Logo
image

বিজেপি বিধায়কে দিব লাগিব খতিয়ান

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ জুনঃ লোকসভাৰ সদ্যসমাপ্ত নিৰ্বাচনত বিজেপি দলে ৯খন আসন লাভ কৰা পাছত ২০২৬ চনৰ বিধানসভাৰ নিৰ্বাচনক লৈ যেন শংকিত হৈ পৰিছে গেৰুৱা দলটো৷ বিজেপি দলে ৯খন আৰু ইয়াৰ দুই মিত্ৰদল অগপ আৰু ইউ পি পি এলে এখনকৈ আসন লাভ কৰে লোকসভাৰ নিৰ্বাচনত৷ 



১৪ খনৰ ভিতৰত ৯খন আসনতে সন্তুষ্ট থাকিবলগীয়া হোৱাৰ বিষয়টোক কেন্দ্ৰ কৰি বাজপেয়ী ভৱনত যিমান ভূমিকম্পৰ সৃষ্টি হৈছে তাতোকৈ অধিক ভূমিকম্পৰ সৃষ্টি হৈছে গৌৰৱ গগৈৰ জয়ক লৈ৷ যোৰহাট সমষ্টি দখলৰ বাবে মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি দলৰ অধিকাংশ মন্ত্ৰী-বিধায়ক আৰু জ্যেষ্ঠ নেতা সৰ্বশক্তিৰে জপিয়াই পৰিছিল৷ শাসকীয় দলৰ শক্তিশালী নিৰ্বাচনী যুঁজৰ বিপৰীতে গৌৰৱ গগৈ প্ৰায় এককভাৱে প্ৰতিপক্ষৰ বিৰুদ্ধে যুঁজি জয় লাভ কৰে৷ সেয়ে এতিয়া বিজেপিত আৰম্ভ হৈছে হিচাপ দিয়া আৰু হিচাপ লোৱাৰ পৰ্ব৷ ইয়াৰ বাবে শনিবাৰে বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত হয় দুখনকৈ পৰ্যালোচনা বৈঠক৷ এই পৰ্যালোচনা বৈঠকত মন্ত্ৰী-বিধায়কৰ পৰা আদি কৰি নিৰ্বাচনত দায়িত্বত থকা প্ৰতিজন বিষয়ববীয়াই ভোটৰ হিচাপ দাঙি ধৰিব লাগিব৷ ইয়াৰ ওপৰত ভিত্তি কৰিয়ে মুখ্যমন্ত্ৰীয়ে সমস্ত নিৰ্বাচনটোৰ পুংখানুপুংখ পৰ্যালোচনা কৰিব৷ কোনটো সমষ্টিত বিজেপি দলে কম ভোট পালে, বিশেষকৈ বিজেপি বিধায়ক থকাৰ পিছতো কিয় কম ভোট পালে তাৰে খতিয়ান দিব লাগিব মুখ্যমন্ত্ৰীক৷ ভোট কম পোৱাৰ উপযুক্ত কাৰণো ব্যাখ্যা কৰিব লাগিব বিধায়কসকলে৷ 

নিজৰ নিজৰ সমষ্টিত বিধায়কসকলে দলৰ প্ৰাৰ্থীক নিৰ্বাচনত কিমান অগ্ৰগতি দিব পাৰিলে সেই বিষয়ে তথ্য সহকাৰে অৱগত কৰিব লাগিব দলীয় নেতৃত্বক৷ মন্ত্ৰী-বিধায়কৰ ৰিপ’ৰ্ট কাৰ্ডৰ ওপৰত ভিত্তি কৰিয়ে নিৰ্ণয় হ’ব তেওঁলোকৰ ৰাজনৈতিক ভৱিষ্যত৷ কাৰণ ১৫ আগষ্টৰ আশে পাশে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে৷ আনকি ২০২৬ চনৰ নিৰ্বাচনৰ প্ৰস্তুতিত আৰম্ভ হ’ব পৰ্যালোচনা বৈঠকৰ পাছতে৷ দলটোৰ বহু বিধায়কে লোকসভাৰ নিৰ্বাচনত নিজৰ নিজৰ সমষ্টিত যে আশানুৰূপ প্ৰদৰ্শন কৰিব পৰা নাই সেয়া ইতিমধ্যে স্পষ্ট হৈ পৰিছে৷ যাৰ বাবে ২০২৬ চনৰ নিৰ্বাচনত কোনোধৰণৰ ৰিক্স ল’ব বিচৰা নাই মুখ্যমন্ত্ৰীয়ে৷ শনিবাৰৰ পৰ্যালোচনা বৈঠকৰ পাছতে দলতে হওঁক বা চৰকাৰতে হওঁক এক বৃহৎ পৰিৱৰ্তন যে দেখিবলৈ পোৱা যাব সেয়া নিশ্চিত৷