Logo
image

অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিত ৰাজ্যবাসীৰ হাহাকাৰ, মন্ত্ৰী ব্যস্ত বহিঃৰাজ্যত প্ৰচাৰ চলোৱাতঃ মন্ত্ৰী ৰঞ্জিত দাসৰ পুত্তলিকা দাহেৰে প্ৰতিবাদ

'আমাৰ অসম'ৰ যোগীঘোপাৰ প্ৰতিবেদক, ১৮ মে': অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিয়ে মাধমাৰ সোধাইছে সাধাৰণ জনতাক৷ দাম বৃদ্ধিৰ বিৰুদ্ধে শনিবাৰে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বঙাইগাঁও জিলা সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷


অত্যাধিক মূল্যবৃদ্ধিয়ে সাধাৰণ লোকক জুৰুলা কৰাৰ সময়তে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে পশ্চিম বংগত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকাৰ অভিযোগত যোগীঘোপাৰ পাল্লীৰতলত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ পুত্তলিকা দাহ কৰে প্ৰতিবাদকাৰীয়ে। প্ৰতিবাদকাৰীয়ে 'মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস মুৰ্দাবাদ', 'বিজেপি চৰকাৰ হায় হায়' আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে। উল্লেখ্য যে ৰাজ্যত নিৰ্বাচনৰ শেষ হোৱাৰ পিছতে বজাৰত অত্যাধিক প্ৰভাৱ পৰিছে৷ আলু, পিঁয়াজৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ বৰ্ধিত দামে অস্বস্তিত পেলাইছে গ্ৰাহকক।