Logo
image

আঞ্চলিক দল কোনদিশে ধাৱমান?

অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব লগা নিৰ্বাচনত বিভিন্ন দলৰ প্ৰাৰ্থীসকলৰ নাম ঘোষণাৰ পাছত প্ৰাৰ্থিত্বক লৈ সংঘাত-বিতৰ্ক, ৰাতিটোৰ ভিতৰতে দলীয় আদৰ্শ জলাঞ্জলি দি টিকটৰ বাবে আন দললৈ ঢাপলি মেলা বা নিৰ্দলীয় প্ৰাৰ্থী ৰূপে মনোনয়ন দাখিল আদিকে ধৰি বিভিন্ন নিৰ্বাচনকেন্দ্ৰিক ঘটনা-পৰিঘটনাই পৰিস্থিতি উত্তপ্ত কৰি ৰাখিছে৷ ১৯৮৫ চনতে ৮৫৫ জন শ্বহীদৰ ত্যাগৰ বিনিময়ত গঠিত বৰ্তমান বিজেপি দলৰ মিত্ৰজোঁটৰ অংশীদাৰ আঞ্চলিকতাবাদৰ ধবজাবাহী [?] অগপ দল, ‘কা’ আন্দোলনৰ পটভূমিত জন্ম হোৱা ৰাইজৰ দল, অসম জাতীয় পৰিষদ, আঞ্চলিক গণ মৰ্চা আদিৰ কাণ্ড-কাৰখানাই এইবাৰ অসমৰ ৰাইজক এক দোদুল্যমান স্থিতিত উপনীত কৰাইছে৷ অগপৰ কথাকে ধৰা যাওঁক৷ অবৈধ বিদেশী বহিষ্কাৰ, খিলঞ্জীয়াৰ সুৰক্ষাক আধাৰ কৰি অসম চুক্তিত সাক্ষৰ কৰা আন্দোলনকাৰী নেতৃত্বই পৰৱৰ্তী সময়ত দুবাৰকৈ শাসনত অধিষ্ঠিত হ’ল যদিও মূৰকত কি হ’ল সেয়া সকলোৰে জ্ঞাত৷ এতিয়া সেইবোৰ দাবী অগপই ধোঁৱাচাঙত তুলিলে৷ ‘কা’ আন্দোলনৰ সময়ত দোধোৰ-মোধোৰ স্থিতিতে পাছত ইয়াৰ সপক্ষে ভোটদান কৰা দলটোৰ আজি এনে অৱস্থা হ’ল যে নিজৰ দলৰ প্ৰাৰ্থী কেইজনো দলীয় নেতৃত্বই নিৰ্বাচন কৰিব নোৱাৰে! দিল্লীত বিজেপি-অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ তালিকাখন ঘোষণা কৰাৰ সময়ত তালিকাখন চাবলৈ ডিঙি মেলি মেলি দলৰ সভাপতি, কাৰ্যকৰী সভাপতিয়ে চেষ্টা কৰাটোৱে কি প্ৰতিপন্ন কৰিলে– তাৰ ব্যাখ্যাৰ প্ৰয়োজন আছেনে? বিজেপিৰ ক্ষমতাৱান মন্ত্ৰীয়ে সগৰ্বে ঘোষণা কৰিলে তেজপুৰত অগপৰ প্ৰাৰ্থীৰূপে পৃথ্বিৰাজ ৰাভাক নিৰ্বাচন কৰাৰ সিদ্ধান্ত বিজেপি দলৰহে৷ অগপৰ অনুৰোধত কৰা হোৱা নাই৷ বিজেপিয়েহে তেওঁক অগপলৈ আনি তেজপুৰৰ টিকট দিছে– এয়া সৰ্বশক্তিমান বিজেপি দলৰ মন্ত্ৰীৰ ভাষ্য৷ আমোদজনক কথা হ’ল ইয়াক মন্ত্ৰীয়ে মুকলিকৈয়ে সংবাদ মাধ্যমত প্ৰকাশ কৰি আজিৰ অগপ দলৰ পুতৌজনক অৱস্থাটোক পুনৰবাৰ উদঙাই দিলে৷ লক্ষণীয়ভাৱে অগপৰ মিত্ৰদল বিজেপিয়ে নতুন মুখৰ আমদানি কৰি দলটোক অধিক শক্তিশালী আৰু প্ৰাসংগিক কৰি তোলাৰ সময়ত অগপ দলৰ নেতৃত্বই দলটোক বিপৰ্যয়ৰ মুখলৈ ঠেলি দিয়া সকলকে বাৰম্বাৰ টিকট প্ৰদান কৰিছে৷ হাড়ে-হিমজুৱে নিজকে আঞ্চলিকতাবাদী বুলি দাবী কৰা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বহু বিতৰ্কিত পৰমানন্দ ৰাজবংশী অগপলৈ আহিছিল যদিও টিকটলৈ অনিশ্চয়তা অহাত ৰাতিটোৰ ভিতৰতে অগপৰ আঞ্চলিকতাবাদক বিসৰ্জন দি গেৰুৱা বসন পৰিধান কৰিলে৷ অসমৰ সচেতন ৰাইজৰ বাবে তেওঁ হাঁহিয়াতৰ পাত্ৰ হৈছে যদিও শাসনৰ গাদী লাভৰ স্বাৰ্থত এইবোৰলৈ তেওঁ কেৰেপকে নকৰে৷ বিজেপিক সাম্প্ৰদায়িক বুলি অভিহিত কৰি এই দলক প্ৰতিহত কৰাৰ স্বাৰ্থত নৱগঠিত ৰাইজৰ দল, অজাপ, গণ মৰ্চাই একত্ৰিতভাৱে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ কথা কৈছিল যদিও দলকেইটাৰ কাম-কাজে অন্য এক ছবিকহে প্ৰতিফলিত কৰিছে৷ বহুকেইটা সমষ্টিত অজাপ, ৰাইজৰ দলে পৰস্পৰৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব প্ৰক্ষেপৰ ফলত বিজেপি যে লাভৱান হ’ব সেয়া নিশ্চিত৷ আন্দোলনকাৰী সংগঠনে ৰাজনীতিলৈ আহি পৰিৱেশ, পৰিস্থিতিৰ লগতে ৰাইজৰ মানসিকতাক সঠিকভাৱে অনুধাৱন কৰি ৰাজনৈতিক দল হিচাপে কেনেদৰে কাৰ্যনিৰ্বাহ কৰিব লাগে তাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন দল ‘আপ’এ৷ এই দিশত সফল হোৱাৰ বাবেই দেশৰ হৃৎপিণ্ড দিল্লীত চৰম প্ৰতিৰোধ সত্ত্বেও এই দলে ধাৰাবাহিকভাৱে নিৰ্বাচনত জয়লাভ কৰি আছে৷ কিন্তু অসমৰ নৱগঠিত আঞ্চলিক দলসমূহে এইবোৰ কথা শিকা নাই৷ এই আঞ্চলিক দলবোৰৰ মাজত আদৰ্শগত পাৰ্থক্য থাকিব পাৰে, কিন্তু মূল বিষয়কেইটাত নৱগঠিত দলকেইটাৰ ঐক্যমত্য আছে৷ তাৰ আধাৰতে দলকেইটাই নিৰ্বাচনী যুঁজত একত্ৰিত হৈ অৱতীৰ্ণ হোৱাটো প্ৰয়োজন আছিল৷ ৰাইজৰ দল, অজাপৰ কেইবাজনো নেতাই এতিয়াও পূৰ্বৰ ‘এক্টিভিষ্ট’ [আন্দোলনকাৰী]ক চৰিত্ৰকে অব্যাহত ৰাখিছে৷ ৰাজনীতিত যোগদানৰ পাছত নিজকে পৰিপক্ক ৰাজনৈতিক নেতা হিচাপেহে তেওঁলোকে প্ৰক্ষেপ কৰাটো প্ৰয়োজন, সেই কথা তেওঁলোকে এতিয়াও উপলব্ধি কৰা নাই৷ মুঠতে সৰ্বদিশৰ পৰা আঞ্চলিকতাবাদক লৈ জন্ম হোৱা দলসমূহে ৰাইজৰ মনত আশাৰ সঞ্চাৰ কৰিব পৰা নাই৷ দুই মে’ৰ দিনাই এইবোৰ জল্‌জল-পট্‌পট হৈ পৰিব৷