Logo
image

ডায়েবেটিছ ৰোগীৰ বাবে পচলা অতি উপকাৰী

কলগছৰ পচলা, পচলাৰ ৰস, কল, কলডিল ঔষধৰ দৰে ব্যৱহাৰ হয়৷ কলগছৰ সৰু পুলি অৰ্থাৎ পচলা পাছলি হিচাপে খোৱা হয়৷ কল পচলা আমাৰ শৰীৰৰ বাবে অতি উপকাৰী৷ এসময়ত কেৱল গ্ৰামাঞ্চলতে পাচলি হিচাপে পচলা ব্যৱহাৰ হৈছিল যদিও আজিকালি চহৰ-নগৰৰ বজাৰতো যথেষ্ট জনপ্ৰিয় এইবিধ পাচলি৷ পচলা খালে  দেহত জমা হোৱা ইউৰিক এচিদ হ্ৰাস পায়৷ কল পচলাত আইৰণ, পটাছিয়াম, ভিটামিন-বি আৰু প্ৰচুৰ পৰিমাণে আঁহ জাতীয় পদাৰ্থ পোৱা যায়৷ তেজৰ দোষ, অম্ল, গেচ, যকৃতৰ দোষ, শ্বাসকষ্ট, কাঁহ-চৰ্দি আদি নিৰাময় কৰে পচলাই৷ আহকচোন কল পচলাত কি কি উপাদান পোৱা যায় আৰু শৰীৰৰ  কাৰণে কিমান উপকাৰী তাৰেই উমান লওঁ–
- ইউৰিক এচিডৰ সমস্যাৰ বাবে কল পচলা অতি উপকাৰী৷ ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰত পচলাই ঔষধৰ দৰে কাম কৰে৷ পচলাত থকা ভিটামিন-‘বি’য়ে ইনচুলিন উৎপন্ন হোৱাত সহায় কৰে৷ কল পচলাত থকা আইৰণ আৰু ভিটামিন-বি গোটে ৰক্তহীনতা দূৰ কৰাত সহায় কৰে৷ 


- পচলাত থকা পটাছিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাৰ লগতে হৃদযন্ত্ৰ আৰু স্নায়ুক সৱল কৰি ৰাখে৷ ফেটি লিভাৰ, জণ্ডিচ আদি লিভাৰজনিত বিভিন্ন সমস্যাত পচলা অতি উপকাৰী৷ 
- পচলাই শৰীৰৰ অলাগতিয়াল বৰ্জ্য পদাৰ্থসমূহ প্ৰস্ৰাৱ আৰু পাইখানাৰ যোগেদি বাহিৰ কৰাত বিশেষভাৱে সহায় কৰে৷ মূত্ৰনলীত সংক্ৰমণ হ’লে পচলা খালে সুফল পোৱা যায়৷ চকুৰ বিভিন্ন সমস্যাৰ বাবে কল পচলা অতি উপকাৰী৷ সেইদৰে ফেটি লিভাৰ, জণ্ডিচত পচলা খালে সুফল পোৱা যায়৷
- কল পচলাই কিডনিত পাথৰ হোৱা প্ৰতিৰোধ কৰে৷ প্ৰস্ৰাৱৰ বিভিন্ন সমস্যাতো পচলা অতি উপকাৰী৷ পেটৰ চৰ্বি, প্ৰস্ৰাৱৰ সমস্যা, লিভাৰৰ সমস্যা, জণ্ডিচ আদি ৰোগৰ বাবে পচলা অতি উত্তম৷
- কলেষ্টৰলৰ সমস্যাত পচলা খালে সুফল পোৱা যায়৷ পচলাত প্ৰচুৰ পৰিমাণে আঁহজাতীয় পদাৰ্থ থকাৰ বাবে কোষ্ঠকাঠিন্যতা দূৰ কৰাত সহায় কৰে৷ কটা ঘাঁৰ তেজ বন্ধ কৰিবলৈ পচলাৰ ৰস লগাব পাৰি৷