Logo
image

‘নীট’ৰ একোখন প্ৰশ্নকাকত বিক্ৰী হৈছিল ৩০ লাখ টকাত

নতুন দিল্লী, ১৭ জুনঃ চিকিৎসক হোৱাৰ সপোন লৈ পৰীক্ষাথ¹সকলে নীট পৰীক্ষাত অৱতীৰ্ণ হয়৷ ইয়াৰ বাবে বছৰি লাখ লাখ পৰীক্ষাৰ্থীয়ে দিনে-নিশাই কষ্ট কৰে৷ প্ৰতিটো মিনিট, প্ৰতিটো ঘণ্টা কিতাপৰ সৈতে থাকে নীটৰ পৰীক্ষাৰ্থীসকল৷ অথচ, এই পৰীক্ষাতেই ইমান বৃহৎ কেলেংকাৰি৷ নীটত হোৱা দুৰ্নীতি কেইবাহাজাৰ কোটি টকাৰ হ’ব বুলি একাংশই ধাৰণা কৰিছে৷ এটা এটা অঞ্চলৰ পৰা যি অভিযোগ আহিবলৈ ধৰিছে সেয়া একত্ৰিত কৰিলেই নীটত হোৱা দুৰ্নীতিৰ অংক হয়তো কেইবাহাজাৰ কোটি টকাই হ’ব৷ উল্লেখ্য যে শনিবাৰে বিহাৰ চৰকাৰৰ অৰ্থনৈতিক অপৰাধ শাখাই এই সন্দৰ্ভত এক আভ্যন্তৰীণ প্ৰতিবেদন দাখিল কৰে৷ উক্ত প্ৰতিবেদন অনুসৰি নীট পৰীক্ষাৰ দুৰ্নীতি সাধাৰণ হৈ থকা নাই৷ ইয়াৰ গভীৰতা ভবাতকৈ বহুগুণে বেছি৷ সম্পূৰ্ণ পৰিকল্পিতভাৱে সংঘটিত হৈছে এই বৃহৎ কেলেংকাৰিটো৷ কেইবাটাও পৰ্যায়ত হয় এই কেলেংকাৰি৷ বিহাৰৰ অৰ্থনৈতিক অপৰাধ শাখাই শনিবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেইবাজনো পৰীক্ষাৰ্থীক সোধাপোছাৰ কাৰণে তলব কৰি আনে৷ তাৰ পৰাই ওলাই পৰে যে নীট কেলেংকাৰিত জড়িত চক্ৰটোৱে প্ৰতিখন প্ৰশ্নকাকতৰ বিনিময়ত ১৫ লাখৰ পৰা ৩০ লাখ টকালৈকে সংগ্ৰহ কৰিছিল৷ অকল সেয়াই নহয় প্ৰশ্নৰ উত্তৰ লিখি দিয়াৰ বাবে সৃষ্টি কৰা হৈছিল ‘ছলভাৰ গেং’৷ ইয়াৰ বাবে আকৌ অতিৰিক্তভাৱে ১০ৰ পৰা ১৫ লাখ টকাকৈ দিব লগা হৈছে৷ বিহাৰ আৰক্ষীৰ এটা সূত্ৰই দাবী কৰা মতে কেইবাটাও পৰ্যায়ত হৈছে নীট কেলেংকাৰি৷ ইয়াৰ প্ৰথম পৰ্যায়– প্ৰশ্নকাকত বিক্ৰী৷ বিভিন্ন কোচিং চেণ্টাৰৰ জৰিয়তে অথবা পৰীক্ষাৰ আগমুহূৰ্তত একোটা ছ’চিয়েল মিডিয়া প্লেটফৰ্ম গ্ৰুপ তৈয়াৰ কৰি প্ৰশ্নকাকত বিক্ৰী কৰাৰ ‘অফাৰ’ দিয়া হয়৷ একোখন প্ৰশ্নকাকতৰ দাম ১৫ লাখৰ পৰা ৩০ লাখ টকা৷ অৰ্থাৎ নীট পৰীক্ষাৰ চাৰিওটা বিষয়ৰ প্ৰশ্নকাকত কিনিবলৈ হ’লে ৬০ৰ পৰা ৮০ লাখ টকা৷ ইয়াৰ পাছৰ কামখিনি ‘ছলভাৰ গেঙ’ৰ৷ প্ৰশ্নকাকত হাতত পোৱাৰ পাছতো যদি কোনো পৰীক্ষাৰ্থীৰ আত্মবিশ্বাস নাথাকে, তেন্তে পৰীক্ষাৰ্থীজনক ‘ছলভাৰ গেং-এ’ উত্তৰ লিখি দিয়ে৷


পৰীক্ষা কেন্দ্ৰৰ সৈতে যোগাযোগ স্থাপন কৰি ‘ছলভাৰ গেঙ’ৰ লোকসকলে উত্তৰ লিখি দিয়ে৷ ইয়াৰ বাবে অতিৰিক্তভাৱে ১৫ৰ পৰা ২০ লাখ টকা দিব লগা হয়৷ অৰ্থাৎ সকলো মিলাই পৰীক্ষাৰ্থী এজনক এখন চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তি কৰাৰ সুযোগ দিবলৈ প্ৰায় ৰ কোটি টকা খৰচ কৰিবলগীয়া হয়৷ এনেদৰে কিমানসংখ্যক পৰীক্ষাৰ্থীয়ে নীটত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে সেয়া তদন্তৰ মূল বিষয় হ’ব৷ বিহাৰ চৰকাৰৰ অৰ্থনৈতিক অপৰাধ শাখাৰ ধাৰণা মতে নীট কেলেংকাৰি অকল বিহাৰতেই নহয়, ঝাৰখণ্ড, উত্তৰপ্ৰদেশ, ৰাজস্থান, হাৰিয়ানা, গুজৰাট, ওড়িশা, মধ্যপ্ৰদেশ, কৰ্ণাটকসহ বিভিন্ন ৰাজ্যলৈ বিয়পি পৰিছে৷ ইয়াৰ নেপথ্যত আছে একাধিক কোচিং চেণ্টাৰ আৰু ‘পৰীক্ষা মাফিয়া’৷ উল্লেখ্য আৰক্ষীয়ে ইতিমধ্যে সঞ্জীৱ মুখিয়া আৰু বিট্টু নামৰ দুজনক গ্ৰেপ্তাৰ কৰিছে৷ বিট্টু আৰু সঞ্জীৱ মুখিয়া ‘পৰীক্ষা মাফিয়া’ হিচাপে পৰিচিত৷ যোৱা ২০১৬ চনৰ নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ গোচৰতো উত্তৰাখণ্ডৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল সঞ্জীৱ মুখিয়াক৷ ইপিনে ৫ মে’ত নীট পৰীক্ষা অনুষ্ঠিত হোৱাৰ দিনা পাটনাৰ বিভিন্ন পৰীক্ষাকেন্দ্ৰৰ বাহিৰত প্ৰশ্নকাকতৰ ফটোকপি বিতৰণ হোৱা বুলি আৰক্ষীয়ে অভিযোগ লাভ কৰে৷ তদুপৰি শাস্ত্ৰী নগৰৰ এটা পৰীক্ষা কেন্দ্ৰৰ বাহিৰত ঝাৰখণ্ডৰ নম্বৰপ্লেটযুক্ত এখন গাড়ীৰ পৰা আৰক্ষীয়ে ভালেসংখ্যক এডমিট কাৰ্ড উদ্ধাৰ কৰে৷ আনহাতে চাৰিজন পৰক্ষাথ¹ক সোধা-পোছা কৰি আৰক্ষীয়ে জানিব পাৰে যে তেওঁলোকে পৰীক্ষাৰ আগদিনাই প্ৰশ্নকাকত লাভ কৰিছিল৷ এটা সূত্ৰই দাবী কৰা মতে পৰীক্ষাৰ কেইদিনমান পূৰ্বে এদল ‘পৰীক্ষা মাফিয়া’ই উত্তৰ প্ৰদেশৰ পৰা ৬০ কোটি টকাৰ বিনিময়ত প্ৰশ্নকাকত ক্ৰয় কৰি বিহাৰলৈ আনে৷ ইয়াৰ পাছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি ছিকন্দৰ, যুজবেন্দ্ৰ, অখিলেশ আৰু বিট্টুক গ্ৰেপ্তাৰ কৰে৷ এই ‘পৰীক্ষা মাফিয়া’ কেইজনক জেৰা কৰাত পাটনাৰ এখন বিদ্যালয়ৰ আয়ুসৰাজ নামৰ এজন ছাত্ৰৰ সন্ধান পায়৷ আয়ুসে আৰক্ষীক দিয়া স্বীকাৰোক্তি মতে পৰীক্ষাৰ আগদিনা অৰ্থাৎ ৪ মে’ত তাক খেমনি চ’ক এলেকাত থকা এটা ছাত্ৰাবাসলৈ নিয়া হৈছিল৷ ছাত্ৰাৱাসটোত ইতিপূৰ্বে আন ২৫ জন পৰীক্ষাৰ্থী উপস্থিত আছিল৷ তেওঁলোক সকলোকে প্ৰশ্নকাকত আৰু উত্তৰ বহী দি সেইখিনি নিশাৰ ভিতৰতে মুখস্থ কৰিবলৈ কোৱা হয়৷ পিছদিনা তেওঁলোকক নিয়া হয় পৰীক্ষা কেন্দ্ৰলৈ৷ পৰীক্ষাৰ্থী কেইজনক এইকাৰণেই নিশাটো ছাত্ৰাৱাসতে ৰখা হয়, যাতে প্ৰশ্নকাকত আগতীয়াকৈ লাভ কৰাটো সম্পূৰ্ণ গোপনে থাকে৷ স্বীকাৰোক্তিত আয়ুসে লগতে জনায় যে পৰীক্ষা কেন্দ্ৰত লাভ কৰা প্ৰশ্নকাকত আৰু আগদিনা পোৱা প্ৰশ্নকাকত আৰু উত্তৰবহী আছিল হুবহু৷ ইয়াৰ পাছতে শিৱনন্দন যাদৱ, অনুৰাগ যাদৱ আৰু অভিষেক কুমাৰ নামৰ আৰু তিনিজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ জানিব পৰা মতে, প্ৰতিজন পৰীক্ষাৰ্থীৰ পৰা

‘পৰীক্ষা মাফিয়া’ৰ দলটোৱে ২০ৰ পৰা ৪০ লাখ টকাকৈ আদায় কৰিছিল৷ ইয়াৰ পৰৱৰ্তী সময়ত আৰু ১৯ জনক গ্ৰেপ্তাৰ কৰা হয়৷ এতিয়া বিহাৰ আৰক্ষীয়ে ‘ছলভাৰ গেঙ’ৰ সন্ধান বিচাৰি অনুসন্ধান আৰম্ভ কৰিছে৷ আনহাতে প্ৰশ্নকাকত ফাদিল আৰু পৰীক্ষাত হোৱা অনিয়মৰ তদন্ত চি বি আইৰ দ্বাৰা কৰিব লাগে বুলি উচ্ছতম ন্যায়ালয়ত দাখিল হোৱা একাধিক আবেদনত হিতেশ সিং কাশ্যপ নামৰ এজন আবেদনকাৰীয়ে সমগ্ৰ কেলেংকাৰিটোৰ কেন্দ্ৰবিন্দু গুজৰাটৰ এটা পৰীক্ষা কেন্দ্ৰ বুলি উল্লেখ কৰিছে৷ আবেদনকাৰীজনে গুজৰাটৰ পঞ্চমহলৰ গোধৰাস্থিত এটা কেন্দ্ৰত ওড়িশা, ঝাৰখণ্ড আৰু কৰ্ণাটকৰ দৰে বহিঃৰাজ্যৰ ২৬গৰাকী পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু তেওঁলোকে যাতে চিকিৎসা পাঠ্যক্ৰমত নামভৰ্তি কৰিব পৰাকৈ পৰ্যাপ্ত নম্বৰ লাভ কৰিব পাৰে তাৰ বাবে এটা বিশেষ চক্ৰক ১০ লাখকৈ টকা দিছিল বুলি উল্লেখ কৰিছে৷ ইয়াৰ বাবে এই পৰীক্ষাৰ্থীসকলে গুজৰাটৰ জয় জলাৰাম বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰটোক নিৰ্বাচন কৰিছিল৷ প্ৰশ্নকাকত ফাদিলৰ মূল অভিযুক্ত তুষাৰ ভট্ট নামৰ এজন শিক্ষকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত এই ছাত্ৰ-ছাত্ৰীসকলৰ নামৰ তালিকা এখন সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে৷ গুজৰাট আৰক্ষীয়ে অভিযুক্ত শিক্ষকজনৰ লগতে আন পাঁচজন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে৷ এওঁলোকে পৰীক্ষাৰ ডি ভি আৰৰ তথ্য নষ্ট কৰিছিল৷ আৰক্ষীৰ তথ্য মতে যিসকল পৰীক্ষাৰ্থীয়ে ‘নীট’ পাবৰ বাবে ধনৰ যোগান ধৰিছিল তেওঁলোকৰ নামৰ আগত ক’ড আৰু বিশেষ ৰঙেৰে দাগ দিয়া হৈছিল৷ তদুপৰি তুষাৰ ভট্ট নামৰ শিক্ষকজনে নিৰ্দিষ্ট পৰীক্ষাৰ্থীসকলক নিজৰ নিজৰ অ এম আৰ শ্বীটত জনা প্ৰশ্নৰ উত্তৰ লিখাৰ বাহিৰে বাকীবোৰ উকা কৰি ৰাখিবলৈ দিছিল৷ পৰৱৰ্তী সময়ত পৰীক্ষা কেন্দ্ৰৰ আন একাংশৰ সৈতে সেই অ এম আৰ শ্বীট পূৰণ কৰিছিল তুষাৰ ভট্ট আৰু কেলেংকাৰি চক্ৰটোৰ আন কেইজনমানে৷ আৰক্ষীয়ে তুষাৰ ভট্টৰ উপৰি দুজন অধ্যক্ষকো গ্ৰেপ্তাৰ কৰিছে৷ আৰক্ষীৰ মতে গুজৰাটত একোজন পৰীক্ষাৰ্থীয়ে প্ৰশ্নকাকত সমাধান কৰাৰ বিনিময়ত ১০ লাখ টকাকৈ দিছিল৷ পৰীক্ষা কেন্দ্ৰটোৰ অধ্যক্ষ পুৰুষোত্তম দাসক গুজৰাট আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে৷