Logo
image

কাজিৰঙাত জিলা আয়ুক্ত, আৰক্ষী অধীক্ষকৰে মুখ্যমন্ত্ৰীৰ বৈঠকঃ বন্যপ্ৰাণী সুৰক্ষাৰ বাবে নিয়োগ কৰা হ'ব কামাণ্ডো বাহিনী

'আমাৰ অসম'ৰ কাজিৰঙাৰ প্ৰতিবেদক, ১৫ জুনঃ বিশ্বৰ সৰ্বাধিক এটা খড়্গ থকা গড়ঁৰ বাসস্থান তথা বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক সুৰক্ষিত কৰাৰ উদ্দেশ্যে আৰু আগন্তুক সম্ভাব্য বানপানীৰ সময়ত বন্যপ্ৰাণীৰ নিৰাপত্তা, উদ্ধাৰ আদি সম্পৰ্কে চাৰি মন্ত্ৰী, জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক তথা বন বিভাগৰ উচ্চ পদস্থ বিষয়াৰ উপস্থিতিত শনিবাৰে এক গুৰুত্বপূৰ্ণ সভাত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। কাজিৰঙাৰ বগৰীজুৰিত অৱস্থিত ব্যক্তিগত আইয়ৰা পৰ্যটন নিবাসত অনুষ্ঠিত হোৱা সভাত বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰা, বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, বিত্ত মন্ত্ৰী অজন্তা নেওগৰ উপৰি বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান হৰমিৎ সিং, ৰাজ্যখনৰ মুখ্য সচিব,  বন বিভাগৰ উচ্চ পদস্থ বিষয়া, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চাৰিওকাষে থকা অৰ্থাৎ গোলাঘাট, নগাঁও,  বিশ্বনাথ, কাৰ্বি আংলং আদি জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক সোনালী ঘোষ আদি উপস্থিত থাকে। চাৰি মন্ত্ৰী, উচ্চ পদস্থ বিষয়াৰ উপস্থিতিত মুখ্যমন্ত্ৰীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সম্ভাব্য বান প্ৰস্তুতি, বন্যপ্ৰাণীৰ সুৰক্ষা আৰু চোৰাং চিকাৰ প্ৰতিৰোধ ব্যৱস্থাৰ সন্দৰ্ভত পৰ্যালোচনা কৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বিগত বৰ্ষত হোৱা বান পৰিস্থিতি, বানপানীৰ সময়ত ল'বলগা সাৱধানতা, নিৰাপত্তা ব্যৱস্থা, বন্যপ্ৰাণী উদ্ধাৰ, সংৰক্ষণ আদি সম্পৰ্কে সভাত উপস্থাপন কৰে। 

উল্লেখ্য যে ব্ৰহ্মপুত্ৰৰৰ বাঢ়নী পানীয়ে প্ৰতি বছৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানপানীৰ সৃষ্টি কৰে। বানপানীৰ সময়ত ৰাষ্ট্ৰীয় উদ্যানখনৰ গঁড়, হাতী, ম'হ, হৰিণা আদি বন্যপ্ৰাণীৰ নিৰাপদ ঠাই আৰু খাদ্য বিচাৰি হাহাকাৰ কৰি ফুৰে । গঁড়, হাতী, পহুকে ধৰি বহু সংখ্যক বন্যপ্ৰাণীয়ে আশ্ৰয় বিচাৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি দক্ষিণ দিশে থকা কাৰ্বি পাহাৰলৈ ঢাপলি মেলে। বন্যপ্ৰাণীয়ে ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰিবলৈ লওঁতে তীব্ৰ বেগী গাড়ীৰ খুন্দাত মৃত্যুৰ মুখত পৰিবলগীয়া হয়। এইবাৰ যাতে কোনো বন্যপ্ৰাণী তীব্ৰবেগী গাড়ীৰ খুন্দাত মৃত্যু মুখত পৰে তাৰ বাবে সভাত সিদ্ধান্ত লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে সাংবাদিকক জানিবলৈ দিয়ে। অন্যহাতে বানপানীৰ সুবিধা লৈ চোৰাং চিকাৰীয়ে বন্যপ্ৰাণী হত্যা কৰে। এই সম্পৰ্কে সভাত পুংখানুপুংখভাৱে আলোচনা কৰা হয়। আৰক্ষী আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সুৰক্ষাৰ দায়িত্বত থকা কৰ্তৃপক্ষই সুসংসগত সম্পৰ্ক বজাই ৰাখিবলৈ সিদ্ধান্ত লোৱা হয় বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। গতিকে বানপানীৰ সময়ত কাজিৰঙাৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে অতিৰিক্ত তিনিটা কামাণ্ডো বাহিনী নিয়োগ কৰাৰ কথাও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ইয়াৰ উপৰি চলিত মাহত প্ৰশিক্ষণ সমাপ্ত কৰা প্ৰায়  ছশ সুৰক্ষাকৰ্মীক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নিয়োগ কৰাৰ সিদ্ধান্ত লোৱা হ'ব। মুখ্যমন্ত্ৰীয়ে আৰু জানিবলৈ দিয়া মতে, ২০২১ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানপানীৰ সময়ত এখনি পূৰ্ণাঙ্গ পৰ্যালোচনা বৈঠক কৰা হৈছিল। উল্লেখ্য, ২০২১ চনত কাজিৰঙাত এটাও গঁড় হত্যা হোৱা নাছিল। ইফালে ২০২১ চনৰ পিছৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথত বন্যপ্ৰাণীৰ মৃত্যু  ৯ টা লৈ হ্ৰাস পাইছে বুলি মুখ্যমন্ত্ৰীয়ে এক তথ্য দাঙি ধৰে। 


কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত খহনীয়া বৃদ্ধি পাইছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰি কয় যে বিগত বৰ্ষত ৰাষ্ট্ৰীয় উদ্যানখনৰ ১৮০ হেক্টৰ ভূমি ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ গৈছে। গতিকে কাজিৰঙাৰ মাটি হ্ৰাস পাইছে৷ ইয়াৰ কাৰণে জলসিঞ্চন বিভাগৰ বিষয়া, বন বিষয়া তথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্তব্য কৰি অৱসৰ গ্ৰহণ কৰা সঞ্চালকক লৈ এখন সমিতি গঠন কৰা হ'ব। সংশ্লিষ্ট বিভাগে জিঅ' বেগ, ৰক ইনষ্টলেশ্বন আৰু প্ৰি বাচটেড ব্লক পদ্ধতিৰে খহনীয়া ৰোধ কৰি আছে। গতিকে উক্ত সমিতিয়ে এই তিনিটা পদ্ধতিৰ ভিতৰত কোনটো শ্ৰেষ্ঠ সেইটো থিৰাং কৰি দিয়াৰ পিছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিশেষকৈ অগৰাতলি আৰু বাগৰি বনাঞ্চলত প্ৰয়োগ কৰা হ'ব। এই সমিতিয়ে ৪৫ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। 

অন্যহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা টাইগাৰ ৰিজাৰ্ভৰ অন্তৰ্গত বুঢ়াচাপৰিত ইতিমধ্যে আন বন্যপ্ৰাণীৰ লগতে চাৰিটা গঁড় বিচৰণ কৰি আছে। এই অভয়াৰণ্যৰ সুৰক্ষাৰ বাবে এটা কামাণ্ডো বাহিনী নিয়োগ কৰা হ'ব। ব্ৰহ্মপুত্ৰ অতিক্ৰম কৰি উত্তৰ দিশৰ পৰা চোৰাং চিকাৰী কাজিৰঙাত প্ৰৱেশ কৰি গঁড় নিধন কৰি থাকে কাৰণে সুৰক্ষাৰ সুবিধা হোৱাকৈ ২০খন মেৰাইন ইঞ্জিন চালিত নাওৰ যোগান ধৰাৰ কথাও মুখ্যমন্ত্ৰীয়ে সাংবাদিকক জানিবলৈ দিয়ে। ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাৰ মাহে যাতে পৰ্যটকৰ সুবিধাৰ্থে ব্যৱস্থা কৰিব পাৰি তাৰ বাবে চাইক্লিং, বুঢ়াচাপৰিত ভ্ৰমণ আৰু কাজিৰঙাৰ পানবাৰীত চৰকাৰীভাৱে বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ কেন্দ্ৰ নিৰ্মাণ কৰা হ'ব। আজিৰ সভাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সুৰক্ষাৰ বাবে দীৰ্ঘকালীন আৰু মধ্যকালীন দুয়োটা প্ৰস্তাৱ লোৱা হৈছে। উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিগত পৰ্যটন বৰ্ষত পৰ্যটকৰ আগমন  অভিলেখ সৃষ্টি কৰিছে। কৰবেট নেচনেল পাৰ্কক চেৰ পেলাই ৩.২৭ লাখ পৰ্যটকৰ আগমন ঘটিছে। কৰবেট নেচনেল পাৰ্কত ৩.৪ লাখহে পৰ্যটকে ভ্ৰমণ কৰিছে। মুখ্যমন্ত্ৰীয়ে আৰু জানিবলৈ দিয়া মতে, বিগত বৰ্ষত অমৃত বৃক্ষ আচঁনিৰ অধীনত এক কোটি গছ পুলি ৰোপণ কৰাৰ পিছত বৰ্তমান ৯০ লাখ জীৱিত হৈ আছে আৰু এইবাৰো জুলাই মাহৰ শেষত পুনৰ অমৃত বৃক্ষ আচঁনি কাৰ্যকৰী কৰা হ'ব।