Logo
image

‘নীট’ দুৰ্নীতিৰ সকলো গোচৰৰ বিচাৰ কৰিব উচ্ছতম ন্যায়ালয়ে

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২১ জুনঃ দেশৰ বিভিন্ন উচ্ছ ন্যায়ালয়ত চলি থকা মেডিকেল কলেজৰ প্ৰৱেশিকা পৰীক্ষা ‘নীট’ৰ অনিয়মৰ সকলো গোচৰত স্থগিতাদেশ জাৰি কৰিছে উচ্ছতম ন্যায়ালয়ে৷ সেই সকলো গোচৰৰ বিচাৰ একেলগে কৰিব সৰ্বোচ্ছ আদালতে৷ এই সম্পৰ্কীয় নিৰ্দেশ জাৰি কৰি বৃহস্পতিবাৰে সৰ্বোচ্ছ আদালতে দেশত বিক্ষিপ্তভাৱে আৰু ভিন ভিন অভিযোগ লৈ চলি থকা সকলো গোচৰ বন্ধ কৰাত নীটৰ পৰীক্ষাৰ্থী আৰু অভিভাৱকে ন্যায় লাভ কৰিব বুলি আশা কৰিছে৷ কিয়নো কেন্দ্ৰীয় চৰকাৰে নীটৰ পৰীক্ষাক লৈ উত্থাপিত অভিযোগক প্ৰয়োজনীয় গুৰুত্ব প্ৰদান কৰা নাই৷ নতুন কাৰ্যকালৰ আৰম্ভণিতে দেশৰ অন্যতম গুৰুত্বপূৰ্ণ এটা পৰীক্ষাৰ পৰিচালনাৰ ক্ষেত্ৰত ব্যৰ্থতা স্বীকাৰ কৰিলে চৰকাৰৰ গাত চেকা লাগিব বুলিয়েও মোদী চৰকাৰে পাৰ্যমানে বিষয়টোৰ পৰা নিজকে নিলগাই ৰাখিছে৷ এনে পৰিপ্ৰেক্ষিতত উচ্ছতম ন্যায়ালয়ে নীট সংক্ৰান্তীয় সকলো গোচৰৰ মীমাংসা কৰিবলৈ লোৱাটো পৰীক্ষাৰ্থীৰ বাবে আশাৰ বতৰা৷ 

নীট পৰীক্ষাৰ দুৰ্নীতিক লৈ লোকসভাৰ নিৰ্বাচনী ফলাফল ঘোষণাৰ পিছ দিনাৰ পৰাই অভিযোগ উঠিছিল৷ একেদিনাই ঘোষণা কৰা হৈছিল নিৰ্বাচনী আৰু নীটৰ ফলাফল৷ তেনে অভিযোগৰ কেইটামান গোচৰ উচ্ছতম ন্যায়ালয়ৰ অৱকাশকালীন বিচাৰপীঠত ন্যায়াধীশ বিক্ৰম নাথ আৰু এছ ভি এন ভাট্টিৰ অধীনত চলি আছিল৷ ইয়াৰ উপৰি দেশৰ  ৭খন উচ্ছ ন্যায়ালয়ত নীট দুৰ্নীতিৰ একাধিক গোচৰ বিচাৰাধীন হৈ আছে৷ বৃহস্পতিবাৰে সেই গোচৰসমূহ স্থগিত কৰে উচ্ছতম ন্যায়ালয়ে৷  ৭খন উচ্ছ ন্যায়ালয়ত চলি থকা সেই সকলো গোচৰ একেলগ কৰি উচ্ছতম ন্যায়ালয়ত শুনানি আৰু বিচাৰ হ’ব৷



নীটত দুৰ্নীতিৰ অভিযোগ উঠাত এই বছৰৰ পৰীক্ষা বাতিল কৰাৰ দাবী উঠিছে৷ তেনে একাধিক আবেদনৰ গোচৰো চলি আছে৷ আদালতৰ তত্ত্বাৱধানত নীট দুৰ্নীতিৰ তদন্তৰ দাবী কৰিছে আবেদনকাৰীয়ে৷ এই সকলো গোচৰৰ ক্ষেত্ৰত উচ্ছতম ন্যায়ালয়ে বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰ আৰু পৰীক্ষা পৰিচালনা কৰা সংস্থা এন টি এক জাননী জাৰি কৰিছে৷ গোচৰৰ পৰৱৰ্তী শুনানি অহা ৮ জুলাইত হ’ব৷ সেইদিনা কেন্দ্ৰ আৰু এন টি এই  উক্ত জাননীৰ কৈফিয়ৎ দিব লাগিব৷ বৃহস্পতিবাৰে উচ্ছতম ন্যায়ালয়ে নীট দুৰ্নীতি সংক্ৰান্তীয় ১৪টা গোচৰৰ শুননি লয়৷ ইয়াৰে ১০ টা গোচৰ তৰিছে ৪৯ জন ছাত্ৰ-ছাত্ৰী আৰু ছাত্ৰ সংগঠন এছ এফ আয়ে৷ বাকী ৪ টা গোচাৰ তৰিছে এন টি এই৷ নীটৰ নামভৰ্তিৰ কাউন্সেলিং এতিয়াই স্থগিত কৰিব বিচৰা নাই সৰ্বোচ্ছ আদালতে৷ তদুপৰি চৰকাৰ আৰু এন টি এৰ পৰা জাননীৰ উত্তৰ নোপোৱালৈকে গোচৰৰ তদন্ত চি বি আইক দিয়াৰ নিৰ্দেশ জাৰি কৰিবলৈ অনিচ্ছুক উচ্ছতম ন্যায়ালয়৷ স্মৰ্তব্য, যোৱা ৪ জুনত লোকসভা নিৰ্বাচনৰ ফলাফল প্ৰকাশৰ দিনাই নীটৰ ফলাফলো প্ৰকাশ কৰা হৈছিল৷ দেখা গৈছিল একেলগে ৬৭ জনে প্ৰথম স্থান অধিকাৰ কৰিছে আৰু মুঠ ৭২০ নম্বৰৰ ভিতৰত তেওঁলোকে ৭২০ নম্বৰ লাভ কৰিছে৷ তেওঁলোকৰ ভিতৰত কেইবাজনো আছিল একেটা কেন্দ্ৰৰে৷ তদুপৰি কিছুসংখ্যক পৰীক্ষাথ¹ক যিদৰে নম্বৰ প্ৰদান কৰা হৈছিল, নিয়ম অনুযায়ী সেয়া সম্ভৱ নাছিল৷ লগে লগে পৰীক্ষাৰ পৰিচালনাত দুৰ্নীতিৰ অভিযোগ উত্থাপিত হয় আৰু সকলোৱে এন টি এক কাঠগড়াত তোলে৷ তেতিয়া এন টি এই জনায় যে প্ৰশ্নকাকত দেৰিকৈ বিতৰণ কৰা কিছুসংখ্যক পৰীক্ষাৰ্থীক গ্ৰেচ নম্বৰ প্ৰদান কৰা হৈছে৷ সেয়ে তেওঁলোকে লাভ কৰা নম্বৰ নিয়মমাফিক হোৱা নাই৷ কিন্তু এন টি এৰ সেই বক্তব্যত আশ্বস্ত নহৈ অনেকেই আদালতৰ কাষ চাপে৷ ক্ৰমাৎ অভিযোগ উঠে পৰীক্ষাৰ আগৰ দিনটোত দেশৰ চাৰিখন ঠাইত ক্ৰমে, গুজৰাট, বিহাৰ, উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাত  ‘পেপাৰ লিক’ হৈছিল৷ সেই অভিযোগ ক্ৰমাৎ  প্ৰমাণিত হোৱাৰ পথত৷ কিয়নো ইতিমধ্যে গ্ৰেপ্তাৰ কৰা কেইজনমান পৰীক্ষাৰ্থীয়ে আগদিনাই প্ৰশ্নকাকত পোৱা বুলি আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে৷ পিছে সেয়া এতিয়াও আদালতত প্ৰমাণ হ’বলৈ বাকী৷