Logo
image

মন্ত্ৰী হ’ব বিশ্বজিৎ দৈমাৰী! অধ্যক্ষ হ’ব নেকি পাটোৱাৰী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ জুনঃ বিধানসভাৰ অধ্যক্ষৰ দৰে সন্মানীয় পদ এৰি এইবাৰ মন্ত্ৰী হ’বলৈ ইচ্ছা প্ৰকাশ কৰিছে বিশ্বজিৎ দৈমাৰী৷ ইয়াৰ বাবে অধ্যক্ষ দৈমাৰীয়ে অব্যাহত ৰাখিছে ৰাজনৈতিক তৎপৰতা৷ বিপিএফৰ পৰা ৰাজ্যসভাৰত সাংসদ হিচাপে সুদীৰ্ঘ সময় দিল্লীত থকা দৈমাৰীয়ে হাগ্ৰামা মহিলাৰীৰ দীৰ্ঘদিনীয়া সংগ ত্যাগ কৰি ৰাজ্যৰ ৰাজনীতিত প্ৰৱেশ কৰে বিজেপিত যোগদান কৰি৷ ২০২১ চনৰ বিধানসভাৰ নিৰ্বাচনত পানেৰী সমষ্টিৰ পৰা নিৰ্বাচিত হৈ অহা দৈমাৰী পৰৱৰ্তী সময়ত অসম বিধানসভাৰ অধ্যক্ষৰ আসনত বহে৷ 



কিন্তু বিধানসভাৰ অধ্যক্ষৰ দৰে সন্মানীয় পদত থকাৰ পাছতো দৈমাৰী এইবাৰ মন্ত্ৰী হোৱাৰ বাবে তৎপৰ হৈ পৰিছে৷ উল্লেখ্য, ১৫ আগষ্টৰ আশে-পাষে মন্ত্ৰীসভাৰ সাল-সলনি আৰু সম্প্ৰসাৰণ ঘটাব বুলি ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পাছতে ৰাজনৈতিকভাৱে অধিক তৎপৰ হৈ পৰিছে অধ্যক্ষ দৈমাৰী৷ বাজপেয়ী ভৱনৰ সূত্ৰৰ মতে বিশ্বজিৎ দৈমাৰীয়ে ইতিমধ্যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক নিজৰ মনৰ এই ইচ্ছা অৱগত কৰিছে৷ উল্লেখ্য, সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ত দৈমাৰীয়ে প্ৰতিনিধিত্ব কৰি অহা পানেৰী সমষ্টি বিলুপ্ত হৈ নতুন সীমাৰে সৈতে টংলা সমষ্টি গঠন হয়৷ টংলা বিধানসভা সমষ্টি দৰং-মঙলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত আৰু নৱগঠিত এই লোকসভা সমষ্টিটোত মুঠ ১১টা বিধানসভা সমষ্টি আছে৷ এই ১১টা বিধানসভা সমষ্টিৰ প্ৰতিনিধিত্ব বৰ্তমান ড॰ শৰ্মা মন্ত্ৰীসভাত নাই৷ সেয়ে অধ্যক্ষ দৈমাৰীয়ে সেই যুক্তিত মন্ত্ৰীপদ লাভৰ বাবে হেঁচা দিছে মুখ্যমন্ত্ৰীৰ ওপৰত৷ লক্ষণীয়ভাৱে বিধানসভাৰ অধ্যক্ষ পদত থকাৰ পাছতো বিশ্বজিৎ দৈমাৰীক বিভিন্ন সময়ত দলীয় কাৰ্যসূচীত উপস্থিত থকা দেখিবলৈ পোৱা যায়৷ 

উল্লেখ্য, মন্ত্ৰিত্বৰ বাবে তৎপৰ হোৱাৰ পূৰ্বে বিশ্বজিৎ দৈমাৰী বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য হোৱাৰ বাবেও যথেষ্ট চেষ্টা চলাইছিল৷ ইয়াৰ বাবে একাধিক বৈঠকো অনুষ্ঠিত হৈছিল অধ্যক্ষ দৈমাৰীৰ ব্যক্তিগত তৎপৰতাত৷ বাজপেয়ী ভৱনৰ সূত্ৰটোৰ মতে বিশ্বজিৎ দৈমাৰীক অধ্যক্ষ পদৰ পৰা নি মন্ত্ৰীসভাত স্থান দিলে খালী হ’বলগীয়া অধ্যক্ষ পদত হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ অন্যতম অভিজ্ঞ আৰু জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক বহুওৱাৰ ৰাজনৈতিক সমীকৰণ চলি আছে৷ সমষ্টি পুনৰ নিৰ্ধাৰণত পাটোৱাৰীয়ে প্ৰতিনিধিত্ব কৰা ধৰ্মপুৰ সমষ্টি নাইকীয়া হোৱাৰ উপৰি নলবাৰী জিলাত পাটোৱাৰীৰ লগতে জয়ন্ত মল্ল বৰুৱাও মন্ত্ৰী হিচাপে আছে৷ একেখন জিলাৰ দুটা সীমামূৰীয়া সমষ্টিৰ দুজনকৈ বিধায়কে মন্ত্ৰীপদত থকা বিষয়টোও দলত চৰ্চাৰ বিষয় হৈ পৰিছে৷ সংসদীয় পৰিক্ৰমা মন্ত্ৰী হিচাপে ইতিপূৰ্বে যথেষ্ট দক্ষতাৰ পৰিচয় দিয়া চন্দ্ৰমোহন পাটোৱাৰীক অধ্যক্ষ পদত বহুৱাই সন্মান দিব বিচাৰিছে বিজেপি দল আৰু চৰকাৰে৷ এতিয়া সময়তহে স্পষ্ট হ’ব অসমবাসীয়ে বিশ্বজিৎ দৈমাৰীক মন্ত্ৰী হিচাপে তথা বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক বিধানসভাৰ অধ্যক্ষ হিচাপে পায় নে নাই৷ অৱশ্যে এই সকলো নিৰ্ভৰ কৰিব মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ চূড়ান্ত সিদ্ধান্তৰ ওপৰত৷