Logo
image

এনএছএত বন্দী অমৃতপালৰ মনোনয়ন বৈধ ঘোষণা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৬ মে’ : ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ হৈ সম্প্ৰতি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী জীৱন কটোৱা খালিস্তানী সমৰ্থক তথা ৱাৰিছ পাঞ্জাব ডে’ৰ মুখ্য নেতা অমৃতপাল সিঙৰ মনোনয়ন-পত্ৰ বৈধ হয়৷ ডিব্ৰুগড়ৰ জে’লৰ পৰাই অমৃতপাল সিঙে পাঞ্জাবৰ খাদুৰ চাহিব লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে৷ উল্লেখ্য, যোৱা শুকুৰবাৰে অমৃতপাল সিঙৰ অধিবক্তা হৰজোৎ সিঙে পালৰ হৈ জিলা ৰিটাৰ্নিং বিষয়াৰ ওচৰত মনোনয়ন-পত্ৰ দাখিল কৰিছিল৷ অমৃতপাল সিঙৰ সম্পৰ্কীয় সুখচীন সিঙৰ লগতে আন পাঁচজনে মনোনয়ন-পত্ৰ দাখিল পৰ্বত সহযোগ কৰিছিল৷ জিলা নিৰ্বাচনী বিষয়াই আজি অমৃতপাল সিঙৰ মনোনয়ন বৈধ বুলি ঘোষণা কৰে৷ সিঙে প্ৰতিদ্বন্দ্বিতা কৰা খাদুৰ চাহিব লোকসভা সমষ্টি চুলতানপুৰ লোধী, কাপুৰথালা, জিৰাকে ধৰি ৯ টা বিধানসভা সমষ্টি লৈ গঠিত৷ সমষ্টিটোৰ পৰা বিজেপিৰ মনজিৎ সিঙে, আম আদমি  পাৰ্টীৰ লালজিৎ সিঙে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে৷ কংগ্ৰেছৰ পৰা প্ৰাক্তন বিধায়ক কুলবীৰ সিং জিৰাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে৷ উল্লেখ্য, বিগত বৰ্ষৰ ২৩ এপ্ৰিলত পাঞ্জাব পুলিচে অমৃতপাল সিঙক গ্ৰেপ্তাৰ কৰিছিল৷ এজন সতীৰ্থক মুকলি কৰি আনিবৰ বাবে অমৃতপাল সিং আৰু তেওঁৰ একাংশ সহযোগীয়ে অমৃতসৰত এখন থানাত আক্ৰমণ চলোৱাৰ অভিযোগ উঠিছিল৷ এই সন্দৰ্ভত অমৃতপাল সিঙৰ বিৰুদ্ধে বিভিন্ন ধাৰাত গোচৰ ৰুজু হৈছিল৷