়ৰ ধন নাহিল, হিতাধিকাৰীৰ হাহাকাৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১২ মে’: নিৰ্বাচন যোৱাৰ পাছতেই চৰকাৰে পাহৰিলে অৰুণোদয় হিতাধিকাৰীৰ কথা! মাহৰ ১০ তাৰিখ পাৰ হ’ল যদিও অৰুণোদয়ৰ ধন বেংকত নোসোমোৱাত হাহাকাৰ লাগিছে ৰাজ্যৰ ২৭ লাখ হিতাধিকাৰীৰ৷ ৰাজ্য চৰকাৰে মাহৰ ১০ তাৰিখে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বেংক একাউণ্টত ১২৫০ টকা আৰ্থিক সাহায্য জমা হ’ব বুলি বিজ্ঞাপনো প্ৰকাশ কৰিছিল৷ আনকি লোকসভা নিৰ্বাচনৰ প্ৰচাৰ সভাসমূহত মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ লগতে বিজেপি-মিত্ৰজোঁটৰ নেতা-মন্ত্ৰীসকলে প্ৰতিমাহৰ ১০ তাৰিখে চৰকাৰে অৰুণোদয় হিতাধিকাৰী বেংক একাউণ্টত ১২৫০ টকাকৈ জমা কৰি দুখীয়া ৰাইজক আৰ্থিক সাহায্য প্ৰদান কৰা বুলিও বাঃ বাঃ লোৱাত কৃপনালি কৰা নাছিল৷ আনকি মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ সভাত বিনামূলীয়া চাউল লাভ কৰা প্ৰতিটো পৰিয়ালকে নিৰ্বাচনৰ পাছতেই অৰুণোদয় প্ৰদানৰো প্ৰতিশ্ৰুতি দিছিল৷ 


ইমানেই নহয়, শাসক দল বিজেপিয়ে নিৰ্বাচনী আচৰণ বিধি বলৱৎ হৈ থকাৰ মাজতো আৰ্থিক জৰীপৰ নামত ভোটাৰ ঘৰে ঘৰে গৈ অৰুণোদয় আঁচনিৰ ধন আঁচনিৰ প্ৰ-পত্ৰ পূৰণ কৰিছিল৷ বিজেপি দলৰ এই কাৰ্যৰ বাবে ৰাজ্যিক সভাপতি ভৱেশ কলিতা নিৰ্বাচন আয়োগৰ শ্ব’কজৰো সন্মুখীন হৈছিল৷ কিন্তু নিৰ্বাচনৰ ভোট হৈ যোৱাৰ পাছতেই শাসক দল বিজেপিৰ লগতে চৰকাৰেও হিতাধিকাৰীক পাহৰি যোৱা বুলি চৰ্চা চলিছে৷ অভিযোগ অনুসৰি ৰাজ্যৰ ২৭ লাখ হিতাধিকাৰীয়ে শুকুৰবাৰে অৰ্থাৎ ১০ মে’ত বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ ১২৫০ টকা জমা হ’ব বুলি আশা কৰি আছিল যদিও শেষমুহূৰ্তত একাউণ্টত জমা নহ’ল এই ধন৷ আনকি শনিবাৰে বাতৰি লিখাৰ পৰলৈকে বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ ধন জমা হোৱা নাই বুলিও কেইবাগৰাকী হিতাধিকাৰীয়ে ‘আমাৰ অসম’ক জানিবলৈ দিছে৷ অৰুণোদয়ৰ ধন জমা নোহোৱাত স্বাভাৱিকতেই উদ্বিগ্ন হৈ পৰিছে হিতাধিকাৰীসকল৷ এই সন্দৰ্ভত দিছপুৰৰ এটা শীৰ্ষ সূত্ৰই জানিবলৈ দিয়া অনুসৰি অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক ধন প্ৰদানৰ প্ৰক্ৰিয়াটো বিত্ত বিভাগে বৰ্তমানলৈয়ো সম্পূৰ্ণ কৰা নাই৷ চৰকাৰৰ ৰাজকোষত ধনৰ নাটনিৰ বাবেই হিতাধিকাৰীয়ে এইবাৰ সময় মতে অৰুণোদয় ধন লাভ কৰা নাই বুলিও দিছপুৰৰ সূত্ৰটোৱে দাবী কৰিছে৷