Logo
image

প্ৰতিশ্ৰুতিৰ বন্যা আৰু নিৰ্বাচন

অসম বিধানসভাৰ নিৰ্বাচন সমাগত৷ প্ৰতিটো নিৰ্বাচনৰ পূবেৰ্ প্ৰতিটো ৰাজনৈতিক দলেই প্ৰতিশ্ৰুতিৰ বন্যা বোৱায়৷ এই নিৰ্বাচনটোও তাৰ ব্যতিক্ৰম নহয়৷ ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীয়ে বিগত নিৰ্বাচনৰ ‘জাতি-মাটি-ভেটি’ৰ শ্লোগান এৰি এইবাৰ সভ্যতাৰ যুঁজৰ নামত আজমল সংস্কৃতি, যাক মোগল সংস্কৃতি হিচাপে চিহ্নিত কৰি বিজেপিয়ে তাক প্ৰতিহত কৰাৰ বাবে হুংকাৰ দিছে৷ কিন্তু এইখন যুঁজো বিজেপিয়ে ২০১৬ চনতেই কৰি শৰাইঘাটৰ শেষ ৰণ বুলি আৱেগ ঢালিছিল৷ কিন্তু পাঁচটা বছৰে চৰকাৰ চলোৱাৰ পাছত শব্দৰ কাৰচাজিৰে পুনৰ একেখিনি কথা কোৱাত আচলতে অসমৰ জনতাই কিৰূপে লয় সেয়া ২ মে’তহে স্পষ্ট হ’ব৷ আনহাতে, কংগ্ৰেছে পুনৰ কঁকালত টঙালি বান্ধিছে ‘অসম বচাওঁ আহক’ শ্লোগানেৰে৷ স্বাধীনতাৰ পাছত দীৰ্ঘ সময় শাসনত থকা দলটোৱে যিদৰে শাসন চলালে, তাত দেশবাসী নাৰাজ হৈ আন দলক আদৰি ল’লে৷ এতিয়া পুনৰ অসম বচোৱাৰ কথা কৈ পাঁচটা গেৰাণ্টী দিছে৷ ইয়াৰে প্ৰথমটো ‘কা’ বাতিলৰ যি গেৰাণ্টী সেইটো  বুমেৰাং হ’ব৷ এখন ৰাজ্য চৰকাৰে ‘কা’ বাতিল কৰিব নোৱাৰে, সেই কথা সকলোৱে জানে, কিন্তু  এখন ৰাজ্যক ‘কা’ প্ৰয়োগৰ পৰা আঁতৰত ৰাখিব পাৰে বা আন্তঃৰাজি্যক পাৰপত্ৰৰ আওতালৈ আনি ৰাজ্যখন বচাব পাৰে৷ কিন্তু এই দুটা কথা কংগ্ৰেছে কোৱা নাই৷ কংগ্ৰেছে পাঁচ লাখ চাকৰি দিয়াৰ কথা কৈছে৷ বৰ্তমান ৰাজ্যখনত প্ৰায় ৩০ লাখ শিক্ষিত নিবনুৱা আছে৷ এইসকলৰ বাবে পৰিকল্পিত আঁচনি প্ৰস্তুত নকৰি কেৱল চাকৰি দিয়া কথাটো হ’ব এটা মহাফাঁকি৷ আনহাতে, বিজেপিয়ে ৰাজ্যখনৰ প্ৰতিটো সম্পদ গুজৰাটী বণিয়াৰ হাতত অপৰ্ণ কৰাৰ পাছত এতিয়া কম খৰচ অধিক লাভ নীতিৰে সেইবোৰত চাকৰি কৰাসকলকো যে চাটাই কৰিব, সি নিশ্চিত৷ আনহাতে, বিক্ৰী কৰাৰ পূবেৰ্ই বি এছ এন এলৰ ৭৮,৫৬৯জন কৰ্মচাৰীক চাকৰিৰ পৰা আঁতৰি যাবলৈ বাধ্য কৰোৱা হ’ল৷ প্ৰতিটো চৰকাৰী সম্পদক পুঁজিপতিৰ হাতত অপৰ্ণ কৰাৰ পাছত চাকৰি দিবলৈ ক’ত ঠাই আছে৷ সেই কথা কংগ্ৰেছে নক’লে৷ ২০১৪ চনত বিজেপিয়ে প্ৰতিবছৰে দুই কোটি চাকৰি, অসম বিজেপিয়ে ২৫ লাখক চাকৰি দিম বুলি কৰা ভুৱা প্ৰতিশ্ৰুতিৰ দৰেই যে হ’ব, সেই কথা অসমৰ ৰাইজে জানে, বুজে৷ এনে ভুৱা প্ৰতিশ্ৰুতি দিয়াতকৈ দলবোৰে অসমৰ সমস্যা সমাধানৰ বাস্তৱ ৰূপৰেখা তৈয়াৰ কৰাটোহে ৰাইজে বিচাৰে৷ ২০১৬ চনত বিজেপিয়ে চাহ শ্ৰমিকক কংগ্ৰেছৰ প্ৰতাৰণা-প্ৰৱঞ্চনাৰ কৱলৰ পৰা উদ্ধাৰ কৰি  এক সন্মানজনক জীৱন নিৰ্বাহৰ প্ৰতিশ্ৰুতি দিছিল৷ যাৰ বাবে শাসন ক্ষমতা লাভৰ পাছতে বিজেপিয়ে চাহ শ্ৰমিকক ৩৫১ টকা মজুৰি দিব বুলি কৈছিল, কিন্তু পাঁচ বছৰ শাসনৰ সোৱাদৰ কোবত চাহ শ্ৰমিকৰ জীৱনৰ তিতা পাহৰি থকা বিজেপিৰ হঠাতে মনত পৰিল চাহ শ্ৰমিকৰ কথা, সেয়ে সকলো কাৰ্যপ্ৰণালী তথা পদ্ধতিকে আওকাণ কৰি হঠাতে ঘোষণা কৰিলে চাহ শ্ৰমিকৰ মজুৰি ৫০ টকা বৃদ্ধি কৰাৰ কথা৷ এনেদৰে একেৰাতিতে ঘোষণা কৰিব পৰা এটা বিষয় কিয় ১৮শটা ৰাতিত ঘোষণা কৰা নহ’ল৷ এতিয়া যাৰ বাবে চাহ কোম্পানীসমূহে আইনৰ কাষ চাপিবলৈ সুবিধা পালে৷ এয়াও এক ৰাজনীতি নহয়নে? পুঁজিপতি বণিক গোষ্ঠীৰ স্বাৰ্থ সিদ্ধি কৰিবলৈ প্ৰতিপল উদগ্ৰীব হৈ থকা চৰকাৰখনে সাপো মৰক লাঠীও নাভাগক নীতি লোৱা নাইনে? এটা পৰিয়াল ২১৭ টকাৰে মৰ্যাদাসম্পন্ন জীৱন যাপন কৰিব পাৰেনে? মন্ত্ৰী-আমোলাসকলে নিজৰ ইচ্চা অনুসৰি দৰমহা বৃদ্ধি কৰি লয়৷ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি বিষয়টোত কিয় ৰাজনীতি হয়? কিয় এই বিষয়টো নিৰ্বাচনী ইছ্যু হয়? এইবোৰ প্ৰশ্ন ৰাইজে কৰা ভাল৷ বিজেপিয়ে শাসনলৈ অহাৰ পূবেৰ্ অসমত ২৪ ঘণ্টাই বিদু্যৎ যোগানৰ প্ৰতিশ্ৰুতি দিছিল, যিটো অসাৰ হ’ল৷ এই কাম বিজেপিয়ে কৰিব নোৱাৰিলে৷ এতিয়া এই বিজেপিয়েই পুনৰ শাসনলৈ আহিলে ৩০ ইউনিট আৰু কংগ্ৰেছে ২০০ ইউনিটলৈ বিদ্যুৎ বিনামূলীয়াকৈ দিয়াৰ প্ৰতিশ্ৰুতি দিছে৷ সম্পূৰ্ণ বিদ্যুৎ খণ্ডটোক চৰকাৰে ব্যক্তিগত মালিকৰ হাতত অপৰ্ণ কৰিবলৈ আঁচনি লৈছে, তেনে অৱস্থাত এইবোৰ যে এক ললিপপ সেই কথাও  ৰাইজে বুজিছে৷ এইবাৰ বিজেপি শাসনলৈ অহাৰ পাছত যে বিদ্যুৎ খণ্ড ৰিলায়েঞ্চক গতাব, সেইটো খাটাং আৰু মাচুলো যে আকাংশলংঘী হ’ব, সেইটোও খাটাং৷ তেনে অৱস্থাত আচলতে এখন দেশ, এটা জাতি, মানুহখিনি কেনেকৈ বাচিব তাৰ বাবে, দেশৰ বাবে, ৰাইজৰ বাবে লাগে এখন ৰাইজৰ চৰকাৰ৷ য’ত স্বাধীনতাৰ ৭০ বছৰে সমাধান নোহোৱা স্বাস্থ্য-চিকিৎসা, শিক্ষা, বিদু্যৎ, খোৱাপানী, যোগাযোগ আদিৰ লগতে নিবনুৱা, বান-খহনীয়া, সীমা সমস্যা আদি বিষয় সমাধান হয়৷ য’ত প্ৰতিজন লোকেই সমস্যামুক্ত হৈ শান্তিৰে টোপনি যোৱাৰ এক পৰিৱেশ ৰচনা হয়৷ প্ৰতিটো নিৰ্বাচনতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰীকৰণৰ ইছ্যুয়ে প্ৰাণ পাই উঠে, কিন্তু চৰকাৰ এখন গঠন কৰাৰ পাছতে সেইবোৰ ইছ্যু শুই পৰে আৰু যিবোৰ কাম নকৰোঁ বুলি চৰকাৰ এখন আহে, সেইবোৰ কামকে কৰিবলৈ ধৰে৷ এইবাৰ অসমত কংগ্ৰেছ-বিজেপিৰ উপৰি দুটাকৈ নতুন আঞ্চলিক দল ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে ভুমুকি মাৰিছে৷ কিন্তু দুয়োটা দলেই সঠিক ৰণকৌশল প্ৰস্তুত কৰাত বিফল হোৱা বুলিয়েই অসমৰ ৰাইজ পতিয়ন গৈছে৷ ৰাইজৰ দলৰ প্ৰধান নেতাজনে জে’লৰ পৰাই নিৰ্বাচন খেলিব লগা হোৱাৰ বিপৰীতে লুৰীণজ্যোতি গগৈয়ে আগন্তুক নিৰ্বাচনত কাক সহায় কৰিবলৈ গৈছে, সেই লৈও প্ৰশ্ন হৈছে৷ দলটোৰ যিবোৰ সমষ্টিত কোনো সাংগঠনিক ভেটি নাই, সেইবোৰ সমষ্টিতো প্ৰাৰ্থিত্ব দি আচলতে এক অপৰিপক্ব ৰাজনীতি কৰা যেন ধাৰণা হয়৷ যি নহওক, আগন্তুক নিৰ্বাচনটোও যে প্ৰতিশ্ৰুতিৰ নিৰ্বাচনেই হ’ব, সি নিশ্চিত৷