Logo
image

কোনোবা সুৰামত্ত, কাৰোবাৰ বান্দৰজাঁপ... ভাৰাক্ৰান্ত বিহুমঞ্চ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৪ মে’: সাত বিহু কাহানিবাই শেষ হ’ল৷ কিন্তু অসমত আজিও শেষ নহ’ল বিহুৰ সাংস্কৃতিক অনুষ্ঠান৷ ব’হাগ মাহৰ অন্তিমটো দিনত ভৰি দিয়াৰ পাছতো ১২টা মাহত ১৩টা উৎসৱত মচগুল অসমীয়াৰ যেন ৰং-আনন্দৰ শেষ নাই৷ যাৰ বাবে আজিও ৰাজ্যৰ শদিয়াৰ পৰা ধুবুৰীলৈ অব্যাহত আছে ব’হাগী বিদায়ৰ সাংস্কৃতিক অনুষ্ঠান৷ অৱশ্যে এনে একাংশ ব’হাগী বিদায় অনুষ্ঠানত বিহু-নাচ-হুঁচৰিৰ নাম-গোন্ধ নাথাকিলেও নিশাৰ সংগীতানুষ্ঠানেই মূল আকৰ্ষণ হৈ পৰিছে৷ নামী-দামী গায়ক-গায়িকাক লাখ লাখ টকাত চুক্তিবদ্ধ কৰি পুৱতি নিশালৈ বিহুৰ নামত এদিনৰ বাবে বিভোৰ হৈ পৰাই যেন একাংশ বিহুবলীয়া লোকৰ বাবে জীৱনৰ সৰ্বোচ্ছ আনন্দত পৰিণত হৈছে৷ অৱশ্যে ব’হাগৰ বিহুৰ এই অনুষ্ঠানসমূহেই ৰাজ্যৰ বহু শিল্পী আৰু কলা-কুশলীৰ বছৰেকীয়া উপাৰ্জনৰ উৎস যদিও সম্প্ৰতি এনে ব’হাগী উৎসৱসমূহৰ একাংশ উন্মাদ সুৰাপায়ীৰ বান্দৰ নৃত্যৰ আখৰাস্থলীলৈ পৰিণত হৈছে৷ একাংশ অনুষ্ঠানত কি দৰ্শক, কি গায়ক সকলোৱেই যেন সুৰাৰ নিচাত বিহুতলীত মাতলামিৰ চূড়ান্ত পৰ্যায় পাইছে৷ ক’ৰবাত যদি গায়কে টেটুলৈকে সুৰাপান কৰি মঞ্চত গীত গাব নোৱৰা অৱস্থাৰ সৃষ্টি হৈছে, আন ক’ৰবাত আকৌ অত্যুৎসাহী গায়কে মঞ্চতে বান্দৰ জাঁপ মৰাই নহয়, পেণ্ডেলৰ বাঁহ বগাই গান গোৱাও দেখা গৈছে৷ ক’ৰবাত যদি গায়কৰ অনুৰাগীয়ে বোকা নৃত্য কৰি আৰক্ষীৰ লাঠীৰ কোব খাবলগীয়া হৈছে, আন ক’ৰবাত চুক্তি অনুসৰি ধন দিব নোৱাৰি শিল্পীক মঞ্চতে উদ্যোক্তাই অপদস্থ কৰি কাজিয়াত লিপ্ত হৈছে৷ ইয়াৰোপৰি বিহুমঞ্চত সংস্কৃতি প্ৰদৰ্শনৰ নামত অৰ্ধনগ্ন বেপৰুৱা নৃত্যৰ লগতে সুৰাপায়ীয়ে মঞ্চতে গায়কক অপদস্থ কৰা ঘটনাও সংঘটিত হৈছে৷ দেওবাৰে ছিপাঝাৰৰ দুমুনীচকীত বিহুৰ অনুষ্ঠানত দৰ্শকে বাৰে বাৰে গান গাবলৈ হেঁচা দিয়াত মঞ্চতে খৰ্গহস্ত হৈ পৰে কণ্ঠশিল্পী কুমাৰ ভৱেশ৷ ১০-১২ লাখ টকা দি মাতি অনা শিল্পীয়ে মদৰ নিচাত গান গাব নোৱাৰিলে কিয় প্ৰতিবাদ নকৰে বুলি দৰ্শকক প্ৰশ্ন কৰি শিল্পী কুমাৰ ভৱেশে কয়– ‘১০-১২ লাখ টকা দি অনা শিল্পীক কিয় পুনৰ এটা গাওক বুলি আপোনালোকে ক’ব নোৱাৰে৷ কোনো গায়কক ৮ বজাত মঞ্চত উঠাই ১০ বজাত নমাই ঘৰলৈ যাবলৈ দিয়ে৷ ১০-১২ লাখ দি মাতি অনা সেইসকল গায়ককো ৰাতি পুৱালৈ গান গাবলৈ নিদিয়ে কিয়? মদ খাই আধাতে অনুষ্ঠান এৰি যোৱা শিল্পীক কিয় আপোনালোকে গান গাবলৈ বাধ্য কৰোৱাব নোৱাৰে?’ ইফালে, বজালীৰ সৰুপেটাৰ ভোগপুৰতো কণ্ঠশিল্পী বন্দিতা বৰুৱাৰ এটা সংগীতানুষ্ঠানত অবাঞ্ছিত ঘটনা সংঘটিত হয়৷ কণ্ঠশিল্পীগৰাকীক চুক্তিমতে আয়োজকে ধন আদায় নিদি অপদস্থ কৰাৰ অভিযোগ উঠিছে৷ যাক লৈ মঞ্চতে দুয়োপক্ষৰ তৰ্কাতৰ্কি হোৱাত আৰক্ষী আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলগীয়া হয়৷ ইফালে, নুমলীগড়ৰ পুৰাবাংলা বিহু সন্মিলনত স্বল্পবসনা যুৱকে উদ্দাম নৃত্য প্ৰদৰ্শনেৰে বহুৱালি কৰা ঘটনাক লৈ সৰ্বত্ৰ প্ৰতিবাদ হোৱাত অৱশেষত আয়োজক সমিতিয়ে ক্ষমা খুজিবলৈ বাধ্য হোৱাৰ দৰে ঘটনাও সংঘটিত হয়৷ ইফালে, বিনোদ কলিতা নামৰ এজন গায়কো মঞ্চত বান্দৰ জাঁপ দি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ সস্তীয়া জনপ্ৰিয়তাৰ লক্ষ্যৰে গায়কজনে মঞ্চত গানৰ মাজে মাজে বান্দৰ জাঁপ দিয়াৰ লগতে পেণ্ডেলৰ বাঁহ বগায়ো গীত গোৱা দেখা গ’ল৷ বিনোদ কলিতাৰ কাৰ্যকলাপ দেখি দৰ্শকে এতিয়া গান শুনিলে নে চাৰ্কাছ চালে তাক লৈয়ো বিবুধিত পৰা বুলিহে ক্ষোভ ব্যক্ত কৰিছে৷ সত্ৰনগৰী মাজুলীত কণ্ঠশিল্পী জুবিন গাৰ্গে সত্ৰাধিকাৰ সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰি ক্ষমা বিচৰাৰ লগতে বিহু মঞ্চত গায়ক মৌচম গগৈকো সুৰাপায়ী দৰ্শকে অপদস্থ কৰা দেখা গ’ল৷ ইফালে মাজতে এটা পথ দুৰ্ঘটনাত পৰশজ্যোতি হাজৰিকা নামৰ এজন সতীৰ্থ বাদ্যযন্ত্ৰীৰ মৃত্যু হোৱাৰ দিনটোতে চুক্তিমতে অনুষ্ঠান পৰিৱেশন কৰিবলৈ বাধ্য হোৱা কণ্ঠশিল্পী বিকশিতা গগৈও এতিয়া সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ ২০-৩০ লাখ টকাৰ বাজেটেৰে পতা ব’হাগী অনুষ্ঠানসমূহ ফাংচনসৰ্বস্ব হৈ পৰাত বহু বিহু মঞ্চত হুঁচৰি আৰু বিহুনাম-বিহুনাচ দুৰ্লভ হৈ পৰিছে৷