Logo
image

ভোটদানৰ তথ্য দিবলৈ নিৰ্বাচন আয়োগৰ অস্বীকাৰ

নতুন দিল্লী, ২৪ মে’: আৰু দুটা পৰ্যায়ৰ পাছতে এইবাৰৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ সম্পূৰ্ণ হ’ব৷ কিন্তু ইয়াৰ মাজতে ভোটদানৰ হাৰক লৈ বিৰোধীৰ মাজত অসন্তুষ্টিয়ে দেখা দিছে৷ এইক্ষেত্ৰত কংগ্ৰেছে নিৰ্বাচনৰ আয়োগৰ ভূমিকাক লৈ প্ৰশ্নও উত্থাপন কৰিছে৷ আনহাতে এডিআৰ অৰ্থাৎ এছ’চিয়েশ্বন ফ’ৰ ডেম’ক্ৰেটিক ৰিফৰ্ম নামৰ সংস্থাটোৱে কোন ভোটগ্ৰহণ কেন্দ্ৰত কিমান ভোটদান হৈছে তাৰ তথ্য সম্বলিত ফৰ্ম ১৭ (চি) প্ৰক্ৰিয়া  শেষ হোৱাৰ লগে লগে আয়োগৰ ৱেব ছাইটত আপলোড কৰাৰ দাবীত উচ্ছতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে৷

এডিআৰৰ উক্ত আবেদন সংক্ৰান্তত উচ্ছতম ন্যায়ালয়ে ১৭ মে’ত নিৰ্বাচন আয়োগলৈ এখন জাননী প্ৰেৰণ কৰে৷ উক্ত জাননী যোগে দেশৰ সৰ্বোচ্ছ আদালতখনে জানিব বিচাৰে যে নিৰ্বাচন আয়োগে কিয় ভোটাৰ টাৰ্ণ আউট বা ক’ত কিমান ভোট পৰিছে  সেই তথ্য জনাব পৰা নাই৷ 


এই সন্দৰ্ভত বৃহস্পতিবাৰে আয়োগে উচ্ছতম ন্যায়ালয়ত ২২৫ পৃষ্ঠাজোৰা এক শপতনামা দাখিল কৰে৷ শপতনামাখনত আয়োগে জনায় যে নিৰ্বাচনী আইন অনুসৰি ভোটগ্ৰহণৰ পাছত একমাত্ৰ প্ৰাৰ্থী আৰু প্ৰাৰ্থীৰ এজেণ্টকহে ক’ত কিমান ভোট পৰিছে সেই তথ্য সম্বলিত ফৰ্ম ১৭ (চি) দিয়াৰ আইনী বিধান আছে৷ তদুপৰি নিৰ্বাচন আয়োগে স্বেচ্ছাই ভোটাৰ টাৰ্ণ আউট বা ভোটৰ সংখ্যা এপ, ৱেব ছাইট আৰু বিভিন্ন প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জনায়৷ সৰ্বোচ্ছ ন্যায়ালয়ত আয়োগক প্ৰতিনিধিত্ব কৰা আইনজীৱী মহেন্দ্ৰ সিং আৰু অমিত শৰ্মাই মুখ্য ন্যায়াধীশৰ বিচাৰপীঠক লগতে জনায় যে ভোটগ্ৰহণৰ দিনা নিৰ্বাচন আয়োগৰ তৰফৰ পৰা দুঘণ্টাৰ মূৰে মূৰে প্ৰাপ্ত ভোটৰ তথ্য অৱগত কৰা হয়৷ অৱশ্যে বিভিন্ন সংবাদ মাধ্যম আৰু টিভি চেনেলসমূহে প্ৰচাৰ কৰা তথ্য বহু সময়ত আয়োগৰ তথ্যৰ তুলনাত বেছি হোৱা দেখা যায়৷ আয়োগে শপতনামাখনত লগতে উল্লেখ কৰে যে যদি ফৰ্ম ১৭ (চি) ৰাজহুৱা হয়, তেন্তে বহুক্ষেত্ৰত তথ্য বিকৃত হোৱাৰ লগতে  প্ৰাৰ্থীৰ বিভিন্ন সমস্যা হ’ব পাৰে৷ তদুপৰি নিৰ্বাচনী ব্যৱস্থাৰ বদনাম হ’ব পাৰে বা আনকি নিৰ্বাচন প্ৰক্ৰিয়া ব্যাহত হোৱাৰ আশংকাও আহি পৰিব পাৰে৷ যাৰ বাবে আয়োগে শপতনামা যোগে স্পষ্ট কৰি দিয়ে যে– কোন কেন্দ্ৰত কিমান ভোট পৰিছে বা ভোটাৰ টাৰ্ণ আউট কিমান সেই তথ্য প্ৰাৰ্থী বা প্ৰাৰ্থীৰ এজেণ্টৰ বাহিৰে কাকো জনোৱাৰ আইনী বিধান নাই৷ 

ইপিনে আয়োগৰ এই স্থিতিৰ পাছতেই আজি কংগ্ৰেছৰ দলৰ মুখ্য কাৰ্যালয়ত দলৰ মুখপাত্ৰ অভিষেক মনু সিংভীয়ে এক সংবাদ মেল সম্বোধন কৰে৷ উক্ত সংবাদ মেলত সিংভীয়ে আয়োগৰ স্বচ্ছতাক লৈ প্ৰশ্ন উত্থাপন কৰাৰ লগতে গণতান্ত্ৰিক ব্যৱস্থাত নিৰ্বাচন আয়োগৰ দৰে নিৰপেক্ষ সংস্থাটোক বিজেপিয়ে ব্যৱহাৰ কৰি থকাৰ অভিযোগ উত্থাপন কৰে৷ তেওঁ কয় যে– যি সমূহ ৰাজ্যত বিজেপিয়ে বেয়া ফল দেখুৱাব পাৰে বা আসন হেৰুওৱাৰ ভয় আছে তাত প্ৰাথমিক আৰু চূড়ান্ত ভোটৰ হাৰৰ মাজত ব্যাপক বিসংগতি হোৱা পৰিলক্ষিত হৈছে৷ আনহাতে কংগ্ৰেছৰ আন এগৰাকী জ্যেষ্ঠ নেতা কপিল ছিব্বালে কয় যে– যদি কিমান ভোট গণনা হৈছে সেই তথ্য লগে লগে জনাব পৰা যায় তেন্তে কোন কেন্দ্ৰত কিমান ভোট পৰিছে সেই তথ্য ৰাজহুৱা কৰাত আপত্তি ক’ত? নিৰ্বাচন আয়োগৰ দৰে স্বতন্ত্ৰ সংস্থা এটাক বিজেপি চৰকাৰে নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰা বা কৰিবলৈ চেষ্টা কৰা কাৰ্য নিঃসন্দেহে গৰিহণাৰ যোগ্য৷ এই অবাঞ্ছিত ঘটনাৰ ফলত সমষ্টিয়ে সমষ্টিয়ে, ভোটকেন্দ্ৰ ভেদে ভোটদানৰ পৰিমাণ অস্বাভাৱিকভাৱে বৃদ্ধি হোৱাৰ আশংকাও নুই কৰিব নোৱাৰি৷