Logo
image

বিখ্যাত ফেশ্বন ডিজাইনাৰ কিৰজিদাৰ অনুভৱৰ স্বৰলিপি

বিশ্ব বিখ্যাত ফেশ্বন ডিজাইনাৰ, লেখক কিৰজিদা ৰ’ড্ৰিগুৱেজ পাকস্থলীৰ কেন্সাৰত মৃত্যু হোৱা আগতে তেওঁৰ কিছু অনুভৱ লিখি গৈছে৷ এইখিনি এতিয়া গোটেই বিশ্বতে বহু  চৰ্চিত মূল্যৱান  কথা হিচাপে বিবেচিত হৈছে৷ কিৰজিদাৰ জন্ম হৈছিল ১৯৭৮ চনত নিউ জাৰ্চি আমেৰিকাত আৰু মৃত্যু হয় ২০১৮ চনত৷ চিকিৎসালয়ৰ বিছনাৰ পৰা তেওঁ লিখি যোৱা অনুভৱৰ স্বৰলিপি এনেধৰণৰ– [১] মোৰ গেৰেজত বিশ্বৰ আটাইতকৈ দামী ব্ৰেণ্ডৰ গাড়ী পৰি আছে৷ কিন্তু মই এতিয়া হাস্পতালৰ হুইল চেয়াৰত আৱদ্ধ৷ [২] মোৰ ঘৰত বিশ্বৰ আটাইতকৈ দামী কাপোৰ, জোতা, দামী দামী অনেক বস্তু পৰি আছে, কিন্তু এতিয়া মই হাস্পতালত এখন সাধাৰণ কাপোৰ লৈ বিছনাত পৰি আছোঁ৷ [৩] বেংকত মোৰ অলেখ টকা আছে,কিন্তু সেই টকাই মোক আজি একো সহায় কৰিব পৰা নাই৷ [৪] মোৰ ঘৰটো এটা ৰাজ কাৰেঙৰ দৰে, কিন্তু আজি মই হাস্পতালৰ এখন সৰু বিছনাত পৰি আছোঁ৷ [৫] মই এখন পঞ্চ তাৰকা হোটেলৰ পৰা আন এখন পঞ্চ তাৰকা হোটেললৈ ঘূৰি ফুৰিছিলোঁ, কিন্তু আজি মই হাস্পতালত এটা লেবৰপৰা আন এটা লেবলৈ পৰীক্ষাৰ বাবে দৌৰি ফুৰিছোঁ৷ [৬] মোৰ অ’টগ্ৰাফ ল’বলৈ হেজাৰজনে ভিৰ কৰিছিল,কিন্তু আজি মোৰ অ’টগ্ৰাফ ডাক্তৰে প্ৰেছক্ৰিপশ্যন ৰূপে লিখে৷ [৭] মোৰ চুলিৰ যতন লৈছিল সাত গৰাকী বিউটিচিয়ানে,কিন্তু আজি মোৰ মূৰত চুলি নাই৷ [৮] মোৰ ব্যক্তিগত হেলিকপ্টাৰত গোটেই বিশ্ব ঘূৰি ফুৰিছিলোঁ কিন্তু আজি মোক হাস্পতালত এঠাইৰপৰা আন এঠাইলৈ নিবলৈ দুজন মানুহৰ সহায়ৰ প্ৰয়োজন৷ [৯] মোৰ ঘৰত বিশ্বৰ আটাইতকৈ দামী খাদ্য পৰি আছে কিন্তু মোৰ আজি খাদ্য দুটা পিল আৰু ৰাতি অলপ নিমখীয়া পানী৷

এই ঘৰ, গাড়ী, হেলিকপ্টাৰ, আচবাব, অসংখ্য বেংক একাউণ্ট, খ্যাতি, যশস্যা, একোৱেই মোক সহায় কৰিব পৰা নাই৷ শেষত তেওঁ কৈছে–'I’m going to be Nothing is more true than death.’

হে মোৰ অহংকাৰী দাম্ভিক লোকসকলৰ,তোমালোকে মিছাই কিয় ৰূপ, সৌন্দৰ্য্য, ঘৰ-গাড়ী স্বাৰ্থক লৈ মিছা, ফাঁকি, ষড়যন্ত্ৰ, চক্ৰান্তত কিয় লিপ্ত হৈ আনক আঘাত কৰিছা৷ মৃত্যুৰ শয্যাত সকলো অসাৰ হৈ দেখা দিব৷ পাৰিলে আনক সহায় কৰা নহ’লে আঁতৰত থাকা, অপকাৰ নকৰিবা৷