Logo
image

মিডিয়া-নিৰ্ভৰ হৈ আন্দোলন নহয়

চৰকাৰে বেংকৰ পৰা আৰম্ভ কৰি কোম্পানীলৈকে সকলো বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে৷

তাৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ বাক্য, বক্তব্য তৈয়াৰ কৰিছে, যিবোৰ শুনিলে সকলোৰে ভাল লাগিব৷ অৰ্থাৎ শ্ৰুতিমধুৰ৷ তীব্ৰ প্ৰতিবাদ আৰু বিৰোধ সত্ত্বেও যিহেতু চৰকাৰে কৃষি আইন প্ৰত্যাহাৰ কৰা নাই, সেয়ে চৰকাৰী কোম্পানীত কৰ্মৰতসকলে এটা বিষয় ভালদৰে বুজি পোৱা উচিত যে, তেওঁলোকে আন্দোলন কৰিলে মিডিয়া আৰু ৰাজনীতিকে হাঁহিব৷ যেতিয়া আন কোম্পানীসমূহ শেষ কৰি থকা হৈছিল তেতিয়া এই কোম্পানীসমূহৰ কৰ্মচাৰীৰ গোটসমূহৰ মাজত আন বিষয়ৰ চৰ্চা চলি আছিল৷ চৰ্চা কৰিছিল, নেহৰু মুছলমান আছিল৷ মুছলমানৰ প্ৰতি ঘৃণাৰ ৰাজনীতিৰ চৰ্চাত চৰকাৰী কোম্পানীৰ কৰ্মচাৰী ব্যস্ত হৈ আছিল৷ সেই ৰাজনীতিয়ে সকলোৰে মগজু বিকাৰগ্ৰস্ত কৰি তুলিছিল৷ পৰিৱেশ এনে হৈ পৰিল যে, প্ৰতি দ্বিতীয়জন ৰাজনীতিকে ধাৰ্মিক প্ৰতীকৰ আশ্ৰয় ল’ব পৰা হ’ল৷ তেওঁলোক সমাজৰ সৈতে মিলি থকাত ৰাজনীতি-ধৰ্ম-সমাজ একাকাৰ হৈ পৰিল৷ চৰকাৰে কোনো চৰকাৰী কোম্পানী বেচৰকাৰীকৰণ কৰা ইত্যাদি বিষয়বোৰ সমাজৰ বাবে অমূলক হৈ পৰিল৷

এতিয়া বিশাখাপট্টনম ষ্টীল কোম্পানী বিক্ৰীৰ বিৰুদ্ধে চলি থকা আন্দোলনে ৩৫-৩৬ দিন অতিক্ৰম কৰিছে৷ আন্দোলনকাৰীয়ে কোনো চৰকাৰী নিশ্চয়তা পোৱা নাই৷ ইয়াৰ বাবে  সকলোৱেই জগৰীয়া৷ আমিও জগৰীয়া৷ আপোনালোকে যি মিডিয়াক ওপৰলৈ উঠাইছিল সেই মিডিয়া এতিয়া ৰাক্ষসত পৰিণত হৈছে৷ মিডিয়াৰ ওপৰত নিৰ্ভৰ কৰি আন্দোলন আগবঢ়াই নিয়াৰ প্ৰচেষ্টা আৰু চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰাৰ পৰিকল্পনা এতিয়া অকাৰ্যকৰী৷ সেয়ে সেই আন্দোলনকাৰীসকলেও মিডিয়াৰ ওপৰত নিৰ্ভৰ কৰি লাভ নাই৷ তেওঁলোকে মিডিয়াৰ সৈতে কোনো সম্পৰ্ক স্থাপন কৰিব নালাগে৷ মোৰ সৈতেও নালাগে৷ আপোনালোকে এই আন্দোলনৰ লগতে প্ৰায়শ্চিত্তও কৰক৷ কিয় আন্দোলন কৰিছে সেয়া গভীৰভাৱে চিন্তা কৰক৷ সকলো দলৰে বেচৰকাৰীকৰণৰ প্ৰতি আগ্ৰহ আছে৷ তেনে আগ্ৰহ মোদীজীৰ আনতকৈ অধিক৷ চৰকাৰী কোম্পানী বেচৰকাৰীকৰণক লৈ সামগ্ৰিক চিন্তা, বিচাৰ কি? আপুনি কি কেৱল আপোনাৰ কোম্পানীক লৈয়েই চিন্তিত? কেৱল নিজৰ চাকৰি ৰক্ষা কৰাটোৱেই আপোনাৰ লক্ষ্য? যদি আপোনাৰ লক্ষ্য ইয়াতেই সীমিত, তেন্তে আপুনি নেহৰু-মুছলমান শীৰ্ষক মেছেজ ফৰৱাৰ্ড কৰিবলৈ লাগি যাওক৷

বৌদ্ধিক পতনৰো নিজস্ব সুখ আছে৷ যেতিয়া নিৰ্বাচন আহে তেতিয়া ধৰ্মৰ কথা-বতৰাই আগস্থান পায়৷ আপোনালোকে ধৰ্মৰ বিষয় সহজে গ্ৰহণ কৰাৰ বাবে ৰাজনীতিকৰ সুবিধা হয়৷ ধৰ্মৰ যোগেদি আৰু আপোনালোকৰ জৰিয়তে তেওঁলোকে ৰাজনীতি কৰিবলৈ সুযোগ পায়৷ সেই সুবিধা আপোনালোকেই দি আছে আৰু ৰাজনীতিকে তাৰ পৰা লাভালাভ অৰ্জন কৰি আছে৷ যেতিয়ালৈকে আপোনালোকে এনে সুবিধা দি থাকিব তেতিয়ালৈকে ৰাজনীতিকে তাৰ সুবিধা লৈ আপোনালোকক পৰিচালনা আৰু বিক্ৰী কৰি থাকিব৷