Logo
image

ৰাজ্যৰ কৃষি-ব্যৱসায়- বাণিজ্য কোন দিশে?

অৰ্থনীতি বিকাশৰ ক্ষেত্ৰত এখন ৰাজ্যৰ প্ৰতিটো ব্যৱসায়িক খণ্ডৰে ভূমিকা সবল হোৱাটো প্ৰয়োজন৷ ডাঙৰ ডাঙৰ উদ্যোগসমূহে পৰোক্ষ- প্ৰত্যক্ষ নিয়োগত ইন্ধন যোগায় যদিও এনে উদ্যোগসমূহত বৃহৎ পৰিমাণৰ মূলধন বিনিয়োগ, আন্তঃগাঁথনি, কেঁচামাল আদিৰ দৰকাৰ৷ ৰাজহুৱা খণ্ড, ব্যক্তিগত খণ্ডত গঢ়ি উঠা এনে উদ্যোগসমূহৰ প্ৰয়োজনীয়তাক নুই কৰিব নোৱাৰি যদিও ক্ষুদ্ৰ, মধ্যম আৰু মজলীয়া পৰ্যায়ৰ ব্যৱসায়-বাণিজ্যসমূহে নিজা প্ৰচেষ্টাৰে অসংখ্য লোকক জড়িত কৰি নিবনুৱা সমস্যা সমাধানত অৰিহণা যোগোৱাৰ লগতে ৰাজ্যৰ অৰ্থনীতিৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ উল্লেখ্য অসংগঠিত খণ্ড অৰ্থাৎ আনঅৰ্গেনাইজড চেক্টৰত জড়িত ব্যৱসায়ী, শ্ৰমিকসকলৰ স্থিতি সবল কৰাৰ বাবে কেন্দ্ৰ চৰকাৰে আঁচনি ঘোষণা কৰি আহিছে যদিও দেশত এতিয়াও এই খণ্ডত জড়িতসকলৰ উত্তৰণ ঘটা নাই৷ অসমতো অসংগঠিত ব্যৱসায়িক খণ্ডত বহু ব্যৱসায়ী জড়িত হৈ আছে আৰু উপযুক্ত সজাগতা, সচেতনতাৰ অভাৱৰ বাবে একাংশৰ বাদে অধিকাংশৰে ক্ষেত্ৰত চৰকাৰে প্ৰয়োগ কৰা আঁচনিসমূহৰ পৰা সংশ্লিষ্টসকলে সুফল লাভ কৰিব পৰা নাই৷ উদাহৰণস্বৰূপে আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত ৫০ শতাংশ ৰাজসাহায্যসহ দুই লাখ টকাকৈ প্ৰদান কৰাৰ বিষয়ে চৰকাৰী ঘোষণাৰ পিছতো আশা কৰামতে থলুৱা ব্যৱসায়ীসকলে আগবাঢ়ি অহা নাই৷ কৃষিখণ্ডত ৰাজ্যৰ এচাম উদ্যোগীয়ে বিজ্ঞানসন্মতভাৱে বিভিন্ন কৃষি শস্য উৎপাদন, উৎপাদিত সামগ্ৰীৰ বিপণন, ফুড প্ৰডাক্ট, পেকেজিং, মাৰ্কেটিং আদিৰ লগত জড়িত হৈ আত্মসংস্থাপনৰ বাট মোকলাইছে৷ পশু পালন, মৎস্য পালন আদিৰ লগতো এচাম থলুৱাই পূৰ্বৰ মনোভাৱ ত্যাগ কৰি এনে ব্যৱসায়ত জড়িত হৈ পৰিছে৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে পৰম্পৰাগতভাৱে অসমৰ গ্ৰাম্য জীৱনত কৃষিকৰ্ম, মৎস্য পালন, পশু পালন, হস্তশিল্প, এৰী-মুগা উৎপাদন আৰু বস্ত্ৰ নিৰ্মাণ আদি এক স্বাভাৱিক কৰ্মৰূপে পৰিগণিত হৈছিল৷ নিজৰ মালিকীস্বত্ত্বত থকা পথাৰৰ মাটিসমূহ ছন পৰিবলৈ নিদি পৰিয়ালৰ সদস্যসকলে কঠিয়া সিঁচা, ৰোৱা, ধান দাই ঘৰলৈ আনি মৰণা মাৰি ধান ভঁৰালত থোৱালৈকে পদ্ধতিভাৱে কৰা হৈছিল৷ ইয়াৰ যোগেদি পৰিয়ালৰ জ্যেষ্ঠসকলৰ লগতে কনিষ্ঠসকলৰ মাজত এক কৰ্ম-সংস্কৃতিৰ ধাৰা প্ৰবাহিত হৈছিল৷ গোহালিৰ গৰু, পুখুৰীত মাছ, বাৰীত তামোল-পাণ এয়া আছিল অসমৰ গ্ৰাম্য জীৱনৰ এক চিৰপৰিচিত দৃশ্য৷ লক্ষণীয়ভাৱে এই ব্যৱস্থাটোৱে গ্ৰাম্য লোকসকলৰ মাজত আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰাৰ লগতে সামগ্ৰিকভাৱে গ্ৰাম্য অৰ্থনীতিকো সবল কৰি ৰাখিছিল৷ এয়া আজিৰ সময়ত খুব কম লোকৰ মাজতহে সীমিত হোৱাৰ বাবে সামাজিক-অৰ্থনৈতিকভাৱে সকলো ক্ষতিগ্ৰস্ত হৈছে৷ ৰাজ্যত হিতাধিকাৰী আঁচনিৰ প্ৰৱলতা বৃদ্ধি পোৱাৰ পৰা বিনামূল্যে চাউল লাভ কৰাসকলৰ গৰিষ্ঠসংখ্যকে নিজৰ কৃষিভূমি থকাৰ পিছতো পথাৰলৈ পিঠি দিলে৷ বিভিন্ন অজুহাতত পথাৰ ত্যাগ কৰাৰ ফলত বিশেষকৈ অতি উৰ্বৰ উজনি অসমৰ পথাৰসমূহ ছন পৰি থকাটো এতিয়া এক সুলভ দৃশ্য৷ তাৎপৰ্যপূৰ্ণভাৱে উজনি অসমৰ এনে দৃশ্যৰ বিপৰীতে মধ্য অসম, নামনি অসমত বিশেষকৈ পমুৱা মুছলমানসকলে চৰকাৰী আঁচনিৰ সকলো সা-সুবিধা গ্ৰহণ কৰি বিজ্ঞানসন্মতভাৱে কৃষি উৎপাদন, মৎস্য পালন, পশু পালন আদিত জড়িত হৈ পৰিছে৷

গ্ৰাম্য অৰ্থনীতি এনেদৰে প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ পৰিপ্ৰেক্ষিতত নগৰ-মহানগৰলৈ আহি বহুলোকে ক্ষুদ্ৰ, মধ্যম আৰু মজলীয়া শ্ৰেণীৰ ব্যৱসায়-বাণিজ্যৰ সৈতে জড়িত হৈ পৰিছে যদিও ৰাজ্যত বৰ্তমান সময়ত এই ব্যৱসায়ত জড়িত সকলো ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে৷ বৰ্ধিত মুদ্ৰাস্ফীতি, বৰ্ধিত কৰ, উপযুক্ত আঁচনিৰ অভাৱ, ক্ৰেতাৰ ক্ৰয় ক্ষমতা হ্ৰাস, বয়-বস্তুৰ মূল্যবৃদ্ধি আদিৰ বাবে এই ব্যৱসায়সমূহত জড়িত সকলো হতাশ হৈ পৰিছে৷ পৌৰ কৰ, সম্পত্তিৰ কৰ, অনুজ্ঞাপত্ৰৰ মাচুল আদি বিভিন্ন কৰৰ পৰিমাণ প্ৰতি বছৰে বহু বৃদ্ধি পোৱাৰ বিপৰীতে ব্যৱসায়িক লেনদেন বহু হ্ৰাস পাবলৈ ধৰিছে৷ ৰঙালী বিহু, দুৰ্গা পূজা, দেৱালী, ঈদ আদি উৎসৱ-পাৰ্বণসমূহলৈ ব্যৱসায়ীসকলে আশাৰে বাট চাই ৰয় যদিও এতিয়া সেই দিন নাই৷ অৱশ্যে অনলাইন ব্যৱসায়ৰ প্ৰসাৰতাইও ৰিটেইল ব্যৱসায়কে ধৰি আন আন বজাৰসমূহ ক্ষতিগ্ৰস্ত কৰিছে৷ ব্যৱসায় মন্দা হৈ পৰাৰ সময়তে ঘৰ ভাড়া, কৰ্মচাৰীৰ মজুৰি বৃদ্ধি, পৰিবহণ ব্যয় বৃদ্ধি আদিয়েও ক্ষুদ্ৰ, মধ্যম শ্ৰেণীৰ ব্যৱসায়লৈ প্ৰত্যাহ্বান কঢ়িয়াই আনিছে৷ গ্ৰাম্য অৰ্থনীতি সবল কৰা কৃষি, পশু পালন, মৎস্য পালনৰ পৰা অন্যান্য ক্ষুদ্ৰ, মধ্যম, মজলীয়া ব্যৱসায়সমূহে এক অৰ্থনৈতিক ধাৰাক প্ৰবাহিত কৰি ৰাখে৷ এইবোৰ সংকটত পৰা মানেই লক্ষ লক্ষ লোকৰ ভৱিষ্যত অনিশ্চিত হৈ পৰিব৷ চৰকাৰে কৰ-কাটল আৰোপ কৰাৰ লগতে এইবোৰ ব্যৱসায় সজীৱ কৰি ৰখাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাটো অতি প্ৰয়োজন৷