Logo
image

বতৰৰ বতৰা

বিগত তিনিটা দিনত সমগ্ৰ দেশৰ লগতে অসমত প্ৰবাহিত হোৱা গ্ৰীষ্ম বতাহে স্তব্ধ কৰিছে জনজীৱন৷ বিদ্যালয়ত প্ৰচণ্ড গৰমত চটফটাই থকা ছাত্ৰ-ছাত্ৰীৰ স্বাৰ্থত  বিদ্যালয়ৰ পাঠদানৰ সূচী পুৱা ৮ বজালৈ আগুৱাই আনিছে ৰাজ্য চৰকাৰে৷ ৰাজ্যৰ জনজীৱন স্তব্ধ কৰা গ্ৰীষ্ম প্ৰবাহৰ কাৰণৰ ব্যাখ্যা বিভিন্নজনে ইতিমধ্যে আৰম্ভ কৰিছে সামাজিক মাধ্যমত৷ ৰাজ্যত চলি থকা বনজ সম্পদৰ ধংসলীলাৰ হেতুকে অস্বাভাবিক ৰূপত বৃদ্ধি পাইছে তাপমাত্ৰা আৰু ইয়াৰ বাবে প্ৰধানকৈ জগৰীয়া চৰকাৰ৷ ৰাজপথ নিমাৰ্ণৰ নামত লক্ষ লক্ষ বৃক্ষক কাটি পেলোৱা দৃশ্য উপস্থাপন হৈছে সামাজিক মাধ্যমত৷ কিন্তু নিমাত নিশ্চুপ চৰকাৰ৷ ৰাজ্যৰ বিভিন্ন বনাঞ্চলত অবৈধভাৱে চলি  থকা শিলৰ কুৱেৰীবোৰ বন্ধ কৰাত ব্যৰ্থ ৰাজ্যৰ বন বিভাগ৷ পাহাৰৰ মাটি কাটি ৰাজপথলৈ সৰবৰাহ কৰা হাজাৰ হাজাৰ ডাম্পাৰৰ চকাবোৰ ঘূৰিয়েই আছে৷ অথচ জড়তাৰ বান্ধোনৰ পৰা মুক্ত নহ’ল বন বিভাগ৷ ৰাজপথ নিমাৰ্ণৰ বাবে পথৰ দাঁতিত থকা গছবোৰ কটা কাৰ্যৰ প্ৰতিবাদেও তলাব নোৱাৰিলে ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰণক৷

বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী সংস্থাৰ দ্বাৰা প্ৰকাশিত তথ্যমতে ২০০১ চনৰ পৰা ২০২৩ চনলৈ ৰাজ্যখনৰ ৩২৪০০০ হেক্টৰ বনাঞ্চলৰ গছ-গছনি কাটি টহিলং কৰিলে জীৱ শ্ৰেষ্ঠ মানৱে৷ ৰিপু-চিৰাং, কাৰ্বি আংলং, দিহিং পাটকাই, বিহালি আদি সংৰক্ষিত বনাঞ্চলত অবাধ গতিত চলি থকা গছ কটাৰ প্ৰতিযোগিতাখন ৰাজ্য চৰকাৰৰ  নিয়ন্ত্ৰণৰ বাহিৰত৷ ৰাজ্য চৰকাৰে হাজাৰ কোটি টকা ব্যয় কৰি নাগৰিকক বৃক্ষ ৰোপণ কৰিবলৈ কাৰ্যসূচী লয় যদিও বৃক্ষৰ ধ্বংস প্ৰক্ৰিয়াবোৰৰ লগত জড়িত হৈ থকা ব্যক্তিসকলক নিয়ন্ত্ৰণ কৰাৰ নাই একো পদক্ষেপ৷ সত্যটো হৈছে অসমত বৃক্ষ সংৰক্ষণৰ দাবীবোৰ চহৰ নগৰ আদিতেই সীমাবদ্ধ আৰু বনাঞ্চলৰ দাঁতি কাষৰিয়া অঞ্চলবোৰত নাই একো প্ৰভাৱ৷ ৰাইজে নিবাৰ্চিত কৰা জনপ্ৰতিনিধি  সকলেই বনাঞ্চলৰ মাটিত অবৈধভাৱে নিমাৰ্ণ কৰা ধাবা বা ব্যক্তিগত বিনোদনৰ প্ৰাসাদবোৰৰ প্ৰতি আঙুলি টোৱাব নোৱাৰে  প্ৰকৃতিপ্ৰেমী সংগঠনবোৰে ৷ জন প্ৰতিনিধিৰ কৃপাতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত অবৈধভাৱে চলি আছে বালিৰ মহল৷ বন বিভাগৰ কাৰ্যালয়ৰ সন্মুখেদি নিৰ্বিঘ্নে চলি যাব পাৰে কাঠ, শিল বা বালি কঢ়িওৱা ট্ৰাকবোৰ৷ নাই কাৰো প্ৰশ্ন, নাই একো উত্তৰ৷

অসমত বনজ সম্পদৰ ধ্বংসলীলাত কোনবোৰ মানুহ জড়িত আছে বুলি বিচাৰ কৰিলে পোৱা যাব ভয়ংকৰ তথ্য৷ বনাঞ্চলৰ দাঁতি কাষৰীয়া অঞ্চলত বাস কৰা একাংশ নিবনুৱা যুৱক আজি জড়িত হৈছে শিলৰ কুৱেৰী, বালিৰ মহল আৰু গছ কটা বৃত্তিত৷ সংস্থাপনৰ অভাৱত বনজ সম্পদ ধ্বংস কাৰ্যত জড়িত হোৱা এই যুৱকসকলক বাধা দিয়াৰ ক্ষমতা নাই স্থানীয় বন শিবিৰৰ কৰ্মচাৰীৰ৷ বনবিভাগৰ শীৰ্ষ বিষয়াসকলে সকলো কথাই জানে অথচ বিৰত থাকে বনাঞ্চলৰ ধ্বংসলীলা দৰ্শনৰ পৰা৷ বনজ স¥পদৰ সংৰক্ষণ আৰু বিস্তাৰৰ দায়িত্বত থকা চৰকাৰী কৰ্মচাৰীসকলে নিয়মিতভাৱে দৰমহা লাভ কৰিয়েই আছে৷ অথচ বনাঞ্চলৰ ধ্বংস চলাই গৈছে দুিস্কৃতিকাৰীয়ে৷

অসমৰ অতীতৰ সেই সেউজীয়া ধৰণীৰ পৰিৱৰ্তে  বৰ্তমান বৃক্ষবিহীন টকলা পাহাৰ দেখা পোৱাটো সূলভ৷ গুৱাহাটী মহানগৰৰ পাহাৰবোৰ আজি জনাঞ্চললৈ ৰূপান্তৰ হ’ল৷ প্ৰকৃততে ব্যাপক জনবিস্ফোৰণে অধিকাৰ কাঢ়ি নিছে প্ৰকৃতিৰ বৃক্ষবোৰৰ৷ কাটিলে তেজ নোলোৱা  বা প্ৰতিবাদ কৰিব নজনা বৃক্ষৰ অপমৃত্যুৰ ফল আজি প্ৰকৃতিয়ে  ঘূৰাই দিছে জীৱ শ্ৰেষ্ঠ মানৱক৷ গৰমত চটফটাই বৃক্ষৰোপণৰ কথা কোৱা নাগৰিকৰ বাবে বৃক্ষ সংৰক্ষণৰ সজাগতা কোনে আনিব? কিছুদিন পূৰ্বে প্ৰকৃতিৰ প্ৰেমিক যাদব পায়েঙে কোৱা এশাৰী বাক্যৰ প্ৰাসংগিকতা আহি পৰিছে –‘অসমত নাগৰিকে বৃক্ষৰোপণ কৰিব নালাগে, বৃক্ষ নিজে নিজেই গজিব– মাথোঁ বৃক্ষৰ ধ্বংসলীলা ৰোধ কৰক– বৃক্ষৰ সংৰক্ষণ কৰকষ৷’