Logo
image

বীমা কোম্পানীৰ মূৰত হাত ! বৰষুণত খেলা পণ্ড, ঘূৰাই দিব লাগিব টিকটৰ মূল্য

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২১ মে’: দেওবাৰে বৰষুণে আশাহঁত কৰিলে ৰাজ্যৰ ক্ৰিকেটানুৰাগীক৷ বৰষুণে পণ্ড কৰিলে বৰ্ষাপাৰা ষ্টেডিয়ামৰ ক্ৰিকেট মেচ৷ দেওবাৰে ৰাজস্থান ৰয়েল্‌ছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ হাইভল্টেজ আইপিএল মেচৰ বাবে হাজাৰ হাজাৰ দৰ্শকে বৰ্ষাপাৰাৰ অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামৰ গেলাৰী ভৰাই তুলিছিল যদিও বৰষুণে বিধি-পথালি দিলে খেলত৷ খেল আৰম্ভ নৌহওঁতেই আৰম্ভ হোৱা বৰষুণে ক্ৰিকেট প্ৰেমীৰ সকলো উদ্যমিতা শেষ কৰি পেলালে৷ বৰষুণৰ বাবে  বাতিল হোৱা মেচখনত খেলপথাৰত এটাও বল নপৰাত এতিয়া ইঞ্চুৰেন্স কোম্পানীয়ে মূৰে-কঁপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ কিয়নো খেল অনুষ্ঠিত নোহোৱাত বীমা কোম্পানীয়ে ভৰিব লাগিব ৰাজহ লোকচানৰ সমস্ত ধন৷ দৰ্শকক টিকটৰ মূল্য ঘূৰাই দিয়াৰ পৰা আৰম্ভ কৰি ফেঞ্চাইজীৰ স্বত্বাধিকাৰ, স্প’নছৰ, ব’ডকাষ্টাৰ্ছ, টীম স্প’নছৰকো বীমা কোম্পানীয়ে ধন দিবলগীয়া হোৱাটো নিশ্চিত হৈ পৰিছে৷ গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামৰ ৰাজস্থান ৰয়েল্‌ছ আৰু কলকাতা নাইট ৰাডাৰ্ছৰ খেলখনৰ বাবেও বীমাকাৰী প্ৰতিষ্ঠান নিউ ইণ্ডিয়া এঞ্চুৰেন্স, নেচনেল ইঞ্চুৰেন্স কোম্পানী আৰু ইউনাইটেড ইঞ্চুৰেন্স কোম্পানীয়ে অতি কমেও ১০০ কোটি টকা আদায় দিব লাগিব৷ কিয়নো এই মেচখনৰ বাবদ ক্ৰিকেট বিক্ৰীকে ধৰি বিভিন্ন উৎসৰ পৰা আইপিএল কতৃৰ্পক্ষই ১৩০ কোটি টকা ৰাজহ সংগ্ৰহ কৰিছিল বুলি জানিব পৰা গৈছে৷ উল্লেখ্য, আই পি এলৰ এই ১৭সংখ্যক চিজনৰ বাবে সংশ্লিষ্ট তিনিওটা ইঞ্চুৰেন্স কোম্পানীত বিভিন্ন শিতানত সৰ্বমুঠ ১০ হাজাৰ কোটি টকা বীমা কৰা হৈছিল৷ কিন্তু দেওবাৰে বৰষুণৰ বাবে বৰ্ষাপাৰাৰ হাইভল্টেজ  মেচখন বাতিল হোৱাত ৰাজহ লোকচানৰ পৰিপ্ৰেক্ষিতত ফেঞ্চাইজীৰ মালিকপক্ষই বীমা কোম্পানীৰ ওচৰত আপীল কৰিবলৈ সাজু হৈছে৷ ৰাজস্থান ৰয়েল্‌ছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ বৰ্ষাপাৰাৰ হাইভল্টেজ  মেচখন বৰষুণৰ বাবে বাতিল হোৱাত আই পি এল কতৃৰ্পক্ষই আন এটা বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ সেই অনুসৰি মেচ উপভোগ কৰিবলৈ অহা দৰ্শকসকলক টিকটৰ মূল্য ওভোটাই দিয়া হ’ব৷ আইপিএল কতৃৰ্পক্ষই সদৰী কৰা অনুসৰি বুধবাৰৰ পৰা দৰ্শকসকলক টিকটৰ সম্পূৰ্ণ মূল্য ওভোটাই দিয়া প্ৰক্ৰিয়া আৰম্ভ হ’ব৷ এই প্ৰক্ৰিয়া দুটা পৰ্যায়ত কাৰ্যকৰী কৰা হ’ব৷ যিসকল দৰ্শকে অফলাইন প্ৰক্ৰিয়াৰে টিকট ক্ৰয় কৰিছিল তেওঁলোকে নিৰ্দিষ্ট টিকট কাউণ্টাৰসমূহৰ পৰা টিকটৰ মূল্য সংগ্ৰহ কৰিব পাৰিব৷ আনহাতে, যিসকলে অনলাইনযোগে টিকট সংগ্ৰহ কৰিছিল তেওঁলোকে বুক মাই শ্ব’ৰ এপ অথবা ৱেবচাইটযোগে টিকটৰ মূল্য ওভোটাই পাব৷ তথ্য অনুসৰি উক্ত মেচখন উপভোগ কৰাৰ বাবে অনলাইন আৰু অফলাইনযোগে সৰ্বমুঠ ৩৭,৮০০ টিকট বিক্ৰী হৈছিল৷ অৰ্থাৎ আই পি এল কতৃৰ্পক্ষই প্ৰায় ১৩০ কোটি টকাৰ ব্যৱসায় কৰিছিল কেৱল টিকটৰ জৰিয়তে৷ কিন্তু মেচ বাতিল হোৱাত বৰ্ষাপাৰা ষ্টেডিয়াম তথা অসম ক্ৰিকেট সন্থাৰো কিছু পৰিমাণে আৰ্থিক ক্ষতি কৰাৰ সন্দেহ কৰা হৈছে৷ অৱশ্যে অসম ক্ৰিকেট সন্থা তথা বৰ্ষাপাৰাৰ ষ্টেডিয়ামৰ ক্ষেত্ৰত প্ৰকৃত ক্ষতিৰ পৰিমাণ এতিয়ালৈ জানিব পৰা হোৱা নাই৷ অৱশ্যে বীমা কোম্পানীৰ নিয়ম অনুসৰি বিভিন্ন প্ৰাকৃতিক দুৰ্যোগজনিত কাৰণ বা ৰাজনৈতিক নতুবা ৰায়ত আদি কাৰণত খেল বাতিল হ’লেও পিট্‌ছত এটাও বল নপৰিলেহে অৰ্থাৎ খেল আৰম্ভ নহ’লেহে দৰ্শকক টিকটৰ মূল্য ঘূৰাই দিয়াৰ লগে বীমাৰ ধন লাভৰ বাবে চৰ্ত পূৰণ হয়৷ আইপিএলৰ নিয়ম তথা বীমা কোম্পানীৰ হেঁচাৰ বাবে দেওবাৰে বৰ্ষাপাৰাত ৫ অভাৰকৈ হ’লেও মেচখন অনুষ্ঠিত কৰাৰ চেষ্টা চলোৱা হৈছিল যদিও শেষ মুহূৰ্তত সফল নহ’ল৷ যাৰ বাবে আম্পায়াৰৰ সিদ্ধান্তমৰ্মে মেচখন পৰিত্যক্ত ঘোষণা কৰি দুয়োটা দলকে ৰ পইণ্টকৈ ভগাই দিয়া হৈছিল৷ স্বাভাৱিকতেই বৰষুণে বিধিপথালি দিয়াত এতিয়া ৰাজহ লোকচানৰ বাবে ফেঞ্চাইজী ৰাজস্থান ৰয়েল্‌ছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মালিকপক্ষৰ লগতে স্প’নছৰ, বডকাষ্টাৰ্ছ, টীম স্প’নছৰেও প্ৰাপ্য বীমাৰ ধন বিচাৰি আবেদনৰ বাবে সাজু হৈছে৷