Logo
image

ৰিয়ানৰ দায়িত্বশীল বেটিঙেও ৰক্ষা কৰিব নোৱাৰিলে ৰাজস্থানক

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৬ মে’ : যোৱা বছৰৰ আইপিএলত গুৱাহাটীত অনুষ্ঠিত ৰাজস্থান ৰয়েলছৰ দুখন খেলত অসম সন্তান ৰিয়ান পৰাগৰ প্ৰদৰ্শন বৰ আশাপ্ৰদ নাছিল৷ দুখন খেলত তেওঁৰ স্ক’ৰ আছিল ২০ আৰু ৭৷ এইবাৰ অৱশ্যে ২২ বছৰীয়া বেটাৰজন আছে দুৰ্দান্ত ফৰ্মত৷  সেয়েহে বুধবাৰে পঞ্জাব কিংছৰ বিৰুদ্ধে খেলখনত ৰিয়ানৰ পৰা এটা আকৰ্ষণীয় ইনিংছ বিচাৰিছিল গুৱাহাটীৰ ক্ৰিকেটপ্ৰেমীয়ে৷ বৰ্ষাপাৰাস্থিত অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত ৰিয়ানে ৰান পালেও দলৰ আন সতীৰ্থসকল আছিল ব্যৰ্থ৷ টছত জিকি ৰাজস্থান ৰয়েলছে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লোৱাৰ পাছত  অ’পেনাৰ যশস্বী জয়ছোৱাল [৪] আৰু অধিনায়ক সঞ্জু ছেমছনৰ [১৮] উইকেট পতন হোৱাৰ পাছত দলৰ ইনিংছ চম্ভালি লোৱাৰ দায়িত্ব আহি পৰিছিল ৰিয়ান পৰাগৰ কান্ধত৷ টুৱেণ্টী-২০ বিশ্বকাপৰ প্ৰস্তুতিৰ বাবে জোছ বাটলাৰ স্বদেশলৈ উভতি যাবলগীয়া হোৱাত জয়ছোৱালৰ সৈতে ৰাজস্থান ৰয়েলছৰ ইনিংছ মুকলি কৰিছিল ইংলেণ্ডৰ টম কোহলাৰ কেডমোৰে৷ ২৩টা বলত ১৮ ৰান সংগ্ৰহ কৰি তেৱোঁ পেভিলিয়নলৈ উভতিছিল৷ শীৰ্ষক্ৰমৰ বেটাৰৰ ব্যৰ্থতাৰ বাবে অভিজ্ঞ ৰবিচন্দ্ৰন অশ্বিনক পঠিওৱা হৈছিল বেটিং ক্ৰমৰ পাঁচ নম্বৰ স্থানত৷ অশ্বিন আৰু ৰিয়ানে কিছু সময় দৃঢ়তাৰে খেলাৰ পাছত ১৯টা বলত ব্যক্তিগত ২৮ ৰানত অশ্বিনো আউট হৈছিল অৰ্শদীপ সিঙৰ বলত৷ চতুৰ্থ উইকেটত ৰিয়ান আৰু অশ্বিনৰ মাজত যোগ হৈছিল ৫০ ৰান৷ এটা দিশত নিয়মিত গতিত উইকেট পতন হৈ থকাত যথেষ্ট সতৰ্কতাৰে বেটিং কৰি গৈছিল ৰিয়ানে৷ ৩৪টা বলত ছটা ‘চাৰি’ৰে ৪৮ ৰান সংগ্ৰহ কৰি ইনিংছৰ অন্তিমটো অভাৰত হৰ্ষল পেটেলৰ বলত আউট হয় ৰিয়ান৷ ২০ অভাৰত ৰাজস্থান ৰয়েলছৰ স্ক’ৰ হয়গৈ ৯ উইকেটত ১৪৪ ৰান৷ বুধবাৰৰ এই ইনিংছটোৰে এইবাৰৰ আইপিএলত ৰিয়ানে নিজৰ ৰানৰ সংখ্যা ৫৩১লৈ [১২টা ইনিংছত] বৃদ্ধি কৰে, ৰানৰ গড় ৫৯.০০ আৰু ষ্ট্ৰাইক-ৰেট ১৫২.৫৮৷ চলিত ছীজনত সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটাৰৰ তালিকাত এতিয়া ৰিয়ানৰ স্থান চতুৰ্থ৷

ৰিয়ান পৰাগৰ এই দায়িত্বশীল ইনিংছেও অৱশ্যে বুধবাৰে ৰাজস্থান ৰয়েলছক ৰক্ষা কৰিব নোৱাৰিলে৷ পাঁচ উইকেটত দলটো পৰাস্ত হয়৷ এইদৰে গুৱাহাটীত দ্বিতীয়বাৰ পঞ্জাব কিংছৰ হাতত পৰাস্ত হ’ল দলটো৷ যোৱা বছৰ পঞ্জাব কিংছৰ হাতত পাঁচ ৰানত পৰাস্ত হৈছিল ৰাজস্থান ৰয়েলছ৷ ১৯ এপ্ৰিলত ৰাজস্থান অৱতীৰ্ণ হ’ব কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে৷ দুয়োটা দল ‘প্লে-অফ’লৈ উন্নীত হৈছে যদিও লীগ পৰ্যায়ৰ খেলৰ অন্তত ৰাজস্থান ৰয়েলছ পইণ্ট তালিকাৰ কোনটো স্থানত থাকে সেয়া হ’ব লক্ষণীয়৷