Logo
image

ছেবা, কাউঞ্চিলৰ পৰা চিবিএছই, নীটলৈ...

‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৪ জুন : কি পৰীক্ষাত গণ্ডগোল নহয়? ৰাজ্যিক ব’ৰ্ডৰ পৰীক্ষাই হওক বা ৰাষ্ট্ৰীয় ব’ৰ্ডৰ পৰীক্ষাই হওক– সকলো ব’ৰ্ডৰ পৰীক্ষাতে মাজে-সময়ে কিবা নহয় কিবা গণ্ডগোল হয়েই৷ ছেবা বা কাউঞ্চিলৰ পৰাই হওক, বা চিবিএছইৰ পৰীক্ষাই হওক, সকলো ধৰণৰ পৰীক্ষাতে মাজে সময়ে গণ্ডগোল হয়৷ পৰীক্ষাত হোৱা গণ্ডগোলৰ সূত্ৰেই এইবাৰ দেশজুৰি চৰ্চাৰ বিষয় হৈ পৰিছে এনটিএ আৰু এই ব’ৰ্ডে আয়োজন কৰা নীট পৰীক্ষা৷ উল্লেখ্য, অসম মাধ্যমিক শিক্ষা পৰিষদ [ছেবা] আৰু উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদে [কাউঞ্চিল] অনুষ্ঠিত কৰা ক্ৰমে হাইস্কুল আৰু উচ্ছতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা তথা ফলাফলত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ সততে উত্থাপিত হৈ আহিছে যদিও এইবাৰ নেচনেল টেষ্টিং এজেন্সি [এনটিএ]-য়ে অনুষ্ঠিত কৰা চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষা নীট-ইউজিত হোৱা অনিয়মে সমগ্ৰ দেশ তোলপাৰ লগাইছে৷ এই অনিয়মৰ অভিযোগে উচ্ছতম ন্যায়ালয়ৰ মজিয়া পাইছেগৈ৷ অল ইণ্ডিয়া ডেমক্ৰেটিক ষ্টুণ্ডেণ্ট ইউনিয়নৰ সূত্ৰই প্ৰকাশ কৰা মতে নীট পৰীক্ষাৰ ফলাফল ১৪ জুনত ঘোষণা কৰাৰ কথা আছিল যদিও লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনাই অৰ্থাৎ ৪ জুনত আকস্মিকভাৱে এই ফলাফল ঘোষণা কৰা হয়৷ পূৰ্ব নিৰ্ধাৰিত সূচীৰ পৰা ১০ দিন আগুৱাই দেশবাসী লোকসভাৰ নিৰ্বাচনী ফলাফলত ব্যস্ত থকাৰ দিনাই এই পৰীক্ষাৰ ফলাফল ঘোষণাৰ ৰহস্য কি বুলি সূত্ৰটোৱে প্ৰশ্ন কৰিছে৷ আনহাতে এইবাৰৰ ফলাফলত ৬৭জন পৰীক্ষাৰ্থীয়ে সৰ্বোচ্ছ ৭২০ নম্বৰ লাভ কৰে৷ ইয়াৰ বিপৰীতে যোৱা বছৰ মাত্ৰ দুজন ছাত্ৰইহে সৰ্বোচ্ছ নম্বৰ লাভ কৰিছিল৷ আনহাতে হাৰিয়ানাৰ এটা কেন্দ্ৰত অৱতীৰ্ণ হোৱা ক্ৰমাগত ছজন পৰীক্ষাৰ্থীয়ে সৰ্বোচ্ছ নম্বৰ লাভ কৰে৷ এইটো এক অস্বাভাৱিক ঘটনা বুলিও সূত্ৰটোৱে দাবী কৰিছে৷ একেদৰে বহুসংখ্যক পৰীক্ষাৰ্থীয়ে ৭১৮-৭১৯ নম্বৰ লাভ কৰে৷ এই লৈ প্ৰবল বিৰোধিতাৰ সন্মুখত পৰি নেচনেল টেষ্টিং এজেন্সিয়ে ১৫০০ ৰো অধিক ছাত্ৰ-ছাত্ৰীক গ্ৰেচ মাৰ্ক দিয়া বুলি ঘোষণা কৰে৷ কিন্তু এই পৰীক্ষাত গ্ৰেচ মাৰ্ক দিয়াৰ কোনো নিয়ম নাছিল বুলি অল ইণ্ডিয়া ডেম’ক্ৰেটিক ষ্টুডেণ্ট ইউনিয়নৰ সূত্ৰই সদৰী কৰিছে৷ আনহাতে নীট পৰীক্ষা অনুষ্ঠিত হোৱাৰ পূৰ্বে প্ৰশ্ন কাকত ফাদিল হোৱাৰো অভিযোগ উঠিছিল৷ এই সন্দৰ্ভত পাটনাত কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰা হৈছিল৷ কিন্তু নেচনেল টেষ্টিং এজেন্সিয়ে প্ৰশ্ন কাকত ফাদিল হোৱাৰ অভিযোগ স্বীকাৰ নকৰাত অভিযুক্তসকল সাৰি যাবলৈ সক্ষম হয়৷ কিন্তু ফলাফল ঘোষণাৰ পাছতে অনিয়মৰ অভিযোগে দেশ উত্তাল কৰি তুলিছে৷ প্ৰতিবাদত বহিছে বঞ্চিত ছাত্ৰ-ছাত্ৰীসকল৷ নামি-দামী ক’চিং চেষ্টাৰৰ সৈতে গোপন মিতিৰালিৰে এই অনিয়ম সংঘটিত কৰাৰো অভিযোগ উঠিছে৷ এই অনিয়ম সন্দৰ্ভত ৰ জুনত উচ্ছতম ন্যায়ালয়ত দাখিল কৰা এখন আৱেদন সন্দৰ্ভত মঙলবাৰে শুনানী গ্ৰহণ কৰে৷ উল্লেখ্য, উচ্ছতম ন্যায়ালয়ত মেডিকেলৰ কাউন্সেলিং বন্ধ ৰাখিবলৈ আৱেদন জনোৱাৰ লগতে বিহাৰ আৰু ৰাজস্থানৰ পৰীক্ষা কেন্দ্ৰত ভুল প্ৰশ্ন কাকত  বিতৰণ কৰাৰ ফলত বিশৃংখলতাৰ সৃষ্টি হোৱা বুলি অভিযোগ তুলি পৰীক্ষা বাতিল কৰা আৰু বিশেষ তদন্তকাৰী গোটৰ দ্বাৰা ইয়াৰ তদন্তৰ দাবী জনোৱা হয়৷ সেয়ে উচ্ছতম ন্যায়ালয়ে এনটিএ-ৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন কৰে৷ অৱশ্যে, পৰীক্ষাৰ ফলাফল বাতিল কৰিবলৈ উচ্ছতম ন্যায়ালয়ে অস্বীকাৰ কৰে৷ তদুপৰি, নামভৰ্তিৰ বাবে কাউন্সেলিং বন্ধ কৰিবলৈও উচ্ছতম ন্যায়ালয়ে অস্বীকাৰ কৰে৷ সেয়ে হ’লেও উচ্ছতম ন্যায়ালয়ে গ্ৰেচ মাৰ্ক বাতিল কৰা বুলি এক সূত্ৰই সদৰী কৰিছে৷ সেই মৰ্মে যিসকল পৰীক্ষাৰ্থীক গ্ৰেচ মাৰ্ক দিয়া হৈছিল, তেওঁলোকে পুনৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব৷ ন্যায়াধীশ¸ বিক্ৰম নাথ আৰু ন্যায়াধীশ আহছানুুদ্দিন আমানুল্লাৰ বন্ধকালীন বিচাৰপীঠে এনটিএলৈ উত্তৰ বিচাৰি জাননী জাৰী কৰে৷ এনে ঘটনাই নীট-ইউজিৰ বিশ্বাসযোগ্যতা প্ৰভাৱান্বিত কৰিছে আৰু পৰীক্ষাৰ পৱিত্ৰতা ক্ষতি কৰিছে বুলি উচ্ছতম ন্যায়ালয়ে মত পোষণ কৰে৷ সেয়ে এনটিএৰ পৰা ইয়াৰ উত্তৰ বিচাৰিছে৷ উল্লেখ্য, অসমবাসীয়ে ছেবা আৰু কাউন্সিলৰ বিশ্বাসযোগ্যতা সম্পৰ্কে সততে প্ৰশ্ন উত্থাপন কৰি আহিছিল আৰু সৰ্বভাৰতীয় সংস্থাসমূহৰ প্ৰতি আস্থা পোষণ কৰিছিল৷ সেয়ে বহুসংখ্যক অভিভাৱকে নিজৰ সন্তানক ছেবা আৰু কাউন্সিলৰ পৰিৱৰ্তে চিবিএছই-ত নাম ভৰ্তি কৰোৱাৰ বাবে পছন্দ কৰিছিল৷ আনহাতে পূৰ্বে ৰাজ্যিক স্তৰত অনুষ্ঠিত চিকিৎসাবিজ্ঞানৰ প্ৰৱেশ পৰীক্ষা বাতিল কৰি সৰ্বভাৰতীয় সংস্থা এনটিএক দায়িত্ব দিয়াত অসমবাসীয়ে কোনো প্ৰতিবাদ কৰা নাছিল৷ কিন্তু শেহতীয়াকৈ চিবিএছই, এনটিএ আদিৰ বিৰুদ্ধেও অভিযোগৰ আঙুলি উঠিছে৷ দুবছৰমানৰ পূৰ্বে চিবিএছইৰ পৰীক্ষাৰ ফলাফলত অনিয়মৰ অভিযোগে দেশ তোলপাৰ লগাইছিল৷ এইবাৰ এনটিএৰ নীট পৰীক্ষাৰ ফলাফলে সৰ্বভাৰতীয় সংস্থাসমূহৰ প্ৰতি ৰাইজৰ মোহভংগ ঘটাইছে৷ সেয়ে ৰাজ্যিক স্তৰত এনে পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ বাবে দাবী উত্থাপিত হৈছে৷ এক সূত্ৰই প্ৰকাশ কৰা মতে ছেবা আৰু কাউন্সিলৰ বিৰুদ্ধে সততে অভিযোগ উত্থাপিত হৈ আহিছিল যদিও এনে অভিযোগ আদালতৰ মজিয়া পোৱাগৈ নাছিল অথবা সেয়া প্ৰমাণিত হোৱা নাছিল৷ কিন্তু নীটৰ ফলাফল উচ্ছতম ন্যায়ালয়ৰ মজিয়া পোৱাটোৱেই এই অভিযোগ কিমান গভীৰ সেয়া প্ৰতিপন্ন কৰিছে৷ সেয়ে ৰাজ্যিক স্তৰৰ সংস্থাসমূহক আস্থাত লৈ চিকিৎসাবিজ্ঞানৰ প্ৰৱেশ পৰীক্ষা পুনৰ ৰাজ্যিক স্তৰত অনুষ্ঠিত কৰাৰ বাবে দাবী উত্থাপিত হৈছে৷ আনহাতে ৰাজ্যিক সংস্থাসমূহক মান আৰু বিশ্বাসযোগত্যা অক্ষুণ্ণ ৰখাত সচেষ্ট হোৱাৰ বাবে আহ৩ান জনাইছে৷